সপোন – দৰিনা পায়ুন

Pc Medium

সপোন

দৰিনা পায়ুন,মাজুলী

মাজুলী জিলাৰ এখন সৰু গাঁও। সন্ধিয়া বেলি ব্ৰহ্মপুত্ৰৰ পাৰত ঠাণ্ডা বতাহ, গাঁওখনৰ চাহৰ দোকানখনত সদায়ে যুৱক-যুৱতীসকলৰ ভিৰ লাগে। সেই দোকানখনতেই অনু, ৰুনজুন আৰু হিমাংশু প্ৰতিদিনে বহি চাঁহ খায় । তিনিওজন একে কলেজত পঢ়ে, কিন্তু সপোন তিনিওজনৰে বেলেগ । অনুৰ মনত এটা সপোন— ডাক্তৰ হ’ব। কিন্তু ঘৰৰ আৰ্থিক অৱস্থা বেয়া। ৰুনজুনৰ সপোন সাংবাদিক হ’ব। তেওঁ গাঁৱৰ কাহিনী, মানুহৰ দুখ-সুখ লিখিব বিচাৰে। কিন্তু গাঁৱৰ মানুহে কয়, “এইবোৰ কৰি কি লাভ?”

হিমাংশু- সি সদায়ে কয় , “মই ইউটিউব চেনেল খুলিম , অসমীয়া কন্টেন্ট বনাম।” বন্ধুসকলে হাঁহে, কিন্তু সি থমকি নাথাকে।

এদিন সন্ধিয়া, চাহৰ দোকানখনত বহি থকা অৱস্থাত ৰুনজুনে ক’লে— “আমি কিয় সদায়ে ভয় খাই থাকিম? সপোন দেখাটো ভূল নেকি?”

অনু চুপ হৈ থাকিল। তাৰপাছত ক’লে— ভয় লাগে। যদি বিফল হওঁ?”

হিমাংশু হাঁহি ক’লে— “বিফল হ’লে কি? অন্তত চেষ্টা কৰিলোঁ বুলি ক’ব পাৰিম।”

সেইদিনা তিনিওজনে এক সিদ্ধান্ত ল’লে— ভয় নকৰাকৈ আগবাঢ়িম।

অনুৱে প্ৰতিদিনে ৰাতি দেৰিলৈ পঢ়া আৰম্ভ কৰিলে। ৰুনজুনে গাঁৱৰ বৃদ্ধা আইতাকৰ কাহিনী লিখি এটা অনলাইন পেইজত প্ৰকাশ কৰিলে। হিমাংশুৱে মোবাইলৰে সৰু ভিডিঅ’ বনাই আপলোড কৰিলে। প্ৰথমে কোনো ডাঙৰ ফল নাহিল। কিছুমানে সমালোচনা কৰিলে। কিছুমানে হাঁহিলে। কিন্তু তেওঁলোকে এৰি নিদিলে।এবছৰৰ পাছত— অনু মেডিকেল কলেজত চিট পালে। ৰুনজুনৰ লেখা এখন ডাঙৰ অনলাইন প’ৰ্টেলত প্ৰকাশিত হ’ল। হিমাংশুৰ ভিডিঅ’ ভাইৰেল হ’ল। চাহৰ দোকানখনত পুনৰ তিনিওজন বহি আছে। এইবাৰ হাঁহিটো বেলেগ। আত্মবিশ্বাসেৰে ভৰা।

ৰুনজুনৰ মুখত এটা বাক্য— “সপোন ডাঙৰ সৰু নহয়। সাহস থাকিলে হ’ল।”

“আজিৰ যুৱসমাজৰ ডাঙৰ শত্রু ভয় আৰু সন্দেহ। কিন্তু চেষ্টা আৰু আত্মবিশ্বাসেৰে যিকোনো গাঁওৰ চাহৰ দোকানৰ পৰা আৰম্ভ হোৱা সপোনো আকাশ পোৱা যায়।”