মার্কিন আক্ৰমণৰ পিছতে প্রত্যাক্রমণ চলাইছে ইৰানে

Pc BBC

মার্কিন আক্ৰমণৰ পিছতে প্রত্যাক্রমণ চলাইছে ইৰানে

ৰঙিলী বাৰ্ত্তাসেৱা- মার্কিন আক্ৰমণৰ পিছতে ইৰানী বাহিনীয়ে পশ্চিম এছিয়াৰ বিভিন্ন ঠাইত থকা মার্কিন ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলাইছে বিভিন্ন সংবাদ প্রতিষ্ঠানে জনোৱা মতে, ইৰানৰ আক্ৰমণৰ পৰা হাত সৰা নাই ডুবায়ো। এনে পৰিস্থিতিত ততাতৈয়াকৈ খালী কৰি দিয়া হয় বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুর্জ খলিফা। ডুবাই কর্তৃপক্ষই জনোৱা মতে, পাম জুমেইৰাহ এলেকাতো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা হৈছে। কেৱল ডুবায়েই নহয়, সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউএই) আবু ধাবিতো আক্রমণ চলাইছে ইৰানে। তদুপৰি কাটাৰৰ ডোহা আৰু ছৌদি আৰবৰ ৰিয়াধতো ইৰানী বাহিনীয়ে আক্রমণ চলাইছিল। কাটাৰৰ মার্কিন সেনাৰ আলউবেইদ বায়ুসেনা ঘাটিত আক্ৰমণ কৰাৰ লগতে কুৱেইটৰ আল চালিম সেনা ঘাটি আৰু জর্দানৰ মুৱাফফক অল চালটি সেনা ঘাটিতো আক্রমণ চলায় ইৰানে। পশ্চিম এছিয়াৰ কেইবাখনো দেশত থকা ১৪টা মার্কিন সেনা ঘাটিত আক্রমণ সংঘটিত হয়। ইৰানৰ এই আক্রমণক লৈ আমিৰশ্বাহীৰ উপৰি কুৱেইট, কাটাৰ, বাহৰেইন, ইৰাক, ছৌদি আৰব আৰু জর্দানত উত্তেজনা বৃদ্ধি পাইছে। দেশকেইখনৰ প্ৰশাসনে তেওঁলোকৰ বাসিন্দাসকলক সতৰ্কতা অৱলম্বন কৰাৰ পৰামৰ্শ দিছে। ইতিমধ্যে কুৱেইটৰ হাস্পতালত ১২জন আহত লোকক ভৰ্তি কৰাৰ কথা জানিব পৰা গৈছে। যুদ্ধৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াত বিমান সেৱা প্ৰভাৱিত হৈছে। শেহতীয়াভাৱে ইৰানে খামেনেইৰ উত্তৰসূৰী ঘোষণাৰে আক্ৰমণকাৰী দেশসমূহক সকীয়নি প্রদান কৰিছে। পশ্চিমীয়া দেশৰ আগ্ৰাসন আৰু ইজৰাইলী চৰকাৰৰ আক্ৰমণাত্মক স্থিতিৰ বিৰুদ্ধে সর্বশক্তিৰে যুঁজিবলৈ সাজু হ’ব বুলি ইৰানৰ শেহতীয়া স্থিতিত প্রকাশ পাইছে।