অসম আৰক্ষীত ব্যাপক ৰদবদল

PC Twitter

অসম আৰক্ষীত ব্যাপক ৰদবদল

অনলাইন বাৰ্ত্তাসেৱা–  শদিয়াৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাক গোলাঘাটৰ আৰক্ষী অধীক্ষক পদলৈ বদলি। গোলাঘাট আৰক্ষী অধক্ষীক ড০ ৰবীন কুমাৰ (আইপিএছ বিষয়া)ক অসম আৰক্ষীৰ মুখ্যকাৰ্যালয়লৈ বদলি কৰা হৈছে। আইপিএছ বিষয়া মোহন লাল মীনাক শদিয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি। এপিএছ বিষয়া ৰিপুল দাসক কাহিলীপাৰাৰ এছবি (জেড)ৰ আৰক্ষী অধীক্ষক ৰূপে দায়িত্ব প্ৰদান। এপিএছ বিষয়া লীনা দলে’ক বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

(By Utpal Kalita)