পৰিয়ালৰ মূধচ
ৰশ্মি ৰেখা দুৱৰা
কলমৰ চিয়াঁহী শেষ হ’ল
বহী এখনৰো অতি প্ৰয়োজন
সম সাজযোৰ পুৰণি হৈছে
ওখ হৈছোঁ চেণ্ডেলযোৰো চুটি হৈছে,
কেনেকৈনো কওঁ
দেউতাৰ কষ্ট যে চকুৰ সন্মুখত,
দেউতাৰ ওখ অট্টালিকা নাই
নামী দামী গাড়ী নাই
আছে এখন সঁচা অন্তৰ
সন্তানৰ প্ৰতি অজস্ৰ মৰম-ভালপোৱা।
প্ৰয়োজনবোৰ নক’লেও বুজে
নিজে নাখায় ভাল খোৱাই
নিজে নিপিন্ধি পিন্ধাই
পিতৃৰ কৰ্তব্যত কোনো কৃপণালি নাই।
কষ্ট যে হৈছে অনুভৱ নকৰাই
দুগুণে কষ্ট কৰে
প্ৰয়োজনবোৰ সহজেই পূৰণ কৰে
কষ্ট নোহোৱাৰ অভিনয় কৰে,
এয়াই চেনেহৰ দেউতা
পৰিয়ালৰ মূধচ হৈ থিয় দিয়ে।
