উত্তৰ-পূবৰ দীর্ঘতম মহাৰাজ পৃথু উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ দীঘলীপুখুৰী আৰু নুনমাটি সংযোগী ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেনযুক্ত উত্তৰ-পূবৰ দীর্ঘতম মহাৰাজ পৃথু উৰণ সেতু আনুষ্ঠানিকভাবে মুকলি কৰি ৰাইজৰ সেৱাত উৎসর্গা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বখটিয়াৰ খিলজীৰ দৰে নৃশংস আক্রমণকাৰীক পৰাস্ত কৰি জাতীয় স্বাভিমান ৰক্ষা কৰা কামৰূপৰ পৰাক্ৰমী মহাৰাজ পৃথুৰ প্ৰতি সন্মান প্রদর্শন কৰি এই সেতুখন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এটা জাতিয়ে যেতিয়া নিজৰ ইতিহাস আৰু শিপাক পাহৰি যায়, তেতিয়া সেই জাতি নিজৰ সত্তাৰ পৰা বিচ্ছিন্ন হয়। কামৰূপৰ পৰাক্ৰমী ৰজা মহাৰাজ পৃথুৱে ১২০৬ চনত কানাই বৰশী বোৱা শিলালিপিৰ সাক্ষীস্বৰূপে বখটিয়াৰ খিলজীৰ দৰে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰা নৃশংস আক্রমণকাৰীক পৰাস্ত কৰি জাতীয় স্বাভিমান ৰক্ষা কৰিছিল। লাচিত বৰফুকন, কুমাৰ ভাস্কৰ বৰ্মা আৰু মহাৰাজ পৃথুৰ দৰে বীৰসকলৰ আদৰ্শই অসমৰ নৱপ্ৰজন্মক সদায় অনুপ্রাণিত কৰি ৰাখিব। তাৰ পাছতে বিশাল জনসমুদ্ৰৰ মাজত চানমাৰিত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাইজক উদ্দেশ্যি কয় যে মহানগৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এই উৰণ সেতুখন এক বিশেষ উপহাৰ। সেতুখনে ভৱিষ্যতে মহানগৰবাসীয়ে সন্মুখীন হৈ অহা ভয়ংকৰ যান-জটৰ সমস্যা বহুলাংশে সমাধান কৰিব। মুঠ ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ ৪.২ কিলোমিটাৰ অংশৰ কাম সম্পন্ন হৈছে আৰু বাকী থকা ৩০০ মিটাৰ অংশত ৰাজগড় ৰে’ললাইনৰ ওপৰেদি এটা অতিৰিক্ত বাহু তথা গুৱাহাটী ক্লাবৰ পৰা উজান বজাৰৰ ফালে আন এটা বাহু নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা অধিক সুচল পৰৱৰ্তী সময়ত কৰা হ’ব।

উল্লেখ্য যে ৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সেতুখনৰ আধাৰশিলা ২০২৩ চনৰ ১৬ নৱেম্বৰত স্থাপন কৰা হৈছিল। যদিওবা প্রকল্পটো সম্পূৰ্ণ কৰাৰ বাবে ৩৬ মাহৰ সময়সীমা নির্ধাৰণ কৰা হৈছিল, তথাপি ৰাজ্য চৰকাৰৰ কঠোৰ তদাৰকী আৰু তৎপৰতাত মাত্র ২৮ মাহত অভিলেখ সময়ত উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূর্ণ কৰি তোলা হয়। মুঠ ১২৯টা খুঁটাৰ ওপৰত দণ্ডায়মান এই উৰণ সেতুখনৰ ওপৰৰ গাঁথনি ষ্টীল গার্ডাৰেৰে মজবুতকৈ সাজি উলিওৱা হৈছে। চৰকাৰে ভবিষ্যতে গুৱাহাটী ক্লাব আৰু উলুবাৰী উৰণ সেতুৰ মাজত এক সংযোগ স্থাপন কৰি নেহৰু ষ্টেডিয়াম আৰু বি বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ যান-জঁটৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰাৰ আন এক অভিলাষী পৰিকল্পনা হাতত লৈছে বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই লগতে উল্লেখ কৰে। অৱশ্যে নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই এই অংশটো বাস্তৱায়িত কৰা হ’ব বুলি তেওঁ লগতে দোহাৰে। উৰণ সেতুখন নিৰ্মাণৰ সময়ত অহা প্রত্যাহ্বানৰ কথা স্মৰণ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই সেতুখন নিৰ্মাণৰ নামত অসমীয়া প্রতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰথমে মোক ফোনযোগে বাধা দিছিল। বিশেষকৈ বাঁওপন্থী মানুহবোৰে অলপ প্রতিবাদ কৰিছিল। কিন্তু গুৱাহাটীৰ বহু মানুহৰ আশীৰ্বাদ আমাৰ ওপৰত আছিল। আন্দোলন সৰুকৈ হৈছিল যদিও কোনো লোকে অংশগ্রহণ কৰা নাছিল। ৰাইজৰ আশীৰ্বাদৰ বাবে এখন প্রত্যাহ্বানযুক্ত উৰণ সেতু আমি নিৰ্মাণ কৰি শেষ কৰিলোঁ। ৰাজ্যখনৰ সামগ্রিক আন্তঃগাঁথনি উন্নয়নৰ খতিয়ান দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা ৫ বছৰত মালিগাঁও, ছুপাৰ মার্কেট আৰু আৰজি বৰুৱা পথৰ উৰণ সেতুসমূহে মহানগৰীৰ যাতায়াতৰ ছবিখন সম্পূর্ণ সলাই দিছিল। কেৱল গুৱাহাটীতে নহয়, তেজপুৰৰ মিছন চাৰিআলি, ডিব্ৰুগড়, যোৰহাট আৰু শিলচৰতো কেইবাখনো বিশাল উৰণ সেতুৰ কাম দ্রুতগতিত চলি আছে। অহা ১৪ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিলচৰত ৬০০ কোটি টকীয়া সেতুৰ শুভাৰম্ভ কৰিব। একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মীয়মাণ মাজুলী-যোৰহাট, কুৰুৱা-নাৰেংগী আৰু পলাশবাৰী-শুৱালকুছি দলঙৰ কামে সমগ্ৰ ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত এক নৱযুগৰ সূচনা কৰাৰ লগতে ২০২৮ চনত উদ্বোধন হ’বলগীয়া ধুবুৰী-ফুলবাৰী দলঙৰ জৰিয়তে যাতায়াতৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব। গছ কটাৰ নামত হোৱা সমালোচনাৰ প্ৰসংগ উনুকিয়াই মুখ্যমন্ত্রী ড° শর্মাই কয় যে উন্নয়নৰ স্বাৰ্থত কেতিয়াবা কিছু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় যদিও চৰকাৰে পৰিৱেশ সুৰক্ষাত সম্পূৰ্ণ গুৰুত্ব দিছে। চৰকাৰে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি ৭০ জোপা গছ উভালি নি সুন্দৰকৈ ৰোপণ কৰিছে, যাৰ ভিতৰত ৬৮ জোপা বর্তমানে জীৱন্ত আছে। এজোপা গছ কটাৰ বিপৰীতে ১০ জোপা নতুন গছ ৰোপণ কৰাৰ নিয়মো চৰকাৰে বাধ্যতামূলক কৰিছে। গছক লৈ আন্দোলন প্রসংগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে জুবিন গাৰ্গে গছ কটাৰ সময়ত আন্দোলনত অংশ লোৱাৰ পাছত মই এদিন পুৱা তেওঁক ফোন কৰি উৰণ সেতুখন হ’লে কি হ’ব, কি নহ’ব সেই কথা অৱগত কৰিছিলোঁ। মোৰ কথাখিনি শুনাৰ পাছত আমাৰ কামত তেওঁ সম্পূর্ণ সমর্থন কৰিছিল। গছ আমাক আন্দোলনৰ বাবে নহয়, অক্সিজেনৰ বাবেহে লাগে আৰু সেই দায়িত্ব চৰকাৰে নিষ্ঠাৰে পালন কৰিছে।

সমালোচনা কৰাসকলক উদ্দেশ্যি তেওঁ পুনৰ কয় যে সমালোচনাৰ পৰা চৰকাৰে সদায় শিকিবলৈ চেষ্টা কৰে। কিন্তু মুষ্টিমেয় একাংশই কৰা বাধাৰ বাবে উন্নয়নৰ কাম স্তব্ধ হৈ নাযায়। উৰণ সেতুসমূহৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত কৃত্রিম বানপানীৰ সমস্যা সমাধান কৰাটো চৰকাৰৰ মূল লক্ষ্য হ’ব। তদুপৰি গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা ১২ হাজাৰ যোগ্য পৰিয়ালক ভূমিপট্টা প্রদানৰ কাম অতি সোনকালে সম্পন্ন কৰাৰ ইংগিতো মুখ্যমন্ত্রীয়ে দিয়ে। তদুপৰি দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ গুৱাহাটীত ৰিং ৰোড আৰু মেট্ৰ’ ৰে’লৰ কামো পর্যায়ক্রমে হাতত লোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। অসমৰ উন্নয়নৰ যাত্রা অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা কেইটামান দিনৰ ভিতৰত ডিফু, যোৰহাট, লংকা, দুলীয়াজান আৰু তিনিচুকীয়াতো কেইবাখনো উৰণ সেতুৰ শুভ উদ্বোধন কৰা হ’ব। নৱনির্মিত উৰণ সেতুখন ৰাইজলৈ উছৰ্গা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰে পৰা অহা ১৩ মার্চলৈকে নতুন উৰণ সেতুখনৰ চানমাৰিৰ পৰা গুৱাহাটী ক্লাব অংশলৈকে ৰাইজৰ বাবে ৱাকিং জ’ন হিচাপে মুকলি কৰি ৰখা হ’ব। অহা ১৪ মাৰ্চৰ পুৱাৰ পৰাহে এই উৰণ সেতুখন যান-বাহন চলাচলৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ’ব। এই উদ্বোধনী অনুষ্ঠানটোত গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিশেষ সচিব বিভূতি শইকীয়া, পথ সংমণ্ডলৰ বিশেষ সচিব চন্দন শর্মা, লোকনির্মাণ পথৰ মুখ্য অভিযন্তা সঞ্জীর শ্যাম, অধীক্ষক অভিযন্তা অভিজিৎ চৌধুৰী, নিউ গুৱাহাটী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ মিশ্র ভাগৱতী প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
