যোৰহাটত ৬৩৭ কোটিৰ প্ৰকল্পৰ ৰ শুভ  উদ্বোধন আৰু শিলান্যাস মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

যোৰহাটত ৬৩৭ কোটিৰ প্ৰকল্পৰ ৰ শুভ  উদ্বোধন আৰু শিলান্যাস মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰু অসমীয়াৰ বাবে বুধবাৰৰ দিনটো এক ঐতিহাসিক দিন। যোৰহাট জিলাৰ আন্তঃগাঁথনি উন্নয়নত এক নতুন মাত্রা প্ৰদান কৰি সৰ্বমুঠ ৬২৭.৭৯ কোটি টকা প্রকল্প ব্যয়সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ  উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ১৭৮ কোটি টকা ব্যয়সাপেক্ষে মণিৰাম দেৱাল-পিয়ালি বৰুৱা উৰণ সেতু, ১৫৯ কোটি টকা প্রকল্প ব্যয়সাপেক্ষে স্বৰাজ উদ্যান, ২৫০ কোটি টকা প্রকল্প ব্যয়সাপেক্ষে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্র, ১৯.৭ কোটি টকা প্রকল্প ব্যয়সাপেক্ষে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পুথিভঁৰাল ভৱন, ইনড’ৰ ষ্টেডিয়াম আৰু ২০০খন বিছনাযুক্ত ছাত্রাবাস, ১ কোটি টকা প্রকল্প ব্যয়সাপেক্ষে মইনাপৰীয়া নামঘৰৰ অতিথিশালা আৰু যোৰহাট জিলা প্রশাসনে প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে গ্ৰহণ কৰা ‘প্রগতি’ শীর্ষক পদক্ষেপ। তদুপৰি মুখ্যমন্ত্ৰীয়ে ১৯.৬ কোটি টকা প্রকল্প ব্যয়সাপেক্ষ বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্রকল্পৰো শিলান্যাস কৰে।

এই উপলক্ষে যোৰহাটৰ বৰুৱা চাৰিআলিত আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই যোৰহাটক অসমৰ শিক্ষা আৰু সংস্কৃতিৰ অভিকেন্দ্ৰ বুলি অভিহিত কৰি কয় যে যোৰহাট নগৰৰ মাজমজিয়াৰ সদাব্যস্ত এ টি ৰোডৰ ওপৰৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙৰ সমীপলৈকে নিৰ্মিত মণিৰাম দেৱান-পিয়ালি বৰুৱা উৰণ সেতুখন আজি যোৰহাটবাসীৰ সেৱাত উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে মহান স্বাধীনতা সংগ্রামী শ্বহীদ মণিৰাম দেৱান আৰু পিয়ালি বৰুৱালৈ শ্রদ্ধা নিবেদন কৰি ‘মণিৰাম দেৱান-পিয়ালি বৰুৱা উৰণ সেতু’ নামেৰে এই উৰণ সেতুখনৰ নামকৰণ কৰা হৈছে। সর্বমুঠ ১৭৮ কোটি টকা ব্যয়সাপেক্ষে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলংলৈকে ১.২৭ কিঃমিঃ দৈর্ঘ্যৰ তিনিলেনযুক্ত এই উৰণ সেতুখন যোৰহাট নগৰৰ যান-জট সমস্যাৰ সমাধান কৰাত সহায়ক হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত শুভ উদ্বোধন কৰা স্বৰাজ উদ্যানখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানীসকলৰ প্ৰতি এক শ্রদ্ধাঞ্জলিৰূপে পৰিগণিত হ’ব। এই সমগ্র উদ্যানখন প্রায় ১৮০ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে। সেই দৃষ্টিভংগীৰ পৰা এই উদ্যানখন অসমৰ আটাইতকৈ বৃহৎ উদ্যান হিচাপে পৰিচিত হ’ব।

গুৱাহাটী নেহৰু পাৰ্কতকৈও এই উদ্যানখনৰ পৰিসৰ চাৰিগুণ বেছি বুলি উল্লেখ কৰি তেওঁ কয় যে ই যোৰহাটৰ সৌন্দৰ্য আৰু ইতিহাসক মহিমামণ্ডিত কৰাত সহায় কৰিব। তেওঁ কয় যে স্বাধীনতা সংগ্ৰামত কাৰাবৰণ কৰা সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে যিটো চেলত কাৰাগাৰৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল, সেই চেলক আজি সংগ্ৰহালয়ৰ আকাৰত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। স্বাধীনতা সংগ্রামী কুশল কোঁৱৰে যি ফাঁচিকাঠত উঠি দেশ মাতৃৰ হকে জীৱন বিসর্জন দিছিল, তাক নৱপ্ৰজন্মৰ বাবে সংৰক্ষণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাধীনতা সংগ্রামী কমলা মিৰি, বেজা বাউৰীলৈও এই স্বৰাজ উদ্যানৰ জৰিয়তে শ্রদ্ধাঞ্জলি নিবেদন কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে আজি ২৫০ কোটি টকা ব্যয়সাপেক্ষ যোৰহাটত শুভ উদ্বোধন কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰটোৱে ইতিমধ্যে দেশৰ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে আমাৰ অসমৰ ইতিহাসত ঐতিহাসিক মালৌ পথাৰত অৱস্থিত পুণ্যতীৰ্থ বৰভেটিৰ বিশেষ গুৰুত্ব আছে। এই পুণ্যতীর্থ বৰভেটিক শান্তি আৰু সমন্বয়ৰ প্ৰতীক হিচাপে গঢ়ি তুলিবলৈ প্রায় ২০ কোটি টকা আবণ্টনেৰে প্ৰকল্প নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। তেওঁ কয় যে নৱমজনা মায়ামৰা বৈষ্ণৱ গুৰু আৰু সত্ৰাধিকাৰ অষ্টভুজ গোসাঁয়ে সত্রখন ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰিছিল।

সেইমতে সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা ৮ লাখ শিষ্যক আমন্ত্ৰণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎ কালত বৰভেটি বন্ধাইছিল। তেওঁ কয় যে আন এক জনশ্রুতি মতে, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মায়ামৰা বৈষ্ণৱসকলৰ শক্তি প্ৰদৰ্শনৰ বাবে মায়ামৰা বৈষ্ণৱ গুৰু সত্ৰাধিকাৰ অষ্টভুজ গোসাঁয়ে শিষ্যসকলক লৈ এই পদক্ষেপ হাতত লৈছিল। সেয়েহে পর্যটন আৰু ঐতিহাসিক দিশৰ পৰা গুৰুত্ব উপলব্ধি কৰি বৰভেটিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে এই নতুন প্রকল্প গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে যোৰহাট জিলা প্রশাসনে উদীয়মান যুৱক-যুৱতীসকলক শৈক্ষিক দিশত অনুপ্রাণিত কৰাৰ বাবে হাতত লোৱা ‘প্রগতি’ শীর্ষক এক পদক্ষেপৰো আজি শুভাৰম্ভণি কৰা হৈছে। ইতিমধ্যে অসমত কেই বাখনো উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট জিলাৰ চিনামৰাত নির্মীয়মাণ উৰণ সেতুখনো শীঘ্ৰে ৰাইজৰ বাবে উৎসৰ্গা কৰা হ’ব।

তেওঁ কয় যে আজি সমগ্র অসমতে বিকাশৰ এক নতুন ইতিহাস সৃষ্টি হৈছে। বিকাশৰ সৈতে ইতিহাস আৰু ঐতিহ্যক সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিগত পাঁচটা বছৰত ৰাজ্য চৰকাৰে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা ব্যক্তিসকলৰ নামত বিভিন্ন প্রকল্প হাতত লৈছে। কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা মহাৰাজ পৃথুলৈ, স্বর্গদেউ চাওলুং চুকাফাৰ পৰা মহাবীৰ লাচিত বৰফুকনলৈ আৰু লোকপ্রিয় গোপীনাথ বৰদলৈৰ পৰা শ্বহীদ কুশল কোঁৱৰ, চিপাহী বিদ্ৰোহৰ নায়ক মণিৰাম দেৱান আৰু পিয়ালি বৰুৱালৈ, আলাবৈ ৰণৰ পৰা ৰংঘৰলৈ আৰু ৰংঘৰৰ পৰা বৰভেটিলৈ অসমৰ ঐতিহ্য, কলা-কৃষ্টি আৰু সংস্কৃতিক এক নতুন ৰূপত নৱপ্ৰজন্মৰ সন্মুখত উপস্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে এক দীর্ঘকালীন প্রচেষ্টা হাতত লৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই কর্মযজ্ঞৰ ফলাফল ৰাইজে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে।

তেওঁ কয় যে বিভিন্ন প্রত্যাহ্বানৰ মাজতো ৰাইজৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদত ৰাজ্য চৰকাৰে বিকাশ আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্রা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। পূর্বে কোনেও কল্পনা কৰিব নোৱাৰা অভিনৱ উন্নয়ন প্রকল্প বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৪ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিলচৰত উপস্থিত হৈ ২২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ শিলচৰ আৰু গুৱাহাটী সংযোগী এক্সপ্ৰেছ হাইবে’ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। ঠিক তেনেদৰে গুৱাহাটী আৰু ডি ব্ৰুগড়ৰ মাজতো এক্সপ্ৰেছ কৰিড’ৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে। ইয়াৰ ফলত ডি ব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু নগাঁৱৰ সৈতে গুৱাহাটীৰ দূৰত্ব বহু পৰিমাণে হ্রাস পাব। শ্ৰীৰামপুৰ আৰু গুৱাহাটীৰ মাজতো এক্সপ্ৰেছ কৰিড’ৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে। আন্তঃগাঁথনিৰ লগতে অসমৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন আনিবলৈ প্রচেষ্টা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা হৈছে। ঠিক একেদৰে অসমৰ চাৰি হাজাৰ হাইস্কুলক ৬ৰ পৰা ৮ কোটি টকাকৈ প্ৰদান কৰি অসমৰ শিক্ষানুষ্ঠানসমূহক ৰূপান্তৰমুখী দিশেৰে লৈ যাবলৈ প্রচেষ্টা গ্ৰহণ কৰা হৈছে।  এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী অজন্তা নেওগ, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ভুবন গামৰ উপৰি গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।