এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা, অংকুশিতা
ৰঙিলী বাৰ্ত্তাসেৱা- অলিম্পিক পদকজয়ী অসম কন্যা লাভলীনা বৰগোহাঁই আৰু বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অসম কন্যা অংকুশিতা বড়োৱে এছিয়ান বক্সিং প্রতিযোগিতাৰ বাবে নিৰ্বাচিত ভাৰতীয় দলত স্থান অর্জন কৰিছে। মংগোলিয়াত ২৮ মাৰ্চৰ পৰা ১১ এপ্রিললৈকে চলিবলগীয়া প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ ২০জনীয়া পুৰুষ-মহিলা দলটো শনিবাৰে ঘোষণা কৰা হয়। প্রতিযোগিতাখনত ভাৰতীয় দলটোক নেতৃত্ব দিব অলিম্পিকত পদক জয়ী অসম কন্যা লাভলীনা বৰগোহাঁই আৰু দুবাৰকৈ বিশ্ব চেম্পিয়নৰ সন্মান অর্জন কৰা নিখট জাৰিনে। জানুৱাৰী মাহত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পিছত পাটিয়ালাত চলা এমাহজোৰা প্ৰশিক্ষণৰ অন্তত ২০জনীয়া ভাৰতীয় দলটো চূড়ান্ত কৰা হয়। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিলেই আগন্তুক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছলৈ নির্বাচন হ’ব। প্রতিযোগিতাখনত লাভলীনাই ৭৫ কেজি শাখাত আৰু অংকুশিতাই ৬৫ কেজি শাখাত খেলিব।
