বেতকুছিত গুৱাহাটী পৌৰসেৱা ভৱন মুকলি মুখ্যমন্ত্ৰীৰ ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ বেতকুছিত গুৱাহাটী পৌৰ সেৱা ভৱন উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ বেতকুছিস্থিত গুৱাহাটী পৌৰ সেৱা ভৱনৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ পৰা গুৱাহাটী পৌৰ নিগমৰ কাম-কাজ নিয়ন্ত্ৰণ হ’ব বেতকুছিৰ পৌৰ সেৱা ভৱনৰ পৰা। উল্লেখ্য যে প্রায় ২৫ কোটি টকা ব্যয়সাপেক্ষে বেতকুছিৰ ৪ বিঘা ৩ কঠা ভূমিত গুৱাহাটী পৌৰ নিগমৰ জি প্লাছ ফাইভ মহলাৰ আধুনিক ভৱনটো নিৰ্মাণ কৰা হৈছে।

ভৱনটোত মেয়ৰ, উপ-মেয়ৰ, বিষয়াৰ কার্যালয়, সভাগৃহ, কেন্টিন, ছফ্টৱেৰ ডেভল’পাৰ আৰু অতিথিসকলৰ বাবে সুবিধাসহ সকলো আধুনিক ব্যৱস্থা সংলগ্ন কৰা আছে। এই ভৱনটোৰ সমীপত এটা সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰ কামো অব্যাহত আছে বুলি মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে। এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।
