শ্রীলংকাক পৰাস্ত কৰিও বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তান

Pc ESPNcricinfo

শ্রীলংকাক পৰাস্ত কৰিও বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তান

ৰঙিলী বাৰ্ত্তাসেৱা-চলিত টি-২০ বিশ্বকাপৰ শনিবাৰে অনুষ্ঠিত ছুপাৰ এইটৰ গুৰুত্বপূৰ্ণ মেচখনত পাকিস্তানে শ্রীলংকাক ৫ ৰানত পৰাস্ত কৰে যদিও ছেমিফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হয়। পাকিস্তানক ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বাবে শ্রীলংকাক অতি কমেও ৬৪ ৰানত পৰাস্ত কৰাটো প্রয়োজন আছিল যদিও সেয়া সম্ভৱ নহ’ল। ফলত পাকিস্তানে ছুপাৰ এইটৰ পৰা বিদায় লোৱাৰ বিপৰীতে নিউজিলেণ্ডে ছেমিফাইনেলত স্থান সুৰক্ষিত কৰে। ছুপাৰ এইটত পাকিস্তান আৰু নিউজিলেণ্ডে ৩ পইন্টকৈ লাভ কৰে যদিও ৰান ৰেটৰ ভিত্তিত নিউজিলেণ্ডে ছেমিত প্রবেশ কৰে। শনিবাৰে অনুষ্ঠিত মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ডাছুন ছানাকাৰ ৩১ বলত অপৰাজিত ৭৬, পৱন ৰত্নায়েকৰ ৫৮, কামিল মিছাৰাৰ ২৬ আৰু চৰিথ আছালাংকাৰ ২৫ ৰানৰ সহায়ত শ্রীলংকাই ৬ উইকেটত ২০৭ ৰান কৰে। পাকিস্তানৰ হৈ আৱাৰ আহমেদে সর্বাধিক তিনিটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অ’পেনাৰ ছাহিদজাদা ফাৰহানৰ ১০০ আৰু ফখৰ জামানৰ ৮৪ ৰানৰ সহায়ত পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২১২ ৰান কৰে। ফাৰহান আৰু জামানাৰ বাহিৰে বাকীসকল বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰাত ব্যর্থ হয়। পাকিস্তানে ১২ ৰানত অন্তিম ৬টা উইকেট হেৰুৱায়। শ্রীলংকাৰ হৈ দিলছান মদুছানাকাই সর্বাধিক তিনিটা উইকেট লয়।