ফাগুন মানে প্ৰেম – পপী বৰা 

Pc Maahisworld

ফাগুন মানে প্ৰেম

পপী বৰা 
মেলেং গ্ৰাণ্ট,যোৰহাট
 এই যে বতাহছাটি ফাগুনৰে
গান,
ফাগুন মানেই প্ৰেম
তুমি ফাগুন হৈ আহা মোৰ কাষলৈ,
 মই পচোৱা বতাহত নাঁচি উঠিম
তোমাৰ কাষত,
মোৰ চোতালত ফাগুন ফাগুন লগা বতাহছাটিয়ে,
ফাগুনৰ ধূলিয়ৰি হৈ উৰা মাৰিছে,
তাতে পৰিছেহি দূৰ দিগন্তৰ সৰাপাতৰ ঠিকনা!!