বিশিষ্ট লেখক জীৱকান্ত বড়াক ৰজনীকান্ত হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান

বিশিষ্ট লেখক জীৱকান্ত বড়াক ৰজনীকান্ত হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান::অৰুণাচলত সোণোৱাল কছাৰী সাহিত্য সভাৰ ইতিহাসবিদ, লেখক ৰজনীকান্ত হাজৰিকাক স্মৰণ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- সোণোৱাল কছাৰী সাহিত্য সভাৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, লেখক আৰু বিখ্যাত গ্ৰন্থ ‘মংগোল কছাৰীৰ গুপ্ত ইতিহাস’ ৰ প্ৰণেতা ৰজনীকান্ত হাজৰিকাৰ সোঁৱৰণত পোনপ্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘ৰজনীকান্ত হাজৰিকা সোঁৱৰণী বঁটা’ প্ৰদান কৰা হৈছে এগৰাকী ঔপন্যাসিক, লেখক, সমাজকৰ্মী তথা অৰুণাচল প্ৰদেশৰ নামচাইৰ কুমাৰী কছাৰী গাঁৱৰ নিৱাসী জীৱকান্ত বড়াক৷ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলা সমিতিৰ সহযোগত কুমাৰী কছাৰী গাঁৱৰ মিলনজ্যোতি যুৱক সংঘৰ প্ৰেক্ষাগৃহত সোণোৱাল কছাৰী সাহিত্য সভাই আয়োজন কৰা ৰজনীকান্ত হাজৰিকা স্মৃতি দিৱসৰ মুকলি সভাত ‘ডালাই ভেলীৰ ঢৌ, কুমাৰী কছাৰীৰ ইতিহাস’ আদিকে ধৰি কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা জীৱকান্ত বড়াক এই বঁটা প্ৰদান কৰা হয়৷ এই উপলক্ষ্যে সভাৰ সভাপতি মোহন সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত ‘ৰজনীকান্ত হাজৰিকাৰ জীৱন আৰু কৃতী’ শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ সভাত সোণোৱাল জনজাতিৰ এগৰাকী গৱেষক, লেখক, সমাজকৰ্মী তথা মুখ্য অতিথি ডাঃ জীতেন বড়াই ভাষণ প্ৰদান কৰি ৰজনীকান্ত হাজৰিকাৰ জীৱন-কৃতী সম্পৰ্কে চমুকৈ আলোকপাত কৰাৰ লগতে তেখেতৰ অমূল্য সৃষ্টি ‘মংগোল কছাৰীৰ গুপ্ত ইতিহাস’ সোণোৱাল কছাৰী তথা অসমীয়া ভাষা-সাহিত্যৰ এক অমূল্য সম্পদ বুলি উল্লেখ কৰে আৰু এই গ্ৰন্থখনিৰ সম্পৰ্কে গৱেষণা কৰাৰ পোষকতা কৰি ৰজনীকান্ত হাজৰিকাৰ দৰে ব্যক্তিক নতুন প্ৰজন্মৰ মাজত, জনজীৱনৰ মাজত জীয়াই ৰখাৰ বাবে স্মৃতিচাৰণ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সাহিত্য সভাৰ শলাগ লয়৷ সভাৰ পত্ৰিকা সম্পাদক কল্পজিত সোণোৱালে আঁতধৰা আৰু নামচাই জিলা সমিতিৰ সম্পাদক ৰতন সোণোৱালে আদৰণী ভাষণ প্ৰদান কৰা কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘সোণোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকাই ভাষণ প্ৰসংগত এইগৰাকী ব্যক্তিৰ নামত বঁটা প্ৰৱৰ্তন কৰি বিশেষভাৱে সন্মান প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে বঁটাপ্ৰাপ্ত ব্যক্তিগৰাকীও সন্মানিত হোৱাৰ কথাই সোণোৱাল জনজাতিয়ে দায়বদ্ধতা স্বীকাৰ কৰা জাতি বুলি পৰিচয় প্ৰদান কৰিলে বুলি উল্লেখ কৰে৷ সভাত উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বসন্ত সোণোৱালে অৰুণাচল প্ৰদেশত বসবাস কৰা সোণোৱাল লোক সকলৰ বাবে অহা বিত্তীয় বৰ্ষত বিশেষভাৱে পুঁজিৰ আৱন্টনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ভাষণত উল্লেখ কৰে৷ সভাত সদৌ অৰুণাচল সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম সোণোৱাল, অৰুণাচল প্ৰদেশ কছাৰী জাতি উন্নয়ন পৰিষদৰ সভাপতি মোহন চন্দ্ৰ ফাটোৱালী, অৰুণাচল প্ৰদেশৰ সদৌ সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী অজন্তা সোণোৱালে অৰুণাচল প্ৰদেশৰ বসবাস কৰা সোণোৱাল জনজাতিৰ ৰাইজৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি ইয়াক নিৰাময়ৰ বাবে অসমস্থিত সোণোৱাল জনজাতিৰ সকলো সংগঠন তথা ৰাইজৰ লগতে স্বায়ত্তশাসিত পৰিষদক সহযোগিতাৰ বাবে আহ্বান জনায়৷ আনহাতে মুখ্য সম্পাদক মৃদুল সোণোৱালে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সভাৰ দ্বাৰা ‘সোণোৱালৰ পূৰ্ণাংগ শব্দকোষ’ প্ৰণয়নৰ কাম সমাপ্ত হোৱাৰ লগতে ২০২৭ বৰ্ষৰ ভিতৰত সোণোৱাল কছাৰী ইতিহাস প্ৰণয়নৰ কাম সমাপ্ত কৰাৰ বাবেচেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰে৷ সভাত বঁটাপ্ৰাপক জীৱকান্ত বড়াই অত্যন্ত আৱেগিক হৈ নিজৰ অনুভৱ ব্যক্ত কৰে৷ সভাৰ অন্যতম সম্পাদক জয়া বড়াই শলাগ জ্ঞাপন কৰা সভাত সোণোৱাল কছাৰী সাহিত্য সভাৰ উপদেষ্টা মহেন্দ্ৰনাথ সোণোৱাল, উপসভাপতি সুমন্ত বড়া, মণিদীপা লালোৱাৰী, সাংস্কৃতিক সম্পাদক প্ৰশান্ত বড়া, সাংগঠনিক সম্পাদক নেত্ৰ সোণোৱাল, ৰঞ্জিত সোণোৱাল, ৰঞ্জন সোণোৱাল, কাৰ্যালয় সম্পাদক ভৱেন সোণোৱাল, সদস্য লনেন সোণোৱাল, অৰুণাচল প্ৰদেশৰ সদৌ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি যতীন সোণোৱাল, সোণোৱাল সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি অৰবিন্দ বড়া, প্ৰাক্তন সাংগঠনিক সম্পাদক দেৱানন্দ সোণোৱাল, শ্যামল সোণোৱালকে ধৰি অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ ২৮ খন গাঁৱৰ তিনি শতাধিক ৰাইজ উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে সভাৰ পতাকা উন্মোচন কৰে ক্ৰমে কেন্দ্ৰীয় সমিতিৰ সভাপতি মোহন সোণোৱাল আৰু নামচাই জিলা সমিতিৰ সভাপতি পূৰ্ণকান্ত সোণোৱালে৷ ৰজনীকান্ত হাজৰিকাৰ প্ৰতিচ্চবিত শ্ৰদ্ধাৰ্ঘ নিবেদন কাৰ্যসূচী মুকলি কৰে সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে৷