দুর্গম অঞ্চলৰ বিদ্যালয়ত খালী শিক্ষকৰ পদঃশিক্ষামন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা-ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰ অঞ্চল তথা দুর্গম অঞ্চলত থকা বিদ্যালয়সমূহৰ পৰা যাতে শিক্ষকসকল বদলি নহয় বা হ’ব নোৱাৰে তাৰ বাবে শিক্ষকৰ ছাৰ্ভিচ ৰুল সংশোধনীৰ জৰিয়তে সলনি কৰিব বিচৰা হৈছে আৰু ইয়াক ৰাজ্য চৰকাৰে পর্যালোচনা কৰি আছে। ইয়াৰ জৰিয়তে দুর্গম অঞ্চলত বিদ্যালয়ভিত্তিত শিক্ষকৰ পদ সৃষ্টি কৰা। যাতে দুর্গম অঞ্চলত শিক্ষকৰ অভাৱ নহয়। দুর্গম অঞ্চলত যাতে শিক্ষকসকল বদলি হৈ যাব নোৱাৰে তাৰ ব্যৱস্থা কৰা। এই কথা প্রকাশ কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা প্রশ্নোত্তৰ কালত শিক্ষামন্ত্রী পেগুৱে সদৰী কৰে যে দুর্গম অঞ্চলত এই ব্যৱস্থাৰ জৰিয়তে স্থানীয় শিক্ষকক অৰ্হতাৰ ভিত্তিত নিযুক্তি দিয়াৰো ব্যৱস্থা কৰা হৈছে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে যোগাযোগৰ অভাৱ, শিক্ষা দানৰ প্ৰতিকূল পৰিৱেশ আদিৰ কাৰণে দুর্গম অঞ্চলত নিযুক্তি পোৱা শিক্ষকসকলে বদলি হ’ব বিচাৰে। এনে অৱস্থাত দুর্গম অঞ্চলত শিক্ষক নথকা বিদ্যালয়সমূহ মেপিং কৰি চিহ্নিত কৰা হৈছে। এই অঞ্চলসমূহত বিশেষ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। নিযুক্ত শিক্ষকসকল স্থানীয় ভিত্তিত হোৱাৰ লগতে তেওঁলোকক যোগ্যতাসম্পন্ন কৰি তোলাৰ ব্যৱস্থা কৰা হ’ব। নিযুক্তসকল যাতে দুর্গম অঞ্চলৰ পৰা বদলি নহয় তাৰ বাবে তেওঁলোকৰ পৰা এক আণ্ডাৰটেকিং লোৱা হ’ব। সদনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত সদৰী কৰা তথ্য অনুসৰি, শিক্ষা বিভাগৰ অন্তর্গত প্রাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়, উচ্চশিক্ষা সঞ্চালকালয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ত এতিয়াও সর্বমুঠ ৩২,৫২০ টা শিক্ষক-কর্মচাৰীৰ পদ খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, শিক্ষা বিভাগৰ অন্তৰ্গত প্রাথমিক শিক্ষা সঞ্চালকালয়ত মুঠ অনুমোদিত ৯৫,৪৬৬ পদৰবিপৰীতে এতিয়াও খালী হৈ আছে মুঠ ১৩,৭৫৪ টাকে পদ। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৮৫,৪০৫ টা অনুমোদিত পদৰ বিপৰীতে ১৬,৩৫৬ টা পদ, উচ্চশিক্ষা সঞ্চালকালয়ৰ অধীনত মুঠ মুঠ অনুমোদিত অনুমোদিত। ১৫,৫৪৭ টা পদৰ বিপৰীতে ২,০৫৭ টা পদ আৰু কাৰিকৰী শিক্ষা সঞ্চালকালৰ অধীনত মুঠ অনুমোদিত ১,১৮৭ টা পদৰ বিপৰীতে এতিয়াও খালী হৈ আছে ৩৫৩ টাকে গুৰুত্বপূৰ্ণ পদ। আনহাতে, ৰাজ্যৰ প্রাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শাখাত খালী হৈ থকা শিক্ষকৰ পদ অনুসৰি, নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত মুঠ ১৩,৩৮১ টা, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ১০,১২৭ টা শিক্ষকৰ পদ খালী হৈ আছে। একেদৰে, আদর্শ বিদ্যালয় সংগঠনৰ অধীনত বর্তমানে ৭২টা স্নাতক শিক্ষকৰ পদ আৰু ৩৩ টা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ পদ খালী আছে। অৱশ্যে সদনত মন্ত্রী ডাঃ ৰণোজ পেগুরে জনাই যে প্রাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত খালী পদসমূহ পূৰণৰ বাবে ইতিমধ্যে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৫,৫৫০ টা খালী পদৰ বিজ্ঞাপন প্রকাশিত হৈছিল আৰু বিগত ২০২৫ চনৰ ৯ নৱেম্বৰত নিযুক্তিৰ প্রক্রিয়া সম্পন্ন হৈছে, য’ত বৰাক উপত্যকাৰ অন্তর্গত ৬৩৬ খন নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তি কৰা হৈছে। তাৰোপৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত ৪,৫০০ টা খালী পদৰ বিজ্ঞাপন প্রকাশিত হৈছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। এই নিযুক্তি প্রক্রিয়াত বৰাক উপত্যকাৰ লগতে অসমৰ বিভিন্ন বিদ্যালয়ৰ খালী পদসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বিধায়ক ভাস্কৰ বৰুৱাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰে যে এইবাৰ শিক্ষা বিভাগে ফেব্ৰুৱাৰী মাহৰ আগভাগতে বিদ্যালয়সমূহলৈ পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছে। এই কিতাপসমূহ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলক শিক্ষা ব্লকসমূহৰ পৰা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অপ্রাদেশীকৰণ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ প্রাদেশিকীকৰণৰ কাৰণে শিক্ষা বিভাগে এটা প’ৰ্টেল কৰি দিছে। বিদ্যালয়সমূহে এই প’র্টেলত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ বাবে আবেদন কৰিব পাৰিব। আজিৰ পৰা ২০২৫ চনৰ আইনৰ অধীনত অপ্রাদেশীকৃত বিদ্যালয়সমূহে প’র্টেলযোগে আবেদন কৰিব পাৰিব। আনহাতে, যিসকল শিক্ষকৰ পদ প্ৰাদেশীকৰণ নহ’ল তেওঁলোকৰ বাবে এককালীন এটা সাহায্য দিয়া হ’ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।
