গুপ্তেশ্বৰ মন্দিৰত সেৱা জনাই বিজেপিৰ জন আশীৰ্বাদ যাত্রা আৰম্ভ

গুপ্তেশ্বৰ মন্দিৰত সেৱা জনাই বিজেপিৰ জন আশীৰ্বাদ যাত্রা আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় বিজেপিয়ে শোণিতপুৰ জিলাৰ ঐতিহাসিক ঢেকীয়াজুলিৰ পৰাই নিৰ্বাচনী ৰণডংকা বজালে। শোণিতপুৰ জিলাৰ শাসকীয় বিজেপিয়ে পৰা আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’ ।বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ভোটাৰৰ মনৰ বার্তা ল’বলৈ ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰা এই জন আশীর্বাদ যাত্ৰাৰ সংগী হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা। উল্লেখ্য যে  নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা বিজেপিয়ে এই জন আশীর্বাদ যাত্রা কাৰ্যতঃ পৰিণত হ’ল জনসমুদ্রলৈ। ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত ব্রিটিছবিৰোধী গণ সংগ্ৰামত অংশগ্ৰহণ কৰি শহীদ হোৱা পবিত্র ভূমি ঢেকীয়াজুলিৰ পৰাই আৰম্ভকৰা এই যাত্ৰাই অসমৰ ভৱিষ্যৎ নির্ণয় কৰিব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। তৃতীয়বাৰৰ বাবে দিছপুৰ দখলৰ লক্ষ্যৰে আৰম্ভ কৰা এই জন আশীর্বাদ যাত্রাই অহা সময়ছোৱাত সামৰি ল’ব ৰাজ্যৰ ৩৫টাকৈ বিধানসভা সমষ্টিক।

মুখ্যতঃ সৰ্বস্তৰৰ জনতাৰ আশীৰ্বাদ বিচাৰি ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰা এই যাত্ৰা ঢেকীয়াজুলিৰ পৰা বৰছলা হৈ তেজপুৰ, নদুৱাৰ, ৰঙাপৰা সমষ্টিক সাঙুৰি ল’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বিকশিত, সুৰক্ষিত অসম গঢ়াৰ লক্ষ্যৰে সংকল্পবদ্ধ হোৱা বিজেপিয়ে সৰ্বস্তৰৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি আৰম্ভ কৰা এই যাত্ৰাৰ শুভাৰম্ভ হয় গুপ্তেশ্বৰ মন্দিৰত। দেৱবাদ্য আৰু শংখধ্বনিত মুখৰ হোৱা ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত মুখ্যমন্ত্ৰীয়ে পূজা-অৰ্চনা কৰি ৰাজ্যবাসীৰ হৈ আশিস বিচাৰে। বৰছলাৰ বৰভগীয়া গাঁৱৰ দক্ষিণ বৰছলা হাইস্কুল খেলপথাৰত দবা-শংখ-খোল-তালৰ ধ্বনিৰ মাজতে আৰম্ভ কৰা এই আশীর্বাদ যাত্ৰাৰ পূৰ্বে বিজেপিৰ কাৰ্যকৰ্তা আৰু উপস্থিত সহস্রাধিক লোকক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শৰ্মাৰ আহ্বান-বিজেপি চৰকাৰ গঠন কৰিবলৈ আকৌ এবাৰ সুবিধা দিয়ক। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে যাতে পুনৰ জয়ী হ’ব পাৰে তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আপোনালোকে নির্বাচিত কৰিছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ প্ৰথমখন চৰকাৰ আপোনালোকে গঠন কৰিছিল। ২০২১ চনত পুনৰ আপোনালোকে বিজেপি চৰকাৰ গঠন কৰি দিছিল। এই গোটেই সময়ছোৱাত আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ।

বিজেপিক পুনৰ চৰকাৰ গঠনৰ সুবিধা দিয়ক, আমি অসমক বিকাশৰ গতিৰে লৈ যাম, অনিৰুদ্ধ গতিৰে লৈ যাম, অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম। বিগত বিজেপিৰ দুটাকৈ কার্যকালত ৰাজ্যবাসীৰ বাবে হিয়া উজাৰি কাম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই সময়ছোৱাত হোৱা ভুল-ভ্রান্তিৰ বাবেও ক্ষমা বিচাৰে ভোটাৰ ৰাইজক। তেওঁ কয়-যিমান সম্ভব হয় আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। আজি অসমৰ পৰিৱৰ্তিত যি পৰিবেশ, বিকাশৰ যি প্ৰতিচ্ছবি সেয়াই প্রমাণ কৰে যে যোৱা ১০টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে বহু কাম হয়তো আমি কৰিব পৰা নাই। কিন্তু চৰকাৰে চেষ্টাৰ ত্রুটি কৰা নাছিল। ইয়াৰ ফলতে আমি এখন পৰিৱৰ্তিত, বিকশিত, সুৰক্ষিত অসম দেখা পাইছোঁ। দৰিদ্ৰজনৰ কল্যাণ, মধ্যবিত্তসকলৰ কল্যাণ, কৃষক-শ্রমিক সকলোৰে বাবে আমি একেলগে কাম কৰিম। ঢেকীয়াজুলিত শুভাৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাক উষ্ম আদৰণি জনালে ঢেকীয়াজুলিৰ বিজেপি কার্যকর্তাই।

মুখ্যমন্ত্ৰীগৰাকীক সম্ভাষণ জনোৱাৰ পূৰ্বেই দলৰ কাৰ্যকৰ্তাক উদ্দেশ্যি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য- আমাৰ পৰিচয় আমি হেৰাই যাব দিব নোৱাৰোঁ। বিদেশীৰ ষড়যন্ত্র ভেদ কৰি আই অসমীক উদ্ধাৰ কৰিব লাগিব। বিদেশীক সমর্থন কৰাসকলক উচিত প্ৰত্যুত্তৰ দিয়াজনৰ নাম হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। যিসকলে ড° হিমন্ত বিশ্ব শর্মা কোন বুলি প্রশ্ন কৰে, সেইসকলক আজি আমি জনাব বিচাৰিছোঁ, ড° শৰ্মা কেৱল বিজেপিৰ নেতা নহয়, ৰাজ্যবাসীৰ নেতা। বিৰোধীয়ে যুঁজ কৰাৰ কথা কয়। কিন্তু কাৰ লগত যুঁজ কৰিব, খিলঞ্জীয়াৰ সৈতে যুঁজ কৰিবলৈ সাজু হৈছে নেকি? সন্দেহযুক্ত বাংলাদেশীৰ সুৰক্ষাৰ স্বাৰ্থত সাজু হৈছে নেকি বিৰোধী? সন্দেহযুক্ত বাংলাদেশীৰ সমর্থন লৈ খিলঞ্জীয়াৰ বিৰুদ্ধেহে যুঁজ কৰিবলৈ সাজু হৈছে। জন আশীর্বাদ যাত্ৰাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰি সভাপতিগৰাকীয়ে কয়- অসমৰ জনতাৰ আশিস বিচাৰি, এখন সুৰক্ষিত-বিকশিত অসম নিৰ্মাণৰ বাবে এই যাত্রাই নিশ্চিতভাৱে ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। সমাগত বিধানসভা নির্বাচনত বিজেপি তথা এনডিএই পুনৰ এবাৰ ৰাজ্যবাসীৰ আশীৰ্বাদত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব পাৰিব। অহা ৯ দিনৰ ভিতৰত এই জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৩৫টা সমষ্টিক সাঙুৰি ল’ব। উল্লেখ্য যে ১ মার্চত এই জন আশীৰ্বাদ যাত্রাই জাগীৰোড, মৰিগাঁওঁ, ৰহা, নগাঁও, বঢ়মপুৰ সাঙুৰি লোৱাৰ পাছত ২ মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচা সমষ্টি সাঙুৰি ল’ব। ৫ মাৰ্চত আশীর্বাদ যাত্রাই সাঙুৰিব ধেমাজি, চিচিবৰগাঁও আৰু জোনাই।

৬ মার্চত আশীর্বাদ যাত্রা উপস্থিত হ’ব খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া, দুলীয়াজান। ৭ মার্চত আশীর্বাদ যাত্রা লৈ মুখ্যমন্ত্রী উপস্থিত হ’ব সৰুপথাৰ, গোলাঘাট, ঘুমটাই আৰু দেৰগাঁৱত। ৮ মার্চত আশীর্বাদ যাত্রাই সাঙুৰিব মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া। ৯ মাৰ্চত অন্ত পৰিবলগা আশীর্বাদ যাত্রা উপস্থিত হ’ব সৰভোগ, বজালী, টিহু, নলবাৰী আৰু ৰঙিয়া। প্রায় কুৰিখন গাড়ীৰে আগবঢ়া আশীর্বাদ যাত্রা ঢেকীয়াজুলি সমষ্টিৰ বৰছলা, ডুমডুমা, বৰঝাৰ, চিৰাজুলি, নাৰায়ণপুৰ, ৰবৰতলা, ভোটপাৰা, ঢেকীয়াজুলি টাউনলৈ আগবাঢ়ে। যাত্রাপথত বাটৰ দুয়োকাষে ৰৈ থকা হাজাৰ হাজাৰ লোকে শংখধ্বনি, উৰুলি, দেৱবাদ্যৰে মুখ্যমন্ত্ৰীক আদৰণি জনায় আৰু পুষ্পবৃষ্টি কৰি আশীৰ্বাদ দিয়ে। ১৩গৰাকী বীৰ শ্বহীদৰ আত্মবলিদানৰ বীৰগাথাৰ স্মৃতি বিজড়িত ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত স্থাপিত শ্বহীদ স্তম্ভত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বিশাল জনসমাগমৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰছলাত উপস্থিত হয়। বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুরে শংখ-ঘণ্টা-খোল-তাল-পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। মুখ্যমন্ত্ৰীৰ এই যাত্রাপথত বৰছলা সমষ্টিৰ ডাংগাবস্তি, ঠেলামাৰা, কাৱৈমাৰী, টুমুকী, বিহগুৰি গাঁৱৰ হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীগৰাকীক হিয়া উজাৰি আশীর্বাদ দিয়ে। বিশাল জনসমুদ্ৰৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকী তেজপুৰত উপস্থিত হয়।জন আশীর্বাদ যাত্রাত মুখ্যমন্ত্রী ড° শর্মাক সংগ দিলে সভাপতি দিলীপ শইকীয়াৰ লগতে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটা, মন্ত্রী অশোক সিংহলে।