বৰ্ষাপাৰাত আইপিএলৰ ৩খনকৈ হাইপ্রফাইল মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি-২০ ক্রিকেট প্রতিযোগিতা আইপিএলৰ ১৯সংখ্যক সংস্কৰণ। বুধবাৰে বিচিচিআয়ে বিশ্বৰ অন্যতম জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ প্রথম ২০খন মেচৰ সূচী ঘোষণা কৰে। পশ্চিমবংগ, তামিলনাডু আৰু অসমত এপ্রিল-মে’ মাহত নির্বাচন অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ দিন চূড়ান্ত হোৱাৰ পিছতহে ব’ৰ্ডে আইপিএলৰ পৰৱৰ্তী মেচৰ সময়সূচী ঘোষণা কৰিব। ২৮ মাৰ্চৰ উদ্বোধনী মেচখনত অংশগ্রহণ কৰিব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ, বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে। মেচখন এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইফালে, ঘোষণা কৰা ২০খন মেচৰ তিনিখন হাইপ্রফাইল মেচ গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব। গুৱাহাটীত ৩০ মার্চত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুখামুখি হোৱাৰ বিপৰীতে ৭ এপ্ৰিলত ঘৰুৱা দল ৰাজস্থানে মুম্বাই ইণ্ডিয়ানছ আৰু ১০ এপ্ৰিলত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ, বেংগালুৰুৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দীর্ঘদিন ধৰি দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে গুৱাহাটীত খেলি অহা ৰাজস্থানে প্রথম চাৰিখন মেচৰ তিনিখন মেচ বর্ষাপাৰাত খেলিব। মন কৰিবলগীয়া যে প্ৰথম অৱস্থাত প্ৰতিটো দলৰ চাৰিখন মেচৰ সময়সূচী ঘোষণা কৰা হৈছে। ব’র্ডে ঘোষণা কৰা আইপিএলৰ প্ৰথম ২০খন মেচৰ সময়সূচী হ’ল- ২৮ মার্চ বেংগালুৰ-হায়দৰাবাদ (বেংগালুৰু); ২৯ মার্চ মুম্বাই-কলকাতা (মুম্বাই); ৩০ মার্চ ৰাজস্থান-চেন্নাই (গুৱাহাটী); ৩১ মার্চ পঞ্জাব-গুজৰাট (মুল্লানপুৰ); ১ এপ্রিল লক্ষ্ণৌ-দিল্লী (লক্ষ্ণৌ); ২ এপ্রিল কলকাতা-হায়দৰাবাদ (কলকাতা); ৩ এপ্রিল চেন্নাই-পঞ্জাব (চেন্নাই); ৪ এপ্রিল দিল্লী-মুম্বাই (দিল্লী), গুজৰাট-ৰাজস্থান (আহমেদাবাদ); ৫ এপ্রিল হায়দৰাবাদ-লক্ষ্ণৌ (হায়দৰাবাদ), বেংগালুৰু-চেন্নাই (বেংগালুৰু) ৬ এপ্রিল কলকাতা-পঞ্জাব (কলকাতা); ৭এপ্রিল ৰাজস্থান-মুম্বাই (গুৱাহাটী); ৮ এপ্রিল দিল্লী-গুজৰাট (দিল্লী); ৯ এপ্রিল কলকাতা-লক্ষ্ণৌ (কলকাতা); ১০ এপ্রিল ৰাজস্থান-বেংগালুৰু (গুৱাহাটী); ১১ এপ্রিল পঞ্জাব-হায়দৰাবাদ (মুল্লানপুৰ), চেন্নাই-দিল্লী (চেন্নাই) আৰু ১২ এপ্রিল লক্ষ্ণৌ-গুজৰাট (লক্ষ্ণৌ), মুম্বাই-বেংগালুৰু (মুম্বাই)।
