আফগানিস্তানত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক পাকিস্তানৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান আৰু আফগানিস্তানৰ মাজত অব্যাহত আছে সংঘাত। সোমবাৰে নিশা কাবুলৰ এখন হাস্পতালত পাকিস্তানে ভয়ংকৰ বিমান আক্রমণ চলায়। এই আক্ৰমণত অন্ততঃ ৪০০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্রায় ২৫০জন আহত হৈছে। তালিবান প্রশাসনে জনোৱা মতে এই আক্রমণত হাস্পতালখন সম্পূর্ণভাৱে ধ্বংসপ্রাপ্ত হৈছে। ঘটনাস্থলীত উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে আৰু মৃতসকলৰ অধিকাংশই হাস্পতালত ভর্তি ৰোগী আছিল বুলি প্রাথমিকভাৱে জনা গৈছে। জানিব পৰা গৈছে যে কাবুলৰ এই হাস্পতালখন মূলতঃ নিচামুক্তি কেন্দ্র হিচাপে ব্যৱহৃত হৈছিল আৰু সদায়ে ইয়াত ৰোগীৰ ভিৰ থাকে। স্থানীয় সময় অনুসৰি সোমবাৰে নিশা প্রায় ৯ বজাত হঠাৎ পাকিস্তান বায়ুসেনাই আক্রমণ চলায়। ইয়াৰ ফলত সমগ্ৰ হাস্পতালখন ধ্বংসস্তূপত পৰিণত হয়। তালিবান চৰকাৰে জনোৱা মতে, সেই সময়ত হঠাৎ প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায় আৰু সাধাৰণ লোক আতংকিত হৈ পৰে। বহু লোকে সেই সময়ত ৰোজা ভংগ কৰাৰ প্রস্তুতি চলোৱা অৱস্থাত আছিল বুলি জনা গৈছে। তালিবান প্রশাসনৰ উপ-মুখপাত্র হামদুল্লাহ ফিটৰটে জনায় যে ২ হাজাৰ বিছনাযুক্ত এই হাস্পতালখনত পাকিস্তানে আক্রমণ চলাইছে, যাৰ ফলত ইয়াৰ বৃহৎ অংশ সম্পূর্ণভারে ধ্বংস হৈছে। এতিয়ালৈকে ৪০০জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে আৰু অন্তত ২৫০জন আহত হৈছে। উদ্ধাৰকাৰী দলসমূহে জুই নিয়ন্ত্ৰণ কৰি ধ্বংসস্তূপৰ পৰা আন লোকসকলক উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
