প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্রদানক লৈ মুখ্যমন্ত্রী

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্রদানক লৈ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা কিছু বিতৰ্কৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে । ডিফুত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী  ড° শর্মাই কয় যে- ন্যায় ন্যায়ালয়েহে দিয়ে, সেয়ে তেওঁ কেতিয়া ন্যায় পাব এই প্রশ্ন ন্যায়ালয়ক সোধা উচিত। কাৰণ ন্যায়াধীশে নির্বাচন নেখেলে। ন্যায়ালয়ৰ আর্গুমেন হয়। যিসকলে ন্যায় বিচাৰে, তেওঁলোকে আদালতত গৈ উকীল লগাব লাগে আৰু আদালতত ভাল আর্গুমেন কৰিব লাগে, আমি কৰাই আছোঁ। কিন্তু ন্যায় নহ’লে ভোট নিদিওঁ এই কথাৰ বিপৰীত দিশটো হ’ল ন্যায়াধীশে ইলেকচন নেখেলে। ন্যায়াধীশে যিহেতুকে ইলেকচন নেখেলে তেওঁক ভোটো নালাগে। গতিকে এইটো ইছ্যু ইলেকচনৰ লগত জড়িত নহয়। ইলেকচন আৰু ন্যায় দুটা বেলেগ বস্তু। ইলেকচন আমিহে খেলিম, আমি ন্যায় দিয়াৰ মালিক নহয়। ন্যায়াধীশ হ’ল ন্যায় দিয়াৰ মালিক। ন্যায়াধীশে ইলেকচন নেখেলে, তেওঁ ইলেকচন খেলিলে ময়েই ভাল পালোঁহেঁতেন। বহুতে জুবিনৰ ন্যায় নহ’লে আমাক ভোট নিদিওঁ বুলি কৈছে। সেয়ে, ন্যায়াধীশে যিহেতু নির্বাচন নেখেলে তেখেতসকলেহে এই কথা জনাব পাৰিব যে কেতিয়া জুবিনে ন্যায় লাভ কৰিব। ইয়াৰ বাবে আন্দোলন কৰাসকলক আদালতলৈ গৈ ভাল উকীল ল’বলৈ পৰামৰ্শ দি আমিও এই ক্ষেত্রত ভাল উকীল লোৱা বুলি উত্তৰ দিয়ে।