বিদ্যা
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী,বৰপেটা
বিদ্যা ধন মহাধন
যদি কৰিব পাৰা
ভালকৈ আহৰণ
বিফলে নাযায়
মানৱ জীৱন।
যাৰ আছে জ্ঞান বিদ্যা
বিদ্যাৰ গুনত পায়
সকলোতে জ্ঞানৰ পোহৰ
যাৰ পোহৰতেই হয়
মানৱ জীৱন মহাসুখৰ।
বিদ্যান লোকে পায়
য’তে ত’তে সন্মান
অজ্ঞানীয়ে পায় সকলোতে
কেৱল অপমান।
মানৱ জীৱনত যদি
নাথাকে বিদ্যা ধন
অভাৱ অনাটনত
যায় চিৰদিন।
