অগপ ত্যাগী জয়ন্ত খাউণ্ডৰ কংগ্রেছত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- অগপ ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্রেছত যোগদান কৰে দলটোৰ কেন্দ্ৰীয় বিত্ত সম্পাদক তথা ৰঙানদী সমষ্টিৰ প্রার্থিত্বৰ দাবীদাৰ জয়ন্ত খাউণ্ডে। উল্লেখ্য যে ৰঙানদী সমষ্টিত দলীয় প্রার্থিত্ব নোপোৱাৰ ক্ষোভতে জয়ন্ত খাউণ্ডে অগপ ত্যাগ কৰিছিল। নতুন দিল্লীস্থিত এআইচিচিৰ মুখ্য কাৰ্যালায়ত সভাপতি গৌৰৱ গগে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্রী তথা অসমত নিৰ্বাচনৰ দায়িত্বত থকা ডি কে শিৱকুমাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহান, প্রাক্তন বিধায়ক সত্যব্রত কলিতা আৰু বিনন্দ শইকীয়াৰ উপস্থিতিত জয়ন্ত খাউণ্ডে কংগ্রেছত আনুষ্ঠানিকভাবে যোগ দিয়ে। জয়ন্ত খাউণ্ডক দললৈ আদৰণি জনাই প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে কিছুদিন পূর্বে জয়ন্ত খাউণ্ডে যোগাযোগ কৰি আমাৰ দলত যোগদান কৰিবলৈ আগ্রহ প্রকাশ কৰিছিল। আমি এই প্ৰস্তাৱ শুনি তেওঁক আদৰণি জনাওঁ। জয়ন্ত খাউণ্ডে যিখন জিলা আৰু যিটো সমষ্টিক প্রতিনিধিত্ব কৰে সেই ঠাইত ৰাইজৰ উৎসাহ দেখা যায়। কংগ্ৰেছ দলৰো সেই জিলাখনৰ নেতা-কর্মীয়ে উৎসাহ দেখুৱাইছে। যোগদান অনুষ্ঠানৰ পিছত আয়োজিত সংবাদ মেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ সৈতে মিত্রতা সন্দৰ্ভত তেওঁ কয় যে সকলো বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে। আমি তিনিটা ৰাজনৈতিক দলৰ সৈতে আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কথা পাতি সকলো প্রক্রিয়া সম্পূৰ্ণ কৰিছোঁ। বাকীসকলৰ সৈতেও যোগাত্মক দিশত আলোচনা আগবাঢ়ি আছে। বর্তমান যি বাধা দেখা দিছে অনাগত দিনত সেই বাধা নাইকিয়া হৈ পৰিব বুলিও তেওঁ আশা কৰে। ইফালে, কংগ্রেছত যোগ দি যথেষ্ট উৎসাহিত হৈ পৰা দেখা যায় জয়ন্ত খাউণ্ডক। তেওঁ কয় যে কংগ্রেছ এখন গভীৰ আৰু বিশাল সাগৰৰ দৰে। এনে এটা বিশাল দলত যোগদানৰ সুযোগ পোৱাটোৱেই মোৰ বাবে ভাল লগা কথা। উল্লেখ্য যে ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ জয়ন্ত খাউণ্ডক আদৰণি জনাবলৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিন্তু হাজৰিকা আৰু আন কেইবাজনো স্থানীয় নেতা দিল্লীত গৈ উপস্থিত হৈছে।
