ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে ৯ হাজাৰ টকাকৈ
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা ৷ ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত অৰুণোদয় ৩.০ৰ মুঠ ৩,৬০০ কোটি টকা প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে একেদিনাই একে সময়তে ইমান বৃহৎ পৰিমাণৰ পুঁজি ৰাজ্য চৰকাৰে কেতিয়াও হস্তান্তৰ কৰা নাছিল। সেই হিচাপত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলেখ ৰচনা কৰিলে। অৰুণোদয়ৰ এই পুঁজি বিতৰণৰ বাবে মঙলবাৰে পুৱা ১০.৩০ বজাত অসমৰ প্ৰতিখন পঞ্চায়ত, কার্বি আংলং আৰু ডিমা হাছাওৰ এমএচি অঞ্চল, বিটিচিৰ ভিচিডিচি অঞ্চল আৰু নগৰসমূহৰ ৱাৰ্ড পৰ্যায়ত ৰাজ্যৰ ৩,৮০০টাৰো অধিক স্থানত আয়োজিত ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকা মহিলাসকলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ সৈতে ভার্চুৱেল মাধ্যমেৰে জড়িত হয়। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ই এক মাষ্টাৰষ্ট্ৰোক ৷ উল্লেখ্য যে বিহাৰত বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে ‘মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা’ৰ অধীনত বিহাৰৰ লাখ লাখ মহিলাক ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিছিল আৰু যাৰ প্ৰভাৱ নিৰ্বাচনী ফলাফলত দেখিবলৈ পোৱা গৈছিল ৷ অনুৰূপ ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তৃতীয়বাৰলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ লক্ষ্যৰে ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ মাজত মঙলবাৰে ৯ হাজাৰ টকাকৈ বিলাই দিলে ৩৬০০ কোটি টকা ৷ অৰুণোদয় ৩.০ৰ হিতাধিকাৰীৰ ধন বিতৰণ অনুষ্ঠান কেন্দ্রীয়ভাৱে খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজন কৰা হয় আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কার্যসূচীত অংশগ্রহণ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ মহিলালৈ ১৭ হাজাৰ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণোদয় আঁচনিৰ জন্মবৃত্তান্ত আৰু ইয়াৰ আঁৰত থকা কাহিনী বৰ্ণনা কৰিবলৈ গৈ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ জন্ম হৈছিল ২০১৯-২০ চনত। সেই সময়ত অসমৰ জনসাধাৰণ ক’ভিডত আক্রান্ত হৈ আছিল। বহুজনে নিজৰ পৰিয়ালৰ প্ৰিয়জনক হেৰুৱাইছিল। কোনোবাই উপার্জনকাৰীজনক হেৰুৱাইছিল আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত নিজৰ জীৱিকা হেৰুৱাইছিল। সেই সময়ত স্বাস্থ্যমন্ত্রী হিচাপে পিপিই কিট পিন্ধি হাস্পতালত ৰোগীৰ দুখ-বেদনাৰ বুজ লোৱা, শ্মশানলৈ গৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰ সম্পৰ্কীয় বাধা দূৰ কৰা আৰু বিত্তমন্ত্ৰী হিচাপে ব্যৱসায়ীসকলৰ আৰ্থিক ক্ষতিৰ বিষয়ে অৱগত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সেই সময়ত অসমৰ লোকসকলৰ জীৱন আৰু জীৱিকাৰ সংঘাত হৈছিল। জীৱিকাৰ তাড়নাত একাংশ লোকে লকডাউন হ’ব নালাগে বুলি কৈছিল। তেনে এক জটিল সময়ত অৰুণোদয় আঁচনিৰ জন্ম হৈছিল। অর্থাৎ অৰুণোদয় আঁচনিখন আৰম্ভ কৰা হৈছিল। সেই সময়ত ক’ভিডৰ বাবে আটাইতকৈ কষ্ট হৈছিল অসমৰ মহিলাসকলৰ। কাৰণ মহিলাসকলে এটকা-দুটকাকৈ জমা কৰি ৰখা ধনৰাশি ক’ভিডৰ বাবে উলিয়াই দিব লগা হৈছিল। ক’ভিডৰ সময়ত পৰিয়াল চলোৱাৰ কোনো পথ নাছিল কাৰণে মহিলাসকলে তেওঁলোকৰ সাঁচতীয়া ধন উলিয়াই দিব লগা হৈছিল। তেনে পৰিৱেশৰ মাজতে অসমত অৰুণোদয় আঁচনিৰ জন্ম হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অৰুণোদয় আঁচনিৰ উদ্দেশ্য আছিল আমাৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনা। প্রথমতে অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৮৩০ টকাকৈ প্রদান কৰা হৈছিল আৰু এই ধন ৰাজ্যৰ ১৮ লাখ মহিলাৰ বেংক একাউণ্টত দিয়া হৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তাই আৰম্ভ কৰা ধনজন আঁচনিৰ অধীনত সকলো মহিলাই বেংক একাউন্ট খোলাৰ বাবে অৰুণোদয় আঁচনি সফল হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রথম অৱস্থাত হিতাধিকাৰীৰ তালিকাত কিছু খেলিমেলি আছিল। বিসংগতিবোৰ দূৰ কৰাৰ বাবে এনএছএছৰ জৰিয়তে পৰৱৰ্তী সময়ত সমীক্ষা কৰা হৈছিল। তালিকাৰ সংশোধনী কৰি আৰু বাদ পৰি যোৱা বহু মহিলাক অন্তর্ভুক্তিৰে আঁচনিৰ দ্বিতীয় পৰ্যায়ত ২৪ লাখ মহিলাক সামৰি লোৱা হ’ল আৰু ধনৰ পৰিমাণ ৮৩০ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি কৰা হ’ল। লোকসভা নিৰ্বাচনৰ সময়ত ৫০ শতাংশ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন পোৱা নাছিল বুলি উল্লেখ কৰাত পৰৱৰ্তী সময়ত এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৪ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু আজি ৪০ লাখ পৰিয়ালক ১,২৫০ টকাকৈ অৰুণোদয় ৩.০ৰ জৰিয়তে প্ৰদান কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই ভাষণত কয় যে এইবাৰ আমি অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ ভাল হ’ব লাগে বুলি অনুভৱ কৰি অৰুণোদয় হিতাধিকাৰীসকলক ৯ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়ালৈকে আঁচনিখনৰ বাবদ ১৭ হাজাৰ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু আজিৰ দিনটোতে অসমৰ মহিলাসকলে মুঠ ৩,৬০০ কোটি টকা একেলগে লাভ কৰিছে।

অসমৰ পৰিয়ালসমূহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে হাতত লোৱা আৰু ভৱিষ্যতৰ বাবে গ্রহণ কৰা পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চাউল দিছে। অসম চৰকাৰে ১০০ টকাতে এক কিলোকৈ দাইল, এক কিলো চেনি আৰু নিমখ দিছে। ভবিষ্যতে বিনামূলীয়াকৈ এক কিলোকৈ চেনি, দাইল, নিমখ আৰু মিঠাতেল দিয়াৰ লগতে পৰৱৰ্তী সময়ত আধা কিলোকৈ চাহপাত দিয়াৰো চিন্তা-চৰ্চা কৰা হৈছে। আর্থিকভাবে স্বচ্ছল হ’লে ঘৰত মহিলাৰ সন্মান বৃদ্ধি পায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলৰ কথা চিন্তা কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আৰু ধনৰ পৰিমাণ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলাসকলক ২৫ হাজাৰকৈ টকা দিয়া হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত নতুনকৈ ৫ কোটি প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ কথা কৈছে আৰু অসমৰ যিসমূহ পৰিয়ালে এতিয়াও ঘৰ পোৱা নাই, তেওঁলোকক এইবাৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব। সন্তান সুৰক্ষিত হৈ নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো সকলো পিতৃ-মাতৃয়ে বিচাৰে বুলি মন্তব্য কবি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে বিগত ৫ বছৰে ল’ৰা-ছোৱালীৰ শিক্ষাত বিনিয়োগ কৰিছে। স্নাতকোত্তৰ শ্ৰেণীপর্যন্ত নামভর্তি বিনামূলীয়া কৰাৰ লগতে নিযুত মইনা আৰু নিযুত বাবুৰ দৰে আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ সুবিধা কৰি দিয়া হৈছে। বিগত ৫ বছৰত এক লাখ ৫৬ হাজাৰ যুৱক-যুৱতীক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰি দিয়া হৈছে। আমি ২ লাখ যুৱক-যুৱতীক অহা ৫ বছৰত চৰকাৰী চাকৰি দিবলৈ পৰিকল্পনা কৰিছোঁ। আমি অসমত উদ্যোগ প্রতিষ্ঠা কৰিম যাতে আমাৰ ল’ৰা-ছোৱালী অন্ধ্রপ্রদেশ, চেন্নাই, কর্ণাটকলৈ যাব নালাগে। আমাৰ অসমতে উদ্যোগ স্থাপন কৰি ল’ৰা-ছোৱালীক ইয়াতেই যাতে কর্মসংস্থান দিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰা হৈছে। অসমৰ যুৱক-যুৱতীক দক্ষতাৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু ব্যৱসায়-বাণিজ্য কৰাৰ বাবে এক লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ প্ৰদান কৰা হৈছে। পৰৱৰ্তী ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক নিজৰ ভৰিত থিয় দিবৰ কাৰণে আত্মনিৰ্ভৰ অসম অভিযানৰ ধন দিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই ভাষণত আৰু কয়- ৰাইজৰ খোৱা বস্তুখিনিৰ পৰা আৰম্ভ কৰি থকা ঘৰখনলৈকে, ল’ৰা-ছোৱালীৰ শিক্ষাৰ পৰা কৰ্মসংস্থাপনলৈকে চৰকাৰে চিন্তা কৰিছে আৰু তাত সফল হৈছে। এনেদৰে অসমখন আগুৱাই নিব পাৰিলে সকলোৰে মনত শান্তি থাকিব। সাহস আৰু আত্মবিশ্বাসৰ সৃষ্টি হ’ব আৰু অধিক আগবাঢ়ি যাবলৈ সকলোৱে শক্তি পাব। আজি ১০ মার্চ তাৰিখটো অসমৰ মহিলা সমাজৰ বাবে মাইলৰ খুঁটি হৈ ৰ’ব। ইয়াৰ আগতে কেতিয়াও আই-মাতৃসকলে একেদিনাই ৯ হাজাৰ টকা বিহুৰ আগত পাব পৰা নাছিল। এই ৯ হাজাৰ টকা আই-মাতৃসকলে আনন্দ-ফুর্তিৰে খৰচ কৰক। ব’হাগ বিহুটো সকলোৱে আনন্দেৰে উদযাপন কৰক। ব’হাগ বিহুৰ পাছত নতুন চৰকাৰ আহিব। অসমৰ মহিলাসকলে আজি যিমান আনন্দ পাইছে, অহা ৫ বছৰত ইয়াতকৈ অধিক আনন্দ পাব। অৰুণোদয় আঁচনি কেৱল এখন আঁচনি নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় লাভ কৰা লোকসকলক চৰকাৰে এটা পৰিয়াল হিচাপে আগবঢ়াই নিব বিচাৰিছে। উল্লেখ্য যে এই অনুষ্ঠানত ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগ, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুমন হৰিপ্রিয়া, ভৱেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নার্লিকাৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
