উদিয়মান সাহিত্যিক নিকুঞ্জ শৰ্মাৰ “Breaking the Silence: A Journey of Mine” গ্ৰন্থৰ উন্মোচন
উদিয়মান সাহিত্যিক আৰু সমাজ সেৱক শ্ৰী নিকুঞ্জ শৰ্মাৰ “Breaking the Silence: A Journey of Mine” নামৰ গ্ৰন্থখনৰ উন্মোচন গুৱাহাটী মহানগৰীৰ নেহৰু পাৰ্কত অনুষ্ঠিত হয়। এই গ্ৰন্থখনৰ উন্মোচন প্ৰজ্ঞোতিষ মহাবিদ্যালয়ৰ হিসাববিজ্ঞান বিভাগৰ বিভাগীয় প্রধান ড° উদ্দিপ্ত নায়ন মেধিৰ দ্বাৰা কৰা হয়। ‘Breaking the Silence’ গ্ৰন্থখনত কেইবাটাও গুৰুত্বপূৰ্ণ সামাজিক সমস্যা উল্লেখ কৰা হৈছে। মহিলা সবলীকৰণ, শিশু শ্ৰম আৰু মানৱ সৰবৰাহৰ দৰে বিষয়সমূহ এই গ্ৰন্থখনত বিস্তাৰভাবে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে দৰিদ্ৰতা আৰু সন্ত্রাসবাদত যুৱ প্ৰজন্মৰ ভূমিকা সন্দর্ভতো গভীৰভাৱে বিশ্লেষণ কৰা হৈছে। “Breaking the Silence: A Journey of Mine” গ্ৰন্থখনৰ জড়িয়তে নিকুঞ্জে নিজৰ শৈশৱৰ সপোন পূৰণ কৰিলে। নিকুঞ্জ শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰে। তেওঁ মুখ্যমন্ত্ৰীক নিজৰ গ্ৰন্থ “Breaking the Silence: A Journey of Mine” উপহাৰ হিচাপে প্ৰদান কৰে। সাহিত্যিক উদ্যোগৰ স্বীকৃতি স্বৰূপে মুখ্যমন্ত্ৰীয়ে নিকুঞ্জলৈ ১০,০০০ টকাৰ উৎসাহমূলক সম্মানী প্ৰদান কৰে। উল্লেখযোগ্যভাৱে, মুখ্যমন্ত্ৰীয়ে নিকুঞ্জৰ সাহিত্যিক প্ৰয়াসৰ উচ্চ প্ৰশংসা কৰে। ইয়াৰ পাছতে, নিকুঞ্জ শৰ্মাই আৰক্ষী সঞ্চালক হৰমিৎ সিংৰ সৈতে সাক্ষাৎ কৰে য’ত তেওঁ ফুলাম গামোচাৰে নিকুঞ্জক সন্মান জনায়।
