কংগ্ৰেছৰ ৪২জনীয়া প্রার্থী তালিকা ঘোষণা

কংগ্ৰেছৰ ৪২জনীয়া প্রার্থী তালিকা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে ৪২জনীয়া প্রার্থী সন্নিৱিষ্ট প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। কংগ্ৰেছে এই ৪২জনীয়া প্রার্থী তালিকাত সন্নিৱিষ্ট কৰে ৮জনকৈ পৰিয়ালকেন্দ্ৰিক প্রার্থীক। কেৱল ইমানেই নহয়, দলটোৱে এই প্রার্থী তালিকাত এক ডজনৰো অধিক পূৰ্বৰ নিৰ্বাচনত পৰাজিত নেতাৰ নাম সন্নিৱিষ্ট কৰিছে। অৰ্থাৎ পূৰ্বৰ নিৰ্বাচনত বাৰে বাৰে পৰাজিত প্রার্থীকে পুনৰ প্রার্থিত্ব প্রদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে। কংগ্ৰেছৰ পৰিয়ালবৰ্গৰ দলিল আখ্যা দিব পৰা এই তালিকাত ৮জনকৈ প্রাক্তন মুখ্যমন্ত্রী, মন্ত্রী, বিধায়কৰ পুত্ৰক স্থান দিয়া হৈছে। সেইসকলৰ ভিতৰত আছে যোৰহাট বিধানসভা সমষ্টিত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, মাৰ্ঘেৰিটাত সাংসদ প্রদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, নাজিৰাত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, বৰক্ষেত্ৰীত প্রাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন, টীয়কত প্রাক্তন মন্ত্রী প্রয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈ, চাবুৱা-লাহোৱালত প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ আৰু উত্তৰ কৰিমগঞ্জত প্রাক্তন বিধায়ক জামালুদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদ।  এইসকল নেতাই ‘২৬ৰ নিৰ্বাচনত দলৰ হৈ প্রার্থিত্ব লাভ কৰিছে যদিও ইয়াৰে বহুচৰ্চিত চামগুৰি বিধানসভা সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন বিগত উপ-নির্বাচনত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈছিল। আনহাতে সাংসদ তথা প্রাক্তন মন্ত্রী প্রদ্যুৎ বৰদলৈয়ে প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত পুত্র প্রতীক বৰদলৈক নির্বাচনী ফিল্ডত অৱতীৰ্ণ কৰাইছে। বিপৰীতে কংগ্ৰেছে প্রকাশ কৰা ৪২জনীয়া প্রার্থী তালিকাৰ বহুকেইজন প্রার্থী বিগত নির্বাচনসমূহত দুই-তিনিবাৰকৈ পৰাজিত হৈছে। দিছপুৰ সমষ্টিত প্রার্থিত্ব লাভ কৰিছ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী। এইগৰাকী প্রার্থী পূর্বে দুবাৰকৈ গুৱাহাটী আৰু নগাঁও লোকসভা সমষ্টিত শোচনীয়ভাৱে পৰাজিত হোৱাৰ লগতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিতো শোচনীয়ভাৱে পৰাজিত হৈছিল। দিছপুৰ সমষ্টিৰ বাবে বহু যোগ্য প্রার্থীয়ে আবেদন কৰাৰ পিছতো বাৰে বাৰে পৰাজিত প্ৰাৰ্থীক কিয় প্রার্থিত্ব দিয়া হৈছে সেয়া ৰহস্য। আনহাতে টীয়ক বিধানসভা সমষ্টিত পূর্বে অগপৰ ৰেণুপমা ৰাজখোৱাৰ হাতত দুবাৰকৈ পৰাজিত হোৱা পল্লৱী শইকীয়া গগৈক পুনৰ প্ৰাৰ্থিত্ব দিয়াত আশ্চর্য প্রকাশ কৰিছে সমষ্টিৰ ৰাইজে। দুলীয়াজানত ধ্ৰুৱ গগৈ দুবাৰ বিজেপিৰ তেৰছ গোৱালা আৰু ৰামেশ্বৰ তেলীৰ হাতত পৰাজিত হৈছে। নাহৰকটীয়াত প্রণতি ফুকন ক্রমে বিজেপিৰ তৰংগ গগৈ আৰু অগপৰ নৰেন সোণোৱালৰ হাতত দুবাৰ পৰাজিত হৈছে। জাগীৰোডত বুবুল দাস অগপ আৰু অজাপৰ প্ৰাৰ্থী হৈ দুবাৰ হাৰিছে। তদনুৰূপে তালিকাত অন্তর্ভুক্ত ৰিপুণ বৰা, স্বপন কৰ, অজিত সিং, কার্তিক সেন সিনহা, দুর্গা ভূমিজ আদি প্রার্থী একাধিকবাৰ পৰাজিত হৈছে। এনেদৰে বাৰে বাৰে পৰাজিত প্রার্থীকে সমষ্টিত প্রার্থী হিচাপে দলে নিক্ষেপ কৰাত বহু প্রার্থিত্বপ্রত্যাশী ক্ষুব্ধ হৈ পৰিছে। প্রকাশিত তালিকাক লৈ অসন্তুষ্ট বহু প্রার্থিত্বপ্রত্যাশীয়ে সামাজিক মাধ্যমযোগে ক্ষোভ প্রকাশ কৰিছে। নলবাৰীৰ প্রার্থিত্বপ্রত্যাশী ৰাতুল কলিতাই ২৫ বছৰ দলৰ কাম কৰিও প্রার্থিত্বৰ পৰা বঞ্চিত হ’ল। কলিতাই সামাজিক মাধ্যমযোগে ক্ষোভ প্রকাশ কৰি মন্তব্য কৰে বাৰে বাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ। আৰু কিমান সেৱা আগবঢ়াব লাগিব। সাধাৰণ ঘৰৰ পৰা আহি ২৪x৭ ঘণ্টা নিষ্ঠাসহকাৰে কাম কৰাৰ পিছতো বাৰে বাৰে ‘আণ্ডাৰ এষ্টিমেট’ কিয় কৰা হ’ল। সামাজিক মাধ্যমত ক্ষোভ প্রকাশ কৰিয়েই নহয়, বহুকেইটা সমষ্টিত একাংশ কংগ্রেছ নেতা-কর্মীয়ে প্রার্থী তালিকা প্ৰকাশৰ পিছতে দলৰ পৰা পদত্যাগ কৰাৰ খবৰ আহিছে। শিলচৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রার্থিত্বপ্রত্যাশী সঞ্জীৱ ৰয়ে পদত্যাগ কৰিছে। ২০২১ চনত তেওঁ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল। সেইদৰে টীয়কত প্রাক্তন বিধায়কৰ বোৱাৰী পল্লৱী গগৈক প্রার্থিত্ব দিয়াত পূব টীয়ক কংগ্ৰেছৰ সভাপতি বিদ্যুৎ বিকাশ গগৈসহ ৬০জনীয়া কমিটীয়ে সমূহীয়াভাৱে পদত্যাগ কৰে। এপিচিচিৰ সামাজিক মাধ্যমৰ উপাধ্যক্ষ জন চৌধুৰীয়েও প্রার্থী তালিকাক লৈ অসন্তুষ্টি প্রকাশ কৰি সামাজিক মাধ্যমত কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা হতাশজনক। ইয়াৰে ৯০ শতাংশ প্রার্থীৰেই হ’ব পৰাজয়। ইপিনে বিৰোধী ঐক্যৰ আন দলসমূহৰ লগত আলোচনা নকৰাকৈয়ে কংগ্রেছে প্রথমখন প্রার্থী তালিকা প্রকাশ কৰাত ক্ষোভ আৰু অসন্তুষ্টি প্রকাশ কৰি নিজৰ প্রতিক্রিয়া প্রকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। সামাজিক মাধ্যমযোগে অখিল গগৈয়ে লিখে- মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজত প্রার্থী তালিকা ঘোষণা কৰি অগণতান্ত্রিকতাৰ পৰিচয় দিলে কংগ্রেছে। আনহাতে এপিএইচএলচিৰ সভাপতি জন ইংতি কাথাৰেও অসন্তুষ্টি প্রকাশ কৰিছে।