‘অভিনন্দন’ শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বিতৰণ – ছয় গৰাকী শিক্ষাৰ্থীক সন্মান

‘অভিনন্দন’ শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বিতৰণ – ছয় গৰাকী শিক্ষাৰ্থীক সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ পথ সহজ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা গুৰুত্বপূৰ্ণ আঁচনি ‘অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি’ৰ অধীনত গুৱাহাটীৰ দিশপুৰস্থিত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ আয়ুক্তালয়ৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ৰ ৰাজসাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱক সকলক কৰ ভৱন লৈ আমন্ত্ৰণ জনোৱা হৈছিল।

উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে শিক্ষা ঋণ লোৱা শিক্ষাৰ্থী সকলক ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱক সকলৰ ওপৰত পৰা বিত্তীয় বোজা যথেষ্ট পৰিমাণে লাঘৱ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
আজি অনুষ্ঠিত অনুষ্ঠানত অসমৰ পৰা নিৰ্বাচিত ছয় গৰাকী শিক্ষাৰ্থীক এই ৰাজসাহায্য প্ৰদান কৰা হয়। সেই ছয় গৰাকীৰ ভিতৰত অন্যতম হৈছে দীপান্নিতা শৰ্মা, যি গুৱাহাটীৰ সন্মানীয় অধ্যাপক মুনীন্দ্ৰ কুমাৰ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ কন্যা। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ এই সফলতাই পৰিয়ালৰ লগতে সমাজখনকো গৌৰৱান্বিত কৰিছে।
এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু অসমৰ কেবিনেট মন্ত্ৰী তথা ৰাজ্যৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগ। তেওঁলোকে শিক্ষাৰ্থী সকলক ৰাজসাহায্য প্ৰদান কৰি তেওঁলোকৰ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰাম্য বেংকৰ পৰা এক লাখ টকাতকৈ অধিক শিক্ষা ঋণ লোৱা শিক্ষাৰ্থী সকলক এবাৰৰ বাবে ৰাজসাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ উৎসাহিত কৰাৰ লগতে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখন শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
এই আঁচনিৰ সফল ৰূপায়ণে অসমৰ বহু শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ পথত আগবাঢ়িবলৈ এক নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে।
error: Content is protected !!