কাৰ্বি আংলঙত ২,১০৯ কোটি ব্যয়সাপেক্ষে শতাধিক প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

কাৰ্বি আংলঙত ২,১০৯ কোটি ব্যয়সাপেক্ষে শতাধিক প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-কাৰ্বি আংলঙৰ উন্নয়নৰ যাত্ৰাত আন এক মাইলৰ খুঁটি স্থাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২,১০৯ কোটি টকা ব্যয়সাপেক্ষে জিলাখনৰ আন্তঃগাঁথনি আৰু জনসেৱা খণ্ডত আমূল পৰিৱৰ্তন আনিব পৰা শতাধিক বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তাৰালাংছ’ত অনুষ্ঠিত এক বৃহৎ আভাসীয় কাৰ্যসূচীৰ জৰিয়তে ৮১৬ কোটি টকা ব্যয়সাপেক্ষে মুঠ ৫৪টা প্রকল্প উদ্বোধন কৰাৰ লগতে ১,২৯৩ কোটি টকাৰো অধিক ব্যয়ৰ ৫৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই বিশাল উন্নয়নমূলক যাত্ৰাৰ অংশ হিচাপে চহৰখনৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° শর্মাই ডিফুত ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত খৰছিং তেৰাং ইংজাৰকাপ উৰণ সেতুখনৰ শুভ উদ্বোধন কৰে। ২২৮ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এই উৰণ সেতুখন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য প্রয়াত খৰছিং তেৰাঙৰ নামত উৎসৰ্গা কৰা হৈছে।

এই অত্যাধুনিক আন্তঃগাঁথনিয়ে ডিফু চহৰৰ যান-জটৰ সমস্যা সমাধান কৰাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত এক নতুন মাত্রা প্রদান কৰিব। একেদৰে, পাৰ্বত্য জিলাখনৰ স্বাস্থ্য সেৱাখণ্ডক অধিক শক্তিশালী কৰি তুলিবলৈ ২৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ডিফু কর্কট চিকিৎসা কেন্দ্রটো আজি ৰাইজৰ বাবে উৎসৰ্গা কৰা হয়। এই কেন্দ্রটোত লাইনেক মেচিন, এমআৰআই, পেট চিটি আদিৰ দৰে সকলো আধুনিক চিকিৎসাৰ সুবিধা উপলব্ধ কৰা হৈছে, যাৰ ফলত এই অঞ্চলৰ কেঞ্চাৰ ৰোগীসকলে এতিয়াৰে পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাই, চেন্নাই বা গুৱাহাটীলৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ ঘৰৰ ওচৰতে সুলভ আৰু উন্নতমানৰ চিকিৎসা সেৱা লাভকৰিব পাৰিব। ইয়াৰ উপৰি ডিফুত এখন নতুন বি এছ চি নাৰ্ছিং কলেজো স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰে। অন্যান্য গুৰুত্বপূৰ্ণ প্রকল্পসমূহৰ ভিতৰত আজি কাৰ্বি আংলঙৰ লংভকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুল ৩৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰা হয়, যাৰ কাম আগন্তুক তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। পথ সংযোগৰ ক্ষেত্ৰত কুঠৰীৰ পৰা ডকমকালৈ ২৯৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নতুন পথটোৰ কাম আৰম্ভ কৰাৰ লগতে খেৰণি-জিৰিকিন্দিং আৰু ধনশিৰি-ডিফু সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়।

ইয়াৰ উপৰি পশ্চিম কাৰ্বি আংলঙত এখন আদর্শ স্নাতক মহাবিদ্যালয় উদ্বোধন আৰু ডিফু ক্রীড়া সন্থাৰ খেলপথাৰত এটা ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰা হয়। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই কার্বি আন্দোলনত শ্বহীদবৰণ কৰাসকলৰ পৰিয়ালসমূহক ৫ লাখ টকাকৈ এককালীন আর্থিক অনুদানেৰে শ্রদ্ধা নিবেদন কৰাৰ লগতে প্রথম পর্যায়ত সাহায্য লাভ নকৰা কাৰ্বি কুৰুচাসকলকো ১০ হাজাৰ টকাকৈ সাহায্য প্রদান কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে আজিৰ দিনটো এক বিশেষ আনন্দৰ দিন। গুৱাহাটীত যেনেকৈ উৰণ সেতু নির্মাণ হয়, তেনেকৈয়ে আজি ডিফুৰ দৰে ঠাইতো আধুনিক উৰণ সেতু নির্মাণ কৰাটোৱে জিলাখনৰ দ্রুত পৰিৱৰ্তনৰ নিদৰ্শন দাঙি ধৰিছে।

এতিয়াৰে পৰা পাহাৰীয়া জিলাখনৰ ৰোগীসকলে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৰা-ঢপৰা কৰিব নালাগে, বৰঞ্চ ডিফুতেই উন্নতমানৰ সেৱা লাভ কৰিব। তেওঁ পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি কয় যে আগতে এনে বৃহৎ প্ৰকল্পৰ কল্পনা কৰাটোও অসম্ভৱ আছিল। ৰাস্তা-ঘাটৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে কাজিৰঙাৰ কুঠৰীৰ পৰা ডকমকালৈ নির্মাণ হ’ বলগীয়া পথটোৱে যাতায়াতৰ দূৰত্ব বহু পৰিমাণে লাঘৱ কৰিব। ৰাজ্য চৰকাৰ কাৰ্বি আংলঙৰ উন্নয়নৰ স্বাৰ্থত সদায় দায়বদ্ধ আৰু ১,০০০ কোটি টকাৰো অধিক ব্যয়ৰ এই আঁচনিসমূহে জিলাখনৰ ভৱিষ্যৎ উজলাই তুলিব। এই কাৰ্যসূচীত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, অভিভাৱক মন্ত্রী নন্দিতা গার্লোছা, পৰিষদৰ অধ্যক্ষ ৰাজু টিচু, উপাধ্যক্ষ অভিজিৎ ক্র’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, প্রাক্তন সাংসদ হৰেনছিং বে’, পৰিষদৰ কাৰ্যবাহী সদস্য তথা পাৰিষদসকলকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, পৰিষদৰ প্ৰধান সচিব আৰু জিলা আযুক্তকে ধৰি চৰকাৰী উচ্চপদস্থ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।