৮ মাৰ্চৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে চলিব যান-বাহন
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ উদ্বোধন কৰিছিল। দলঙখন উদ্বেধন কৰিছিল যদিও কেৱল পথচাৰীয়ে খোজকাঢ়ি অহা-যোৱাৰ কাৰণেহে মুকলি কৰা হৈছিল আৰু এক মাৰ্চৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া বাহন চলাচল কৰিব দিয়া হ’ব বুলি কৈছিল। কিন্তু শনিবাৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু কামৰূপ (মেট্র’) জিলাৰ আয়ুক্ত স্বপ্নীল পালে যৌথভাৱে ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ পৰিদৰ্শন কৰাৰ পাছত এই কথা ঘোষণা কৰে। তেওঁলোকে কয় যে ৮ মাৰ্চৰ পৰা যান-বাহন চলাচল কৰিব পাৰিব যদিও কেৱল দুচকীয়া আৰু চাৰিচকীয়া লঘু যান-বাহনহে চলাচল কৰিব দিয়া হ’ব, ব্যৱসায়িক যান-বাহন বাছ, ট্রাক জাতীয় গুৰু যান-বাহনৰ চলাচল সদ্যহতে বন্ধ থাকিব। দলং আৰু ৰাস্তাৰ সকলো দিশ ভালদৰে পৰ্যবেক্ষণ কৰি পৰ্যায়ক্রমে গুৰু যান-বাহনৰ চলাচল মুকলি কৰি দিয়া হ’ব বুলি জিলা উপাযুক্ত দুগৰাকীয়ে জানিবলৈ দিয়ে।
