মাজুলীত ২,২১৮ কোটিৰ প্ৰকল্প উদ্বোধন-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেইটাবাটাও কাৰ্যসূচীৰে বৃহস্পতিবাৰে মাজুলী ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।এদিনীয়া কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰা মুখ্যমন্ত্রী ড° শর্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণিকে ধৰি সমষ্টিটোত ২,২১৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মাজুলী বিধানসভা সমষ্টিৰ ৩১,৯৫২ গৰাকীক চেক বিতৰণৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। এই ভ্রমণকালত মুখ্যমন্ত্রী ড° শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সভাৰ পিছতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু এটা ছাত্রী নিৱাস, সংহত জিলা আযুক্তৰ কাৰ্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়, দক্ষিণপাট সত্র সংগ্রহালয়, ‘জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্প’ নামৰ এটি প্রেক্ষাগৃহ আৰু মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰাৰ পদক্ষেপৰ আধাৰত চেলেকঘাটত লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰে। লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী-যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নির্মাণকাৰ্য আৰু দলংখন সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰে তেওঁ।

উল্লেখ্য যে ৫১ কোটি টকা ব্যয়েৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু ছাত্রী নিৱাসটো নিৰ্মাণ কৰা হৈছে। তিনিমহলীয়া শৈক্ষিক ভৱনটোত সৰ্বমুঠ ১,৮৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্রহণ কৰিব পাৰিব। ইয়াৰ উপৰি ভৱনটোত উপাচাৰ্য আৰু পঞ্জীয়কৰ কাৰ্যালয়, ষ্টাফৰ কোঠাসহ আন সুবিধাসমূহ থাকিব। চাৰিমহলীয়া ছাত্রী নিৱাসটোত ১৭৮গৰাকী ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মাজুলীৰ গড়মূৰত ২৪.৮৩ কোটি টকা ব্যয়েৰে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই উদ্বোধন কৰা মাজুলীৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টো ৩.৫৭ কোটি টকা ব্যয়েৰে গড়মূৰ আৰু কমলাবাৰীৰ মধ্যস্থানত নিৰ্মাণ কৰা হৈছে। তেনেদৰে মাজুলীৰ বৰদোৱাত ৩০ বিঘা মাটিত ৩৩.১৭ কোটি টকা ব্যয় কৰি চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়খন নির্মাণ কৰা হৈছে। প্ৰকল্পটোৰ অন্তৰ্গত শৈক্ষিক ভৱনৰ ৩টা ব্লক, ছাত্রী নিৱাস, অধ্যাপকৰ আৱাস, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ আৱাস, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ আৱাস, অধ্যক্ষৰ আৱাস, ৱাৰ্ডেনৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। দক্ষিণপাট সত্ৰৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ৩.৬৪ কোটি টকা ব্যয় কৰি দক্ষিণপাট সত্ৰ সংগ্ৰহালয় প্রকল্পটো নির্মাণ কৰা হৈছে। ইয়াত দৃশ্য-শ্রব্য কক্ষ, প্রদর্শনী কক্ষ, স্ট্রংৰুম, অধ্যয়ন কক্ষ আদিৰ সুবিধা আছে।

মাজুলীৰ গড়মূৰত ৪.২০ কোটি টকা ব্যয়সাপেক্ষে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তিনিমহলীয়া কার্যালয় আৰু ৰঙাচাহীত ১.২৫ কোটি টকা ব্যয়সাপেক্ষে ‘জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্প’ নামেৰে প্রেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে। অসম মালা ১.০ৰ অধীনত মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰা সংযোগী পথটোৰ উন্নীতকৰণৰ লগতে লোহিত আৰু সোৱণশিৰি নদীৰ ওপৰত দুখন দলং নির্মাণেৰে মাজুলীক লখিমপুৰৰ সৈতে পথ যোগাযোগ ব্যৱস্থাৰে সংযোগ কৰাৰ এক পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল। এই পদক্ষেপৰ অংশ হিচাপে লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা মুঠ ৭০২.৩০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন উদ্বোধন কৰা হয়। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই মাজুলী-যোৰহাট সংযোগী দলংখনৰ অৱশিষ্ট নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। এই দলংখনৰ কাম ২০২৪ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছিল। নিৰ্মাণকাৰ্য শুভাৰম্ভ হোৱাৰ পিছত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত সময় ২০২৭ চনৰ ১১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে।

মাজুলী বিধানসভা সমষ্টিৰ ৩১,৯৫২ গৰাকীক উদ্যমী মহিলাই ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ ধন লাভ কৰে। ইয়াকে ধৰি ৰাজ্যৰ ১১৩টা বিধানসভা সমষ্টিৰ ২৮,১৭,৮৫৭ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ’ল। উদ্যমিতা পুঁজিৰ চেক বিতৰণ উপলক্ষে গড়মূৰ মানিকা পথাৰত আয়োজিত বিশাল ৰাজহুৱা সভাখনত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি মহিলাসকলে লাভ কৰা ১০ হাজাৰ টকা আৰম্ভণিহে। আঁচনিখনৰ লক্ষ্য কেৱল টকা দিয়া নহয়। ইয়াৰ লক্ষ্য হৈছে লাখপতি বাইদেউ নোহোৱালৈকে মহিলাসকলক সহায় কৰি যোৱা। পুৰুষৰ লগতে মহিলাসকলেও যাতে উপার্জন কৰি ঘৰখন আগবাঢ়ি যোৱাত অৰিহণা যোগাব পাৰে তাৰ বাবে চৰকাৰে মহিলাসকলক লাখপতি বাইদেউ হিচাপে গঢ়িব বিচাৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে আগতে বহু মহিলাই নিজা উপার্জন নথকা বাবেই পৰিয়ালৰ সিদ্ধান্তত মাত মাতিব নোৱাৰিছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মহিলাসকল পাকঘৰৰ পৰা সমাজলৈ ওলাই আহিল, বহু মহিলাই নিজাকৈ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ মাজত এটা জাগৰণৰ সৃষ্টি হ’ল। মহিলাসকলে উপাৰ্জন কৰাৰ লগে লগে পৰিয়ালত সন্মান বৃদ্ধি পোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে অসম চৰকাৰে বিগত ৫ বছৰত অসমৰ মহিলাসকলক লাখপতি বাইদেউ হিচাপে গঢ়াৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰিছে। ইতিমধ্যে আত্মসহায়ক গোটৰ ৮ লাখ মহিলা লাখপতি বাইদেউ হৈছে আৰু কেইবাশ মহিলাই বছৰি ১০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰি মহালাখপতি বাইদেউত পৰিগণিত হৈছে।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে বহু মহিলাই বছৰি ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰি আছে। তেওঁলোকক অলপ সহায় কৰিলেই লাখপতি বাইদেউ হ’ব পাৰিব। আজি দিয়া ১০ হাজাৰ টকাৰে মহিলাসকলে লাখপতি বাইদেউ হোৱাৰ যাত্ৰা আৰম্ভ কৰিব পাৰিব। চৰকাৰে মহিলাসকলক ধনৰ উপৰি প্ৰশিক্ষণ আৰু বজাৰৰ ব্যৱস্থা কৰি দিব আৰু ভৱিষ্যতে অধিক ধন প্রদান কৰিব। উদ্যমিতা পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাবে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। মাজুলীত উদ্বোধন আৰু শিলান্যাস কৰা প্রকল্পসমূহৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে আজি শৈক্ষিক ভৱন আৰু এটা ছাত্রী নিৱাসৰ শুভাৰম্ভকৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু কলা শাখা আৰম্ভকৰা হ’ব। ইয়াৰ ফলত মাজুলীৰ শিক্ষার্থীয়ে বাহিৰলৈ নোযোৱাকৈয়ে স্নাতকোত্তৰ ডিগ্রী ল’ব পাৰিব। মাজুলীক লখিমপুৰৰ সৈতে সংযোগ কৰাৰ বাবে ৭০০ কোটি টকাৰে গ্ৰহণ কৰা এটা প্ৰকল্পৰ অধীনত লোহিত আৰু সোৱণশিৰি নৈৰ ওপৰত দুখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল। লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা দলংখন আজি ৰাইজৰ বাবে মুকলি কৰাৰ বিপৰীতে অহা ছমাহমানৰ ভিতৰত সোৱণশিৰি নৈৰ দলংখনৰো নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।

আজি অৱশিষ্ট নিৰ্মাণকাৰ্য আৰম্ভ হোৱা মাজুলী-যোৰহাট সংযোগী দলংখনৰ কাম ১৮ৰ পৰা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি সদৰী কৰি তেওঁ কয় যে দলং নিৰ্মাণৰ সমান্তৰালভাৱে সংযোগী পথৰো নিৰ্মাণকাৰ্য আজিৰে পৰা আৰম্ভ কৰা হৈছে। আজি নির্মাণকার্য আৰম্ভহোৱা দলং সংযোগী পথটোৰ ১১.৬১০ কিঃমিঃ পথ মাজুলী জিলাত আৰু ৭.৭৬৯ কিঃমিঃ পথ যোৰহাট জিলাৰ অন্তর্ভুক্ত হ’ব। ইয়াৰ লগতে এখন উৰণ সেতু নির্মাণ কৰা হ’ব। মাজুলী-যোৰহাট দলং আৰু সংযোগী পথটো ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰা বুলি সদৰী কৰি পথটোৰ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে ৩৮২ কোটি টকাৰ অনুমোদন দিয়াৰ কথা তেওঁ জানিবলৈ দিয়ে। উদ্যমিতা পুঁজিৰ চেক বিতৰণ উপলক্ষে আয়োজিত সভাখনত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ মন্ত্রী যোগেন মহন, বিধায়ক ভুবন গাম, নৱ কুমাৰ দলে, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, জিলা আযুক্ত ৰাতুল পাঠক প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি, শীর্ষ বিষয়াৰ উপৰি হিতাধিকাৰী মহিলসকল উপস্থিত থাকে।
