আজি আছোঁ কালি নাই – এছ ইছলাম

Pc Unsplash

আজি আছোঁ কালি নাই

এছ ইছলাম শিক্ষক
পঃ মইনবৰী,বৰপেটা

আজি আছো কালি নাই
দেখা মানুহ অকস্মাৎ নেদেখা হয়,
এই মানুহবোৰ ক’লৈ যায়
কোনে কেতিয়া কাক লয়
অলপো জনা নাই।
হে মৃত্যু, তুমি চিৰসত্য
তোমাৰ প্ৰৱল শক্তিৰ প্ৰভাৱত
আমি সবে মৰ্মাহত,
বৈজ্ঞানিক সকল জ্ঞানৰ ভাণ্ডাৰ
তথাপি তোমাৰ লগত তেনেই অপাৰগ।
কত আণৱিক যন্ত্র কৰিছে আৱিষ্কাৰ
তথাপি তোমাৰ লগত পৰাজয়
তুমি নিশ্চয় ক’লাকৌশলী
ধৰিব নোৱাৰোঁ তোমাৰ কৰ্মশৈলী
তোমাৰ কি ৰূপ
নিৰ্বাপিত কৰা জীৱনৰ ধূপ।
তুমি অনন্যা
কাকো লোৱা অকস্মাৎ
কাকো দিয়া কষাঘাত
হে মৃত্যু, তোমাৰ নিষ্ঠুৰ আঘাত
নকৰা যেন মোৰ দুৰ্বল দেহাত।