ছুপাৰ এইটত জিম্বাব ‘ৱেক ১০৭ ৰানত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৱেষ্ট ইণ্ডিজে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ প্ৰথমখন মেচতে বৃহৎ বিজয় সাব্যস্ত কৰিছে। ৱাংখেড়েত অনুষ্ঠিত মেচখনত ৱেষ্ট ইণ্ডিজে জিম্বাব’ৱেক ১০৭ ৰানত পৰাস্ত কৰে। মেচখনত কেৰিবিয়ান বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৫৫ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ব্রেড ইভানছৰ ৪৩, ডিয়ন মায়েৰ্ছৰ ২৮ আৰু অধিনায়ক ছিকন্দৰ ৰজাৰ ২৭ ৰানৰ সহায়ত জিম্বাব’ৱেই ১৭.৪ অ’ভাৰত ১৪৭ ৰান কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ গুডাকেশ ম’টিয়ে সর্বাধিক ৪টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি ছিমৰন হেটমায়াৰ আৰু ৰ’ভমান পাৱেলৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ২৫৪ ৰান কৰে। ইনিংছ আৰম্ভণি সুখকৰ নাছিল ৱেষ্ট ইণ্ডিজৰ। দলীয় স্ক’ৰ ৫৪ ৰানত দুটা উইকেট হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও হেটমায়াৰ আৰু পাৱেলে তৃতীয় উইকেটত ১২২ ৰান কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। মাত্র ১৯টা বলত অর্ধশতক অর্জন কৰি টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হৈ দ্রুত অর্ধশতক কৰাৰ নজিৰ গঢ়া হেটমায়াৰে ৩৪টা বলত ৮৫ ৰান কৰে। ২০০৯ চনৰ বিশ্বকাপত গেইলে ২৩টা বলত কৰা অর্ধশতকৰ অভিলেখটো হেটমায়াৰে ভংগ কৰে। ইফালে, পাৱেলে ৫৯ ৰান কৰাৰ লগতে ৰাডাৰফ’ৰ্ডে অপৰাজিতভাৱে ৩১, শ্বেফার্ডে ২১, হ’পে ১৪ আৰু হল্ডাৰে ১৩ ৰান কৰে।
