হৃদয়ৰ উচুপনি – শ্বহিদুল ইছলাম

Pc Egypt Today

হৃদয়ৰ উচুপনি 

শ্বহিদুল ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা 

গুচি যোৱাৰ সময়ত
তুমি মোক একো নকলা
মোৰ হৃদয়ৰ কুঠৰীত
বিহ ঢালি দিলা।
তেত্রিশ বছৰ অতিক্রম কৰি
তোমাৰ হৃদয়ত নপৰিল আচোৰ
ৰৈ থাকিলোঁ মই কোনবা ঘাটত
গুচি গ’লা তুমি কোনবা বাটত?
তোমাৰ বিৰহত চকুলো মচি
নোহোৱা হৈছে মোৰ টোপনি
তুমি মোৰ জীৱনৰ প্ৰজ্জ্বলিত অগনি
কোনে শুনিব মোৰ অন্তৰৰ গুনগুননি?
তুমি বিহীন মোৰ কিবা আছে নেকি?
তুমি মোক দিলা জীৱন্ত ফাঁকি
তোমাৰ বাবে তেনেই তুচ্ছতা
মোৰ হিয়া ভৰা শুভেচ্ছা।
তোমাৰ প্ৰেম যমুনাত সাঁতুৰি-সাঁতুৰি
তেত্ৰিশ বছৰ পাৰ কৰি
পঞ্চধন পালা তুমি লাহৰি
হৈ পৰিলোঁ মই ভাগৰি।
তুমি মোৰ হৃদয়ৰ মৰম কাঢ়ি ল’লা
অৱশেষত মোক পাহৰি গ’লা
তোমাৰ অন্বেষণ কৰি
নাপালোঁ সঁহাৰি।