লিমাৰিক
ৰশ্মি গগৈ,টেঙাখাত (ডিব্ৰুগড়)
(১)
গা গছত হেনো কপৌফুল গ্ৰহণীয়,
ৰঘূমলাক যে কোৱা হয় বৰ্জণীয়,
কোৱা কোন গ্ৰহণীয়,
আৰু কোন বৰ্জণীয়,
হিমন্ত মামা আৰু গৌৰব গগৈ ঠিয়।
(২)
ৰাজনীতি নাজানো ভালো নাপাওঁ মই,
তথাপি মন গ’লেই লিখি পাওঁ দেই,
বেয়া বুলি নাভাবিবা,
দায় দোষ নধৰিবা,
শৰীৰত আছে যে আহোমৰ তেজেই।
