অন্তিমটো দল হিচাপে ছুপাৰ এইটত প্ৰৱেশ পাকিস্তানৰ
ৰঙিলী বোৰ্ত্তাসেৱা– অন্তিমটো দল হিচাপে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত প্ৰৱেশ কৰিলে পাকিস্তানে । বুধবাৰে কলম্বোত অনুষ্ঠিত গ্রুপ এৰ বিজয় অপৰিহাৰ্য মেচখনত পাকিস্তানে নামিবিয়াক ১০২ ৰানত পৰাস্ত কৰে। মেচখনত বিজয় সাব্যস্ত কৰি পাক বাহিনীয়ে চাৰিখন মেচৰ তিনিখন জয় আৰু এখনত পৰাস্ত হৈ মুঠ ৬ পইন্টেৰে গ্ৰুপ এৰ পইন্ট তালিকাৰ দ্বিতীয় স্থান দখল কৰি ছুপাৰ এইটলৈ উন্নীত হয়। মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ওছমান তাৰিক আৰু ছাদাব খানৰ দুৰ্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ নামিবিয়াই ১৭.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ মাত্র দুগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। অ’পেনাৰ ল’ৰেন ষ্টিনকেম্পে সর্বাধিক ২৩ আৰু আলেকজেণ্ডাৰ বাছিং-ভ’লচেংকে ২০ ৰানৰ অৱদান আগবঢ়ায়। পাকিস্তানৰ হৈ তাৰিকে ৪টা আৰু ছাদাবে ৩টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ ছাহিবজাদা ফাৰহানৰ দৰ্শনীয় অপৰাজিত ১০০ ৰানৰ সহায়ত পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৯৯ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ৪০ ৰানতে ছাইম আয়ুব (১৪)ক হেৰুৱাইছিল পাকিস্তানে। অৱশ্যে ৫৮টা বলত শতক অৰ্জন কৰা ফাৰহানে অধিনায়ক ছলমান আঘাৰ সৈতে দ্বিতীয় উইকেটত ৬৭ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। আঘাই ৩৮ ৰান কৰে। ইফালে, ছাদাব খানে ৩৬ ৰান কৰি অপৰাজিত হৈ থাকে। উল্লেখ্য যে চলিত বিশ্বকাপত শতক অৰ্জন কৰা ফাৰহান হ’ল তৃতীয়গৰাকী বেটাৰ।
