টকা
শৈলেন কুমাৰ,মিৰ্জা
টকাই ভগৱান,টকা থাকিলে সকলোৱে কৰে প্ৰণাম ৷
দুখীয়াক ধৈৰ্য্য শিকাই,ধনীক শিকাই চৰ্টকাট,কাগজ নহয় টকা,
তুমিয়েইটো অধিক ওজন কঢ়িয়াই লৈ ফুৰা,
মানুহৰ জীৱনৰ সততা,চকুলোৰ আন এটি নাম টকা ৷
টকাই সকলো নহয় কিন্তু গণনা কৰি থকা সময়ত টকাই সকলো হয় ৷
টকাৰে অপৰাধীয়ে চুট পিন্ধে,মিছলীয়া সকলে পায় মঞ্চ
আৰু সততাই ককবকাই থাকে মিলাই জীৱনৰ অংক
পুজিপতিয়ে কয় “ টকা হৈছে জীৱন” যাৰ থাকে আৰু বিচাৰে ৷
টকা খেদি নুফুৰিবা,ইএমআইত টকাক খেদি ফুৰা ৷
স্কুলৰ মাচুল,গেছ চিলিণ্ডাৰ,বিজুলীবাতিৰ বিল
মন্ত্ৰী-বিধায়কৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে
মাহদিন চলিবলৈ টকাৰে পৰিশোধ কৰা ৷
ৰাজনীতিবিদে চিঞৰিছে
বিকাশ আৰু উন্নয়ন আৰু আমি কওঁ বস্তুৰ কেতিয়া কমিব দাম ৷
ধনী মানুহে সুখ কিনে,
দুখীয়াই জীয়াই থকাৰ যুঁজ দিয়ে
আৰু মধ্যবিত্তই ৰেহাই বিছাৰিলে
বিত্তীয় পৰিকল্পনা আচঁনি হৈ পৰে ৷
জীৱনে হঁহুৱাই,বেংক বেলেঞ্চে কন্দুৱাই,
গৌৰৱৰে কওঁ অন্তত আমি মেনেজ কৰি আছো ৷
টকা জীৱন নহয়
কিন্তু ইয়াৰ অবিহনে জীৱন নিৰুপায়,
সময়ত পৰিশোধ কৰিব নোৱাৰিলে সুত ভৰিব লগা হয় ৷
বেঁকা পিঠি,ভাগৰুৱা হাঁহি
জীয়াই থাকিবলৈ,উশাহ লবলৈ টকা উপাৰ্জন কৰো ৷
টকা ধনীৰ বিনিয়োগ,দুখীয়াৰ ভোক,মধ্যবিত্তৰ বাবে সেয়া দুখশোক ৷
আমি টকা অপচয় নকৰো
টকাই আমাক অপচয় কৰে
সমাজে কয় “ তুমি দুখীয়া নহয়”
বেংকে কয় “ তুমি ধনীও নহয়”৷
গতিকে আমি হাঁহো
আমি বাজেট কৰো
আমি অভিনয় কৰো
এদিন সময়ৰ গতিত হেৰাই যাওঁ
তেতিয়া টকাৰ অনুভৱে নকৰো ৷
