অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰঃমুখ্যমন্ত্ৰী

অসমত নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মধ্যপ্রাচ্যত চলা যুদ্ধ সংকটক কেন্দ্ৰ কৰি দেশত ঘৰুৱা ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনাক লৈ সৃষ্টি হৈছে শংকা। এনে শংকাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক আশ্বস্ত কৰি কয় যে অসমত ৰন্ধন গেছৰ নাটনি নহয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়- মই আলোচনা কৰি অৱগত যে ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰত কোনো সমস্যা নাই। ভাৰতে ইতিমধ্যে ৪০খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে। ৰাছিয়াৰ পৰাও তেল-গেছ অনাটো বন্ধ হৈছিল যদিও ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভকৰিছে। মই নাভাবোঁ কিবা সংকট হ’ব বুলি। ক’ভিডৰ সময়ত যেনেকৈ অক্সিজেনৰ অভাৱ হ’ব বুলি যি কথা ওলাইছিল তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰতো প্রধানমন্ত্রীয়ে নিশ্চিতভাৱে সংকট আহিবলৈ নিদিয়ে।