ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ

গৌৰৱ গগৈ, আপুনি ৰজাৰ দৰে কথা কোৱা বন্ধ কৰকঃ অখিল গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  জল্পনা-কল্পনাৰ অন্ত পৰিল । বিৰোধী মিত্ৰতাত নাথাকে ৰাইজৰ দল । ৰাইজৰ দললৈ দোষ ঠেলি দি অৱশেষত কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা নহ’ব বুলি স্পষ্ট ইংগিত দিছে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিভিন্ন কাৰণত দুয়োটা দলৰ মাজত মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই বুলি সামাজিক মাধ্যমযোগে কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক লৈ দুৱাৰ মৰাৰ স্পষ্ট ইংগিত দিয়ে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইয়াৰ লগে লগে বহুচর্চিত এই মিত্রতাত একপ্ৰকাৰ যতি পৰিল। সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে উল্লেখ কৰে-  অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো। কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম। উল্লেখ্য যে দুয়োটা দলৰ মাজত মিত্রতাক লৈ বিগত এমাহৰো অধিক সময় ৰাজ্যবাসী অতি উৎকণ্ঠিত হৈ আছে যদিও প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাম্ভিকতা আৰু অহংকাৰী মনোভাবৰ বাবেই ৰাজ্যত বিৰোধী ঐক্য গঠন হোৱা নাই বুলি ৰাজ্যব্যাপী চৰ্চা চলিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও বিভিন্ন সময়ত ৰাজ্যত বিৰোধী ঐক্য গঠনত স্বয়ং গৌৰৱ গগৈয়েই প্রধান বাধা হৈ উঠিছে বুলি মন্তব্য কৰি আহিছে। প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ ইংগিত দি বার্তা দিয়াৰ পিছতে মিত্ৰতা ভংগৰ বাবে অখিল গগৈয়ে পুনৰ গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰজাৰ দৰে কৰা আচৰণকে দোষাৰোপ কৰে। সংবাদ মাধ্যমৰ আগত সমগ্র বিষয়টোক লৈ উষ্মা প্রকাশ কৰি প্ৰতিক্রিয়া প্রকাশ কৰে অখিল গগৈয়ে। অখিল গগৈয়ে কয়- গৌৰৱ গগৈ, আপুনি ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক। গৌৰৱে ৰজাৰ দৰে কথা ক’লে আমি নামানো। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়- গৌৰৱ গগৈয়ে সহানুভূতি পাবৰ কাৰণে আকৌ এখন নাটক আৰম্ভ কৰিছে। আমেৰিকা হৈ গৌৰৱ গগৈয়ে যদি ৰাইজৰ দলক ইৰান বুলি ভাবিছে তেন্তে তেওঁ ভুল কৰিছে। স্বাভিমানী আঞ্চলিক দলটোৰ লগত কেনেকৈ কথা পাতিব লাগে গৌৰৱে বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। তেওঁ নিজৰ দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰি থাকক। কিন্তু আমাৰ দলক তেনেকৈ তেওঁ ৰজাৰ দৰে কথা ক’লে আমি নামানো। গৌৰৱ গগৈয়ে যিদিনা অজাপ, চিপিএম আৰু এপিএইচচিএল দলক লৈ মিটিং দিলে সেইদিনাই তেওঁ আমাৰ এলায়েঞ্চ ভাঙি দিলে। তাৰ পিছত যিদিনা তেওঁ প্রার্থিত্বৰ তালিকা ঘোষণা কৰিলে সেইদিনা আমাক অপমান কৰিলে। এতিয়া কংগ্রেছে কিয় এলায়েঞ্চ ভাঙিলে তাক লৈ ৰাইজে প্রশ্ন কৰাত তেওঁ সহানুভূতি পাবৰ কাৰণে এখন নাটক আৰম্ভ কৰিছে। যদি মিত্ৰতাৰ নামত আলোচনা চলি আছিল কিহৰ কাৰণে ভাঙিলে তাক গৌৰৱে কৈ দিব লাগে। কোনটো ইচ্যুৰ কাৰণে মিত্রতা ভাঙিলে সেই কথা কৈ দিব লাগে গৌৰৱ গগৈয়ে। তেতিয়া হ’লেই তেল আৰু পানী ওলাই যাব। অখিল গগৈয়ে প্রশ্ন উত্থাপন কৰি কয়-আমি হাৰিবৰ কাৰণে তেওঁলোকৰ পৰা আসন ল’ব লাগে নেকি? ৰাইজৰ দলে হাৰিবলগীয়া আসনহে ল’ব লাগে নেকি! কংগ্ৰেছৰ বন্ধুসকলে হাৰিব লাগে আৰু কংগ্ৰেছক জিকাবৰ কাৰণে বাকীসকলে ক্লীনশ্বীট দিব লাগে। এইটোৱে যদি এলায়েঞ্চৰ ধৰ্ম হয়, সেইটোক এলায়েঞ্চ বুলি নকয়। গৌৰৱ গগৈয়ে নিজকে আমেৰিকা বুলি ভাবিছে, আমাক যদি ইৰান বুলি ভাবিছে, ভুল কৰিছে। আমি এটা স্বাভিমানী আঞ্চলিকতাবাদী দল। জাতীয়তাবাদী দল। স্বাভিমানী আঞ্চলিক দলৰ লগত কেনেদৰে কথা পাতিব লাগে গৌৰৱে বুজি পোৱা দৰকাৰ। দুয়োটা দলৰ মিত্ৰতা সন্দর্ভত এনে স্থিতিয়ে স্বাভাৱিকতে বিৰোধী ঐক্য গঠনত ব্যাপক প্রভাৱ পেলাইছে আৰু নির্বাচনলৈ কেইদিনমান থকা অৱস্থাত বিৰোধী ঐক্য গঠন নোহোৱাটোৱে স্পষ্ট কৰিছে।