কেৰিয়াৰ বিষয়ত একেটা লেখা নে অনুষ্ঠান অনুসৰি বেলেগ লেখা?
ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৰূপালী, সোণালী, হীৰক জয়ন্তী আদি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু বাৰ্ষিক মুখপত্ৰসমূহলৈ কেৰিয়াৰ বিষয়ক লেখা প্ৰেৰণ কৰি আহিছোঁ। এইদৰে লেখা প্ৰেৰণ কৰাৰ মূল উদ্দেশ্য হ’ল—ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা শিক্ষাৰ্থীসকল যাতে কেৰিয়াৰৰ ক্ষেত্ৰত অলপ হ’লেও সঠিক দিশ আৰু প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰে।
বহুতে আমাক প্ৰশ্ন কৰে—কেৰিয়াৰ বিষয়ক একেটা লেখাকে প্ৰেৰণ কৰোঁ নে প্ৰতিটো অনুষ্ঠানৰ বাবে বেলেগ বেলেগ লেখা লিখোঁ? এই সন্দৰ্ভত আমাৰ স্পষ্ট মতামত আগবঢ়াব বিচাৰিছোঁ।
২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছোঁ। ইয়াৰ উপৰি ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মুখামুখিকৈ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ লাভ কৰিছোঁ। লগতে ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাও লাভ কৰিছোঁ।
এই দীঘলীয়া অভিজ্ঞতাৰ জৰিয়তে আমি এটা গুৰুত্বপূৰ্ণ কথা স্পষ্টভাৱে অনুভৱ কৰিছোঁ যে অসমৰ চুকে-কোণে এনে বহু শিক্ষাৰ্থী আছে, যিসকলে বিভিন্ন ধৰণৰ কেৰিয়াৰ বিকল্প সম্পৰ্কে অৱগত নহয়। বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক পৰ্যায়ত কলা, বিজ্ঞান, বাণিজ্য শাখা অথবা বৃত্তিমুখী শিক্ষাৰ মাজৰ পৰা কোনটো পথ বাছি ল’ব লাগে আৰু তাৰ পিছত সেই বাছনিৰ ভিত্তিত কেনেদৰে নিজকে সুপ্ৰতিষ্ঠিত কৰিব পাৰি—এই গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত বহু শিক্ষাৰ্থী আৰু অভিভাৱকে সম্যক আৰু স্পষ্ট ধাৰণা লাভ নকৰে।
এই প্ৰেক্ষাপটত এটা বিস্তৃত আৰু তথ্যসমৃদ্ধ কেৰিয়াৰ বিষয়ক লেখা প্ৰস্তুত কৰি ৰাখিছোঁ, য’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পাছৰ শিক্ষা-বাছনি, বিভিন্ন শাখাৰ সম্ভাৱনা, প্ৰতিযোগিতামূলক পৰীক্ষা, পেছাগত শিক্ষা আৰু ভবিষ্যৎ স্থায়িত্বৰ দিশসমূহ সৰল ভাষাত ব্যাখ্যা কৰা হৈছে। এই লেখাটো প্ৰতিবাৰ প্ৰকাশৰ বাবে প্ৰেৰণ কৰাৰ সময়ত সময়োপযোগী নতুন তথ্য, নতুন কেৰিয়াৰ বিকল্প আৰু শেহতীয়া পৰিবর্তনসমূহ সংযোজন কৰা হয় । লগতে অনুষ্ঠান অনুসৰি লেখাটো পৰিবর্তন কৰি প্রকাশৰ বাবে প্ৰেৰণ কৰা হয়।
আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে — শিক্ষাৰ্থী আৰু অভিভাৱকসকলে যাতে সঠিক সময়ত সঠিক তথ্য লাভ কৰি সুস্থিৰ আৰু সুসংগঠিত কেৰিয়াৰ গঢ়াৰ দিশে আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকল আগবাঢ়ি যাব পাৰে। যদি আমাৰ এই সামান্য প্ৰচেষ্টাই এজন শিক্ষাৰ্থীৰ জীৱনত অকণমান হলেও ইতিবাচক পৰিবর্তন আনি দিব পাৰে, তেন্তে সেইটোৱেই আমাৰ বাবে সাফল্য হিচাপে বিবেচিত হ’ব।
