মোলাই কাঠনিত পুনৰ অগ্নিসংযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অগ্নিসংযোগ মোলাই কাঠনিত। দুমাহত তৃতীয়বাৰলৈ জ্বলিলযোৰহাটৰ ককিলামুখৰ মাজুলী বন সংমণ্ডলৰ অধীনৰ মোলাই কাঠনিৰ ২.০ত পুনৰ দুবৃৰ্ত্তই অগ্নিসংযোগ কৰিলে। বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত, এই বছৰৰ ১২ ফেব্ৰুৱাৰীৰ পাছত বুধবাৰে পুনৰ জুইৰ লেলিহান শিখা দেখা গ’ল ব্ৰহ্মপুত্ৰৰ মাজত অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিৰ কাষতে থকা এই বৃহৎ চাপৰিটোত। এই জুই ইমানেই ভয়াৱহ আছিল যে বহু কিলোমিটাৰ দূৰলৈকে ইয়াৰ প্ৰভাৱ বিয়পি পৰিছিল ৷ আনকি এই জুইৰ ফিৰিঙতি পৰিছিল অৰণ্যখনৰ বহু কিলোমিটাৰ দূৰৈত থকা যাদৱ পায়েঙৰ ঘৰত । ‘অৰণ্য মানৱ’, ‘পদ্মশ্রী’ বঁটাপ্ৰাপক যাদৱ পায়েঙৰ জীৱনজোৰা পৰিশ্ৰমৰ ফলত গঢ়ি উঠা চিৰসেউজ অৰণ্য মোলাই কাঠনিৰ সমীপতে তেওঁৰ জীয়ৰীয়ে ১৩ হাজাৰ হেক্টৰ ভূমিত ২০২২ চনৰ পৰা মূল্যৱান গছ পুলি ৰোপণ কৰি অহা অৰণ্যখনত দুষ্কৃতিকাৰীয়ে কৰা অগ্নিসংযোগৰ ফলত এক বৃহৎ অংশ জুইত জাহ যায়। ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে তিনিবাৰকৈ অৰণ্যখনত অগ্নিসংযোগ কৰা হৈছে যদিও বন বিভাগে সুৰক্ষা দিব নোৱাৰা বিষয়টো এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তেওঁ প্ৰশাসনক অৱগত কৰিছে আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক অৱগত কৰাত অগ্নিকাণ্ড সংঘটিত অঞ্চল পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে। অৰণ্যখনত সঘনে অগ্নিসংযোগ কৰা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে যোৰহাটৰ সচেতন মহলে। যাদৱ পায়েঙে এই সম্পর্কত বনমন্ত্রীক অভিযোগ দিয়া বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে অৰণ্য মানৱগৰাকীয়ে ইয়াৰ পূৰ্বেও বনমন্ত্রীক অভিযোগ দিছিল যদিও দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্রহণ কৰা নাছিল বন বিভাগে। ২০২২ চনৰ পৰা যাদৱ পায়েঙৰ কন্যা মুনমুনী পায়েঙে কলকাতাৰ ‘ছাছটেইনেবল গ্রীন ইনিচিয়েটিভ’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে বহু হেক্টৰ ভূমিত ৰোপণ কৰিছিল লক্ষাধিক মূল্যৱান গছৰ পুলি। নতুনকৈ গছপুলি ৰোপণ কৰা স্থানতে ২৮ ডিচেম্বৰৰ দুপৰীয়া আৰু ১১ ফেব্ৰুৱাৰীতো কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছিল। কি কাৰণত বাৰে বাবে এই অৰণ্যখন দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে সেই সম্পৰ্কত অনুসন্ধান চলাই দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।
