বেয়া ল’ৰা  – সীমান্ত কবি

Pc LonerWolf
বেয়া ল’ৰা
  সীমান্ত কবি
গাঁও ছেৱলটাৰী
 দক্ষিণ শালমাৰা
মই বোলে এটা মস্ত গাধ
ঘৰ খনৰ আৱৰ্জনা
মই এটা নষ্ট ল’ৰা ।
দেউতাই সদায় বুজাইছিল
তোৰ ককায়েৰ দুজন মানুহ হল
চাকৰি কৰে বিদেশত
তই হে গৰু হলি।
ডাবি ধমকি দি কৈছিল
এইটোয়ে সময়
ভালকৈ পঢ়াশুনাত মন দিলে
এদিন ভাল মানুহ হবি।
মই নিদিলো কাণ সাৰ
স্ফূৰ্তি কৰি ঘুৰিলোঁ
দেউতা অৱসৰ হল
প্ৰেচাৰ, ডায়েৱেটিচত
আগৰ দৰে চলিব নোৱাৰা হল।
বজাৰ সমাৰ ডাক্তৰ চেম্বাৰ চিলিণ্ডাৰ
দৰব পাতি মোৰ কান্ধত
আত্মীয় স্বজন কাম সকাম লাইটৰ বিল…
চবতে  “বাবু তই যা”
দেউতাই আজি কৈছে
ধন ঐ, তোৰ বাদে বুঢ়া বুঢ়ীৰ আছে কোন
তয়ে ভাল পাঠ পঢ়িলি
তয়ো চাকৰি সূত্ৰে বিদেশ যোৱা হলে
আমুকাৰ বৃদ্ধশ্রমেই হল হয় শেষ গতি।