ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্র
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) নৃতত্ত্ব বিভাগৰ উদ্যোগত তথা গবেষণা আৰু উন্নয়ন কোষৰ সহযোগত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ‘Population health and well-being in India with special reference to Northeast India (ISPHW-2026)’ -শীর্ষক এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্র অনুষ্ঠিত হ’ব।এই আলোচনা চক্ৰখনিত উত্তৰ-পূব ভাৰতৰ লগতে সমগ্ৰ ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত মানৱ স্বাস্থ্য আৰু কল্যাণ সম্বন্ধীয় বিভিন্ন দিশ ইয়াৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (এচ ডি জি ৩) সম্পর্কীয় সকলো বিষয় আলোচনা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিৰ উদ্বোধনী সভাত আদৰণী ভাষণ প্রদান কৰিব মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° লখিৰাম শইকীয়াই উদ্বোধন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনিৰ বীজ ভাষণ প্ৰদান কৰিব ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র তথা বর্তমান আমেৰিকাৰ চিনচিনাটি বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক ড° ৰঞ্জন ডেকাই। উল্লেখ্য যে ড° ডেকাই আগবঢ়াবলগীয়া বক্তৃতাটি কানৈ মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী ড’ অৰুণ কুমাৰ দত্তৰ নামত উৎসৰ্গা কৰা হ’ব। আলোচনা চক্ৰখনিৰ লগত সংগতি ৰাখি প্রস্তুত কৰি উলিওৱা গবেষণাৰ সাৰাংশ পুথি উন্মোচন কৰিব কানৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা বিশিষ্ট সমাজকর্মী জ্যোতি প্রসাদ কানৈয়ে। আলোচনা চক্ৰখনিৰ দুটা দিনৰ বিভিন্ন বৈঠকত দেশ-বিদেশক প্রতিনিধিত্ব কৰা কেইবাজনো গবেষকে সমল ব্যক্তি ৰূপে উপস্থিত থাকি গবেষণা পত্র পাঠ কৰিব। অসম তথা দেশৰ বিভিন্ন ৰাজ্যৰ ১০০ জনৰো অধিক গৱেষকে মানব স্বাস্থ্য আৰু কল্যাণ সম্বন্ধীয় গবেষণা পত্র পাঠ কৰিব। উক্ত আলোচনা চক্রখনিৰ বিভিন্ন বৈঠকত ক্রমে মুম্বাইৰ টাটা ইনষ্টিটিউট অব ছচিয়েল চাইঞ্চৰ অধ্যাপক ড° চন্দ্র জ্যোতি সোনোৱাল, কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৰূপ ৰতন বন্দোপাধ্যায়, আৰ এম আৰ চি, ডিব্ৰুগড়ৰ প্রসিদ্ধ বিজ্ঞানী ডাঃ প্রশান্ত কুমাৰ বৰা, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়ৰ অধ্যাপক ডাঃ হেমন্ত কুমাৰ দত্তই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্রৰ শীর্ষক বিষয়ত নির্ধাৰিত গৱেষণা পত্র পাঠ কৰিব। আলোচনা চক্রখনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্রুবজ্যোতি ভূঞা। লগতে নৃতত্ত্ববিদ ড° সার্থক সেনগুপ্তা, ড০ ফৰিদা আহমেদ দাস, ড’ দীপাঞ্জনা দত্ত দাস, ড° কল্যাণ বৰুৱাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্রখনি সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তাসকলে সংশ্লিষ্ট সকলোৰে পৰা সহায়- সহযোগিতা কামনা কৰিছে।
