সদৌ বংশৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাট কৰ্মশালা
বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বৃহত্তৰ বংশৰ অঞ্চলৰ নাট্য সাংস্কৃতিক অনুষ্ঠান সদৌ বংশৰ নাট্য সন্মিলনৰ উদ্যোগত অহা ৫ এপ্ৰিল ত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিজ কাৰ্যালয়ত দুমাহ ধৰি “নাট কৰ্মশালা “ৰ গৃহটি শুভ উদ্বোধন কৰে সদৌ বংশৰ নাট্য সন্মিলনৰ সভাপতি তথা শিক্ষক সনাতন বৈশ্য ই। বয়োজ্যোষ্ঠ তথা ভাগৱতচাৰ্য বগা ৰাম বৈশ্য ই বন্তি প্ৰজ্বলন কৰে। সদৌ বংশৰ নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা কৃতী প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই আতধৰা “নাট কৰ্মশালা “ৰ শুভাৰম্ভ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সন্মিলনৰ মুখ্য উপদেষ্টা ৰমেশ দাসে। কৰ্মশালাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ভূপেন তালুকদাৰে। বিশিষ্ট নাট পৰিচালক, অভিনেতা, নাট্যকাৰ তথা মুখ্য প্ৰশিক্ষক অমূল্য কুমাৰ দেৱে কয় যে এনেধৰণৰ কৰ্মশালাই উঠি অহা প্ৰজন্মক সঠিক বাটত আগুৱাই নিব আৰু উদ্যোগতা সকল প্ৰশাংসাৰ যোগ্য। অনুষ্ঠান টোত কামৰূপ জিলা নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা পূৱ বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি মালাকৰ,প্ৰদীপ দাস, ধৰ্মেশ্বৰ দাস, খগেন দাস, সুভাষ চন্দ্ৰ বৈশ্য,কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্য, ধ্ৰুৱজ্যোতি পাঠক,উৎপল বৈশ্যকে ধৰি ভালে সংখ্যাক নাট্যকৰ্মী আৰু প্ৰায় ২০ গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। আৰম্ভণিতে প্ৰতিষ্ঠিত কণ্ঠশিল্পী বংশৰৰ গৌৰৱ কৰিস্মা দাসে এটি ভক্তিমূলক গীত পৰিৱেশন কৰি কৰ্মশালা খন জিপাল কৰি তোলে।
