মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উদ্যামিতা আঁচনিৰ অধীনত মাজুলীৰ ৩১,৯৫২ গৰাকী গোটৰ মহিলাক সদস্যাক আনুষ্ঠানিকভাবে চেক বিতৰণ কৰাৰ লগতে বহু কেইটা প্ৰকল্প শুভ উদ্বোধন কৰে

বিকাশ শইকীয়া, মাজুলী , ৰঙিলী বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উদ্যামিতা আঁচনিৰ অধীনত মাজুলীত আজি জিলা খনৰ ৩১,৯৫২ গৰাকী গোটৰ মহিলা সদস্যাক আনুষ্ঠানিকভাবে চেক বিতৰণ কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ মঞ্চৰ পৰাই ঐতিহাসিক দক্ষিণপাট সত্ৰৰ অত্যাধুনিক যাদুঘৰ , জিলা পৰিবহণ বিষয়াৰ স্হায়ী কাৰ্যালয় , জিলা জেষ্ঠ আৰক্ষী কাৰ্যালয় , জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প আৰু চৰকাৰী আৰ্দশ স্নাতক মহাবিদ্যালয় ভাৰ্চুৱেলি উন্মোচন কৰে ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় নতুন আৰু মূল স্হায়ী চৌহদ , নতুনকৈ নিৰ্মাণ কৰা সংহত জিলা আয়ুক্ত কাৰ্যালয় , চেলেক- ধুনাগুৰি ঘাটৰ লোহিত সুঁতিৰ ওপৰৰ পকী দলং ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী দলঙৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰাৰ লগতে দলং সংযোগী ঘাইপথৰ কামৰো শুভাৰম্ভণি কৰে ।

মুখ্যমন্ত্ৰী গৰাকীৰ লগত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ , জিলাখনৰ অভিভাৱক মন্ত্ৰী যোগেন মহন , ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে , স্হানীয় বিধায়ক ভুৱন গামে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

