জাতিৰ পিতা গান্ধীজীৰ জীৱন আদৰ্শ – যমুনা দুলু বৈশ্য

pc Wikimedia Commons

জাতিৰ পিতা গান্ধীজীৰ জীৱন আদৰ্শ

যমুনা দুলু বৈশ্য,শুৱালকুছি

১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মহামানৱ মহাত্মা গান্ধীৰ জন্ম হয়।পোৰবন্দৰৰ অন্য নাম হৈছে সূদামাপুৰী।তেওঁৰ সম্পূৰ্ণ নাম আছিল।মোহনদাস কৰমচান্দ গান্ধী ।দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী বা  কাবা গান্ধী আৰু মাকৰ নাম পুতুলী বাই।

গান্ধীজীৰ জীৱনৰ আদৰ্শ আছিল’ সহজ-সৰল’ জীৱন আৰু উচ্চ চিন্তা আছিল আদৰ্শপূৰ্ণ ।গান্ধীজীয়ে অধ্যায়ন পুষ্ট লোক আছিল আৰু তেওঁ গীতা ,উপনিষদ ,কোৰান,বাইবেলকে ধৰি  বিভিন্ন গ্ৰন্থাদি অধ্যয়ন কৰিছিল।দেশী-বিদেশী বিভিন্ন গ্ৰন্থাদিয়ে তেওঁৰ চিন্তা ,আদৰ্শ আৰু ব্যক্তিত্ব বিকাশত সহায় কৰিছিল।গীতাশাস্ত্ৰৰ প্ৰায় তেৰটা অধ্যায় তেওঁৰ কণ্ঠস্থ আছিল।

গান্ধীজীয়ে বিলাসিতা ত্যাগ কৰিছিল আৰু স্বাস্থ্য ৰক্ষাৰ বিধিসমূহ মানি চলিছিল।তেওঁ ভৰিত মোজাবিহীন এযোৰ সাধাৰণ চেণ্ডেল,কঁকালত এখন আঁঠুমূৰীয়া চুৰিয়া আৰু গাত মাত্ৰ এখন চাদৰ পৰিধান কৰিছিল।তেওঁৰ জ্ঞানবাণীসমূহে জীৱন বাটত সাহস গঢ়ি দিছিল-

নাৰী পুৰুষৰ ভোগৰ সামগ্ৰী- এই ভাব নাৰীয়ে নিজেই গুচাব লাগিব।পুৰুষতকৈ নাৰীৰ হাততে ইয়াৰ উপায় অধিক। আদৰ্শহীন লোক গুৰিব’ঠা নোহোৱা নাৱৰ দৰে। সত্যৰ অন্বেষণ কৰাজনে প্ৰতিটো অভিজ্ঞতা কৰ্মত খটুৱায়।

সত্যৰ বাহিৰে আন ভগৱান নাই।সত্যক উপলব্ধি কৰিবলৈ অহিংসাই একমাত্ৰ উপায় ইত্যাদি জ্ঞানবাণীসমূহে মানৱ জীৱনত বহুখিনি প্ৰভাৱ পেলায়।মহাত্মা গান্ধীৰ জীৱনত প্ৰভাৱ পেলোৱা গ্ৰন্থসমূহ হ’ল—

ঃশ্ৰৱণৰ পিতৃ ভক্তি
ঃহৰিশ্চন্দ্ৰ উপাখ্যান
ঃকোৰান
ঃগীতা
ঃবাইবেল  ।

জাতিৰ পিতা ‘ হিচাপে পৰিচিত মহামানৱ মহাত্মা গান্ধীৰ নীতি-আদৰ্শ সমাজ এখনৰ সুস্থতাৰ বাবে খুবেই প্ৰয়োজনীয়।সমাজ এখন জীয়াই থাকিবলৈ হ’লে এই প্ৰয়োজনীয় আদৰ্শ সমূহৰ প্ৰতি অনীহা বা গুৰুত্বহীন মনোভাৱ প্ৰকাশ কৰাৰ অৰ্থ হৈছে নিজৰ উন্নতিত নিজে বাধা প্ৰদান কৰা।সামাজিক জীৱনধাৰা শক্তিশালী কৰি তুলিবলৈ, মানৱীয় প্ৰমূল্য বোধ জগাই তুলিবলৈ, মানুহৰ বাবে চিন্তা -চৰ্চা কৰিবলৈ তথা মানৱীয় গুণৰাশিৰ বিকাশ সাধন কৰিবলৈ তেখেতে যি আদৰ্শ দেখুৱাই গৈছে আমি সকলোৱে সেই খিনি অনুকৰণ আৰু অনুসৰণ কৰিবলৈ যত্ন কৰা উচিত।স্বৰাজ, অহিংসা, স্বদেশী,  সৰ্বোদয়  সত্যাগ্ৰহ , স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত গান্ধীজীৰ জীৱন দৰ্শনে আজিও সমগ্ৰ বিশ্ববাসীক আকৰ্ষিত কৰিছে। স্বদেশ  প্ৰেমৰ উজ্জ্বল নিদৰ্শনেৰে গান্ধীজীয়ে সত্যক আশ্ৰয় লৈ যি মাৰ্গ দৰ্শন প্ৰদৰ্শন।

মহাত্মা গান্ধী এগৰাকী   মহাপুৰুষৰ তুল্য ব্যক্তি আছিল। সততা, অহিংসা আৰু মানৱীয়তাৰ নিদৰ্শন  দাঙি ধৰা হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা নীতিৰ পাঠেৰে বিশ্ববাসীক আকৰ্ষিত কৰা মহা মানৱ মহাত্মা গান্ধী সমগ্ৰ ভাৰততে এই দিনটো চৰকাৰী ছুটিৰ দিন।

ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা উৎসৱৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম।

গান্ধী জয়ন্তীৰ দিনা ভাৰত তথা বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতি ক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজ ঘাটত চৰকাৰী ভাবে এই উৎসৱ পালন কৰা হয়। প্ৰাৰ্থনা সভা। আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা এই দিৱসৰ প্ৰধান কাৰ্যসূচী।

২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল। ভাৰতবৰ্ষক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদ্দেশ্য। গান্ধী জয়ন্তীত বিভিন্ন দল সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশগ্ৰহণ কৰে।

এই দিনটোত কিছুমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন দেশপ্ৰেমমূলক গীত, নাটক আদি পৰিবেশনৰ লগতে গান্ধীজীৰ প্ৰিয় ভজন পৰিবেশন কৰা হয়।
গান্ধীজীৰ কেইটামান প্ৰিয় বাণী

(১) অহিংসা পৰম ধৰ্ম।

(২)মানুহৰ সেৱাৰ মাজেদিয়েই মই ঈশ্বৰক লগ পাব বিচাৰোঁ।

(৩) চকুৰে নেদেখা জনক অন্ধ বুলিব নোৱাৰি। দোষ ক্ৰটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ।

(৪)দৃঢ় সংকল্প নহ’লে কোনো ভাল কাম সম্ভৱ পৰ নহয়।

(৫)  সত্য হ’ল ঈশ্বৰ, আৰু ঈশ্বৰই সত্য।

(৬) অন্যায়ৰ আগত নীৰৱ থাকা মানে অন্যায়ক সমৰ্থন কৰা।

(৭)তুমি যিটো পৰিৱৰ্তন পৃথিৱীত দেখিব বিচাৰিছা, তুমি নিজেই সেই পৰিৱৰ্তন হ’বলৈ চেষ্টা কৰা।

(৮)মানুহৰ প্ৰকৃত সম্পদ তেওঁৰ আত্মিক গুণাৱলী।

(৯)এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।

(১০) ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰাই শ্ৰেয়।