পদূলি –  শ্বামিম আলম ( শৈশৱ)

পদূলি 

 শ্বামিম আলম ( শৈশৱ)
গুৱাহাটী বিশ্ববিদ্যালয় 
 তুমি আহিবা বুলি
         ৰৈ আছো মই,
  নাই তোমাৰ দেখা দেখিয়েই নাই
  তথাপিও তোমাৰ বাবে…………
  তুমি আঁতৰি যোৱা
   আজি কেইবাদিনো হʼল।
   তোমাক আৰু দেখা নহ’ল
  বাৰে বাৰে পদূলি মুখলৈ চাওঁ
  কিজানি তুমি আহিছাই
  নাই তোমাৰ আৰু এই
  বাটেৰে অহা নহʼল
  তুমি গʼলা গৈ আঁতৰি
  কোনো দিন উভতি নহাৰ বাটেৰে
  তথাপিও তোমাৰ বাবে সদায়
  আছো মই ৰৈ
  সেই একেই শ্বামিম হৈ ।।