ভেলেন্টাইন ডে – অনামিকা (সংগীতা)কলিতা

Pc Psychology Today

ভেলেন্টাইন ডে 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

ফেব্ৰুৱাৰী মাহৰ ১৪তাৰিখটো ভেলেন্টাইন ডে /প্ৰেমৰ দিৱস হিচাপে  বিশ্বৰ প্ৰায় ভাগ দেশে পালন কৰে ।ইয়াৰ মূলতে বিভিন্ন কাহিনী শুনিছোঁ যদিও মূলতে ৰোমৰ  কেইবাগৰাকী খ্ৰীষ্টিয় শ্বহীদক সন্মান জনাই ছেইন ভেলেন্টাইনৰ নামত এই দিনটো উৎসৰ্গিত কৰে।তেতিয়াৰ পৰা এই দিনটো ভেলেন্টাইন ডে পালন কৰি অতি পবিত্ৰ দিন হিচাপে সকলোৱে শ্ৰদ্ধা সন্মান মৰমৰ অনুভৱ কৰে।

প্ৰেমত ঘুৰিছে ভূ-মণ্ডল কাৰণ প্ৰেম এক স্বৰ্গীয় হৃদয়ৰ অনুভূতি। প্ৰেমে কোনো জাত-পাত,উচ্চ -নীচ,ধনী-দুখীয়া ভেদাভেদ নকৰে।থাকে মাথোঁ মৰমৰ এনাজৰী। বিচাৰি পাই মৰমৰ এক সুকীয়া সৌন্দৰ্য্যৰ চানেকি। প্ৰেমত নাথাকে কোনো কপটতা   থাকে মৰমৰ শুদ্ধতা।

আমি প্ৰেমৰ বহুত কাহিনী পঢ়িবলৈ পাইছোঁ বা চিত্ৰনাট্য ৰূপে দেখিছোঁ । দেখি অনুভৱ হৈছে প্ৰেমত মিলন নাই ,মিলনত প্ৰেম নহয়।

ইটালীৰ এগৰাকী  বিখ্যাত কবি আছিল ডান্টে,তেওঁ বিয়েট্ৰিছৰ প্ৰেমত পৰিছিল কিন্তু মিলন নহ’ল। তেওঁ বিয়েট্ৰিছক হৃদয়ত ৰাখি সৃষ্টি কৰিছিল ডিভাইন এড কমেডি। তাৰোপৰি  অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈ ৰচিত” মনোমতি “,মিৰি জীয়ৰী উপন্যাস  আদিত খুব সুন্দৰকৈ সময় পৰিস্থিতিৰ প্ৰেমৰ অংকণ এক বিশেষ ভাবে ৰূপায়িত কৰিছে ।

মনোমতি উপন্যাসখনত অসমত  মানে আক্ৰমণ কৰা তেতিয়া ৰজা,বৰফুকনৰ  দেশ ৰক্ষা লগতে  মনোমতি আৰু লক্ষ্মীকান্তৰ  স্বৰ্গীয় প্ৰেমৰ এক ধাৰা  বোৱাই নিবলৈ সক্ষম হৈছে ।

প্ৰেমৰ কাৰণেই উত্থান বা পটন হয় ।প্ৰেমত পৰিয়ে দুখন হৃদয়ৰ দ্বাৰা  দুটি পৰিয়ালৰ সৈতে এখন সমাজৰো সৃষ্টি হয়। কিন্ত বৰ্তমান সমাজ ব্যৱস্থা কম্পিউটাৰ ম’বাইলৰ যুগত প্ৰেমৰ ভাবধাৰা সলনি হৈছে। এতিয়া বস্তুবাদী ভাবধাৰা প্ৰেমৰ সংজ্ঞা ভিন্ন।আন্তৰিক বুজাপৰা সলনি কৃত্ৰিমতাৰ এখন প্ৰলেপ কিন্তু তাৰ মাজতে আছে কিছুসংখ্যক প্ৰেমৰ আছে সৌন্দৰ্য্য।

মোৰ মানুহজনৰ প্ৰেমত পাইছোঁ তেখেতৰ ব্যক্তিত্বৰ ব্যক্তিত্বই মোহিত কৰে।তেখেতৰ হাতত এই প্ৰেমৰ কবিতাৰে–

প্ৰতীক্ষা

কি নাম দি মাতিম তোমাক
বিশটা বসন্তৰ প্ৰতীক্ষাৰ অন্ততঃ
আহিছিলা তুমি মোৰ হৃদয়ৰ
অনুৰাগ হৈ ,জ্বলি উঠিছিল
প্ৰেমৰ শলিতা গছি ।
লৈছিলো মা-দেউতাৰ আশীৰ্বাদ
পাতনি মেলিছিলা যুগ্ম জীৱনৰ।
অনুভৱ পুৱাৰ প্ৰভাত ফেৰি
নিজৰাৰ কুলুকুলু ধ্বনি
মলয়াৰ মৃদু জোকাৰণি,
অপৰূপ প্ৰকৃতিও ম্লান হয়
যেতিয়া পাওঁ মোক বিচাৰি
তোমাৰ কোলাত।