জীৱন সঠিক সিদ্ধান্তৰ ওপৰত
মুজাম্মেল হ’ক
গুৱাহাটী
ওচৰত থাকেহি ৰাতি তোমাৰ স্মৃতি
কজানানে সেয়ে নিতৌ হৈছে টোপনি ক্ষতি
টোপনিক দিয়া খেদি
নোকোৱা যে শব্দ ভেদি
স্থবিৰ হ’ল শুনা মোৰ দুৰ্বাৰ গতি।
টোপনিতে অহা-যোৱা বতৰা মনৰ
যিটো হৈছে সপোন অনুপাতে জ্ঞানৰ
সিদ্ধান্তত হ’ল অন্ত
প্ৰেমৰ সীমা দিগন্ত
সঁচা প্ৰেম মানেই উন্নতি জীৱনৰ।
এটা ভুল সিদ্ধান্ত মানে শেষ জীৱন
শুদ্ধ হ’লে সুন্দৰ জীৱন আৱাহন
শুনা-শুনা ডেকা বন্ধু
গুচোৱা মন-এলান্ধু
সত্য পথ-যাত্ৰী সত্যৰে অৱগাহন।
