অসম বিজ্ঞান সমিতি ডিব্ৰুগড় শাখাৰ প্ৰতিষ্ঠা দিৱস পালন

অসম বিজ্ঞান সমিতি ডিব্ৰুগড় শাখাৰ প্ৰতিষ্ঠা দিৱস পালন:৩ গৰাকী ৭৫ ঊৰ্ধৰ বিজ্ঞানীক সম্বৰ্ধনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰৰ অৰ্থে ১৯৫৩ চনতে গুৱাহাটীত “গৌহাটী বিজ্ঞান সমিতি” নামেৰে গঢ়লৈ উঠা অনুষ্ঠানটিয়ে ১৯৫৬ চনত ‘অসম বিজ্ঞান সমিতি’ নামেৰে পৰিচিত হৈ বৰ্তমান পাঁ‌চ শতাধিক শাখাৰে অসমৰ চুকে কোণে জাতিষ্কাৰ হৈ পৰিছে। ১৩ ফেব্ৰুৱাৰী অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এইবাৰ কেন্দ্ৰৰ তৰফৰ পৰা শাখা সমূহলৈ দিয়া নিৰ্দেশ অনুসৰি ষাঠিৰ দশকতে গঢ়লৈ উঠা অন্যতম পুৰণি শাখা ডিব্ৰুগড় শাখাই ৭৫ বছৰৰ ঊৰ্দ্ধৰ তিনিগৰাকী বিজ্ঞানীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ লগতে ‘নিচাজাতীয় দ্ৰব্যৰ অপকাৰিতা’ সম্পৰ্কত এক বক্তৃতানুষ্ঠানৰো আয়োজন কৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্ব কৰে ডিব্ৰুগড় শাখাৰ সভাপতি, কানৈ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মূৰব্বী অধ্যাপিকা ড০ ভাৰতী দত্তই। শাখাৰ সম্পাদক নাছিৰ চুলতানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ পাৰ্থ গাংগুলিয়ে বিজ্ঞান সমিতিয়ে বিজ্ঞানৰ প্ৰচাৰ তথা প্ৰসাৰৰ অৰ্থে কৰি অহা কাৰ্যৰ প্ৰশংসা কৰে। ডিব্ৰুগড় শাখাৰ কাৰ্যাৱলীৰ অনুকৰণীয় দিশ সমূহো তেখেতে উল্লেখ কৰে। সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁ‌ত ধৰে শাখাৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাসে। সম্বৰ্ধিত তিনিগৰাকী ব্যক্তি যথাক্ৰমে ডাঃ ৰমা প্ৰসাদ মেধি, ড০ কুঞ্জলতা দেউৰী আৰু ড০ মুহিবুল ইছলামে তেখেতসকলৰ কৰ্মৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনোৱাত ডিব্ৰুগড় শাখাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ড০ মুহিবুল ইছলামে তাহানিতে অসম বিজ্ঞান সমিতিৰ সৈতে থকা ওতপ্ৰোত সম্পৰ্কৰ কথা শ্ৰদ্ধাৰে সোঁ‌ৱৰে। কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক আৰু ডিব্ৰুগড় শাখাৰ সভাপতি, সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত সম্বৰ্ধনা পত্ৰ, ফুলাম গামোছা আৰু একোটি গ্ৰন্থৰ টোপোলাৰে তেখেতসলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা পত্ৰ পাঠ কৰে শাখাৰ সভাপতি ড০ ৰঞ্জিত সিংহ, টিকেন্দ্ৰজিৎ গগৈ আৰু ড০ চুলতানা হাজৰিকাই। ডিব্ৰুগড় হনুমানবক্স সূৰুযমল কানৈ মহাবিদ্যালয়ত আজি অনুষ্ঠিত বক্তৃতানুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰণীত কুমাৰ চৌধুৰীয়ে কয় যে পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ দ্বাৰা নিচাজাতীয় দ্ৰব্যৰ প্ৰকাৰ, শাৰীৰিক তথা মানসিক দিশত এইসমূহৰ ব্যৱহাৰে কৰা অপকাৰিতা, সমাজত পৰা কুপ্ৰভাৱ,সমাজৰ কৰণীয় আদি বিভিন্ন দিশ সামৰি মনোজ্ঞ ভাষণ প্ৰদান কৰে। নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তিৰ লক্ষণসমূহ জানিলে পৰিয়ালে সচেতন হ’ব পাৰে । এনে দ্ৰব্যৰ প্ৰতি আসক্ত কৰিব পৰা পৰিৱেশৰ পৰা নিজ সন্তানক আঁ‌তৰাই ৰাখিব পাৰিব লাগিব। সম্প্ৰতি নৱপ্ৰজন্মই এনে দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰিয়াল একোটিক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। সমাজৰ যথেষ্ট কৰণীয় আছে বুলি বক্তা গৰাকীয়ে কোৱাৰ লগতে স্কুল কলেজত পাঠ্য পুথিত মাদক দ্ৰব্য অপকাৰিতা সম্পৰ্কত বিষয় থাকিব লাগে বুলিও তেওঁ কয়। তেখেতে বিভিন্নজনৰ প্ৰশ্নৰ উত্তৰো দিয়ে। ডিব্ৰুগড় শাখাৰ ড০ ফৰিদা আহমেদ, অজিত শৰ্মা, টিকেন্দ্ৰজিৎ গগৈয়ে নিজা নিজা অভিমত ব্যক্ত কৰে। কানৈ মহাবিদ্যালয়ৰ বিশেষকৈ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক -অধ্যাপিকা তথা ছাত্ৰ- ছাত্ৰী সকলৰ অনুষ্ঠানত সক্ৰিয় সহযোগিতা প্ৰশংসনীয় আছিল। বিএল বেৰীয়া আৰু মানকটা হাইস্কুলৰ ছাত্ৰ- ছাত্ৰীসকল অনুষ্ঠানত উপস্থিত আছিল। সমিতিৰ সভানেত্ৰীয়ে তেওঁৰ বক্তব্যত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱসত সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক যথাক্ৰমে ভি ডি থাৱানি আৰুপ্ৰসন্ন চন্দ্ৰয় গোস্বামীক সোঁৱৰণ কৰাৰ লগত সমিতিৰ উত্তৰণত কামকৰি যোৱা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ডিব্ৰুগড় শাখাটিৰ তাহানিৰ কাৰ্যকৰ্তা প্ৰয়াত ডিম্বেশ্বৰ চলিহা, ডাঃ তোলন শইকীয়া প্ৰমুখ্যে ব্যক্তিসকলক সোঁ‌ৱৰে। সম্বৰ্ধিত ব্যক্তি কেইগৰাকীৰ কৰ্মৰ শলাগ লয়। নিচাজাতীয় দ্ৰব্যৰ পৰা নিজকে আঁ‌তৰাই ৰখাৰ বাবে মানসিকভাৱে শক্তিশালী হোৱাৰ পোষকতা কৰে সভানেত্ৰীয়ে।সভানেত্ৰীয়ে তেওঁৰ বক্তব্যত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱসত সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক যথাক্ৰমে ভি ডি থাৱানি আৰু প্ৰসন্ন চন্দ্ৰভগোস্বামীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগত সমিতিৰ উত্তৰণত কাম কৰি যোৱা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ডিব্ৰুগড় শাখাটিৰ তাহানিৰ কাৰ্যকৰ্তা প্ৰয়াত ডিম্বেশ্বৰ চলিহা, ডাঃ তোলন শইকীয়া প্ৰমুখ্যে ব্যক্তিসকলকো অনুষ্ঠানত সোঁ‌ৱৰে। সম্বৰ্ধিত ব্যক্তিকেইগৰাকীৰ কৰ্মৰ শলাগ লয়। নিচাজাতীয় দ্ৰব্যৰ পৰা নিজকে আঁ‌তৰাই ৰখাৰ বাবে মানসিকভাৱে শক্তিশালী হোৱাৰ পোষকতা কৰে সভানেত্ৰীয়ে। সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল আছিল সাহিত্যিক,অভিযন্তা ধনীৰাম বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ কমলেশ্বৰ দত্ত, সাংবাদিক এম হাছিম আলি,ৰাজেন দত্ত, ড০ জ্যোতিপ্ৰসাদ ফুকন,অনুজ বৰুৱা, বিজয়লক্ষ্মী শৰ্মা গোস্বামী,কানন বৰুৱা,ফাৰহানা ইছলাম আদি।