চাহ-শ্ৰমিকৰ দুৰ্দশা আৰু মুখ্যমন্ত্ৰীৰ ‘এটি কলি, দুটি পাত’ আঁচনি – দ্বীপেন বৰুৱা

Pc Grist

চাহ-শ্ৰমিকৰ দুৰ্দশা আৰু মুখ্যমন্ত্ৰীৰ ‘এটি কলি, দুটি পাত’ আঁচনি

দ্বীপেন বৰুৱা

অসমৰ সামাজিক তথা অৰ্থনৈতিক পৰিচয়ৰ সৈতে যিসমূহ শব্দ ওতঃপ্ৰোতভাৱে জড়িত, তাৰ ভিতৰত “চাহ” অন্যতম। অৱশ্যে অসমত চাহ শিল্পৰ প্ৰথম আৱিষ্কৰ্তাক লৈ কিছু মতানৈক্য পৰিলক্ষিত হয়। ৰবাৰ্ট ব্ৰুচৰ নিজৰ ভাষ্যমতে, তেৱেঁই অসমত চাহৰ আৱিষ্কাৰ কৰা প্ৰথম ইউৰোপীয়। ১৮২৩ চনত ব্ৰুচে অসমৰ হাবিত চাহ গছৰ অস্তিত্বৰ সন্ধান লাভ কৰে আৰু তৎক্ষণাৎ এজন চিংফৌ মুৰব্বীৰ সৈতে চাহ যোগান সম্পৰ্কে এখন চুক্তিত উপনীত হয়। এই ঘটনাৰ ভিত্তিত ক’ব পাৰি যে অসমত চাহ শিল্পই ইতিমধ্যে দুশ বছৰ অতিক্ৰম কৰিছে। বৰ্তমান বিশ্বজুৰি চাহ শিল্পৰ ক্ষেত্ৰত ভাৰতৰ এক বিশেষ সুনাম আছে আৰু দেশখনৰ মুঠ চাহ উৎপাদনৰ প্ৰায় শতকৰা ষাঠিভাগেই অসমত উৎপাদিত হয়। তদুপৰি, বিশ্বৰ চাহ বজাৰত অসমৰ চাহে সৰ্বাধিক চাহিদা লাভ কৰিছে। উপলব্ধ তথ্য অনুসৰি, অসমত বৰ্তমান মুঠ ৮৫৬ খন চাহ-বাগিছা আছে। এই বাগিছাসমূহত প্ৰায় ৬৪.৫ লাখ লোক নিয়োজিত হৈ আছে আৰু বছৰি ইয়াত প্ৰায় ৪৬১ নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰা হয়।

১৮৫৮ চনলৈকে লক্ষ্য কৰিলে দেখা যায় যে অসমৰ বিভিন্ন জিলাৰ চাহ-বাগিছাসমূহত নিয়োজিত বনুৱাসকল বিভিন্ন সম্প্ৰদায়ৰ আছিল। তেওঁলোকৰ ভিতৰত অসমীয়া, গাৰো, কাৰ্বি, লালুং, কছাৰী আদি জনগোষ্ঠীৰ লোকেই প্ৰধান আছিল। লক্ষণীয় যে এই বনুৱাসকলে চাহ-বাগিছাসমূহত স্থায়ীভাৱে কাম কৰাৰ ইচ্ছা বিশেষ প্ৰকাশ কৰা নাছিল। থলুৱা উপযুক্ত শ্ৰমিকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ১৮৩৯ চনত ৰবাৰ্ট ব্ৰুচে ভাৰতৰ অন্য অঞ্চলসমূহৰ পৰা চাহ-বাগিছাত কাম কৰিবলৈ শ্ৰমিক অনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ১৮৬৩ চনত আছাম কোম্পানীয়ে এখন আইন প্ৰণয়ন কৰে আৰু ইয়াৰ পাছতেই অসমলৈ চাহ-বাগিছাৰ বাবে শ্ৰমিক আমদানিৰ ক্ষেত্ৰত বাগিছাৰ মালিকসকলে চৰকাৰী অনুমতি লাভ কৰে। চৰকাৰী হিচাপ অনুসৰি, ১৮৬৩ চনৰ পৰা ১৮৬৬ চনৰ ভিতৰত অসমলৈ প্ৰায় ৮৪,৯১৫ জন বনুৱা অনা হৈছিল। কিন্তু অসমৰ ভিন্ন জলবায়ু আৰু অনুকূল পৰিবেশৰ অভাৱত বহু বনুৱা ৰোগাক্ৰান্ত হৈ পৰে আৰু ফলস্বৰূপে তেওঁলোকৰ এক বৃহৎ অংশ বেমাৰত মৃত্যুবৰণ কৰিবলগীয়া হয়।

অসমৰ চাহ-বাগিছাসমূহত কাম কৰিবলৈ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি বিভিন্ন অঞ্চলৰ পৰা আমদানি কৰা বনুৱাসকল মূলতঃ সমাজৰ উপেক্ষিত আৰু বঞ্চিত শ্ৰেণীৰ লোক আছিল। সমাজৰ বিভিন্ন ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা বাবে তেওঁলোকে নিজৰ জন্মস্থান এৰি আন ঠাইলৈ গুচি আহিবলৈ বিশেষ সংকোচ প্ৰকাশ কৰা নাছিল। চাহ শিল্পৰ বিকাশ আৰু লাভালাভ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ব্ৰিটিছ শাসকে বহু ক্ষেত্ৰত জোৰ-জবৰদস্তি অথবা প্ৰলোভনৰ জৰিয়তে এই বনুৱাসকলক অসমলৈ লৈ আহিছিল। এই লোকসকলেই আজিৰ চাহ-শ্ৰমিক সমাজৰ মূল আধাৰস্বৰূপ। চাহ-বাগিছাত নিয়োজিত এই শ্ৰমিকসকলক সেই সময়ছোৱাত মানৱীয় অধিকাৰৰ ন্যূনতম সন্মানো প্ৰদান কৰা হোৱা নাছিল। শোষণ, অমানৱীয় পৰিশ্ৰম, স্বাস্থ্যহীন আৰু অনুপযুক্ত পৰিৱেশৰ লগতে সামাজিক বিচ্ছিন্নতাৰ মাজতেই তেওঁলোকৰ জীৱন গঢ় লৈ উঠিছিল। পৰিতাপৰ বিষয় যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতো চাহ-শ্ৰমিক সমাজখনে কাঙ্ক্ষিত সামাজিক আৰু অৰ্থনৈতিক উত্তৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই। চাহ-বাগিছাৰ শ্ৰমিকসকলৰ জীৱনযাত্ৰাৰ সৈতে জড়িত মৌলিক সমস্যাসমূহ আজিও সমাধান নোহোৱাকৈ থাকিবলগীয়া হোৱাটো আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰূপে থিয় দিছে।

প্ৰাকৃতিক দুৰ্যোগসমূহেও অসমৰ চাহ-শ্ৰমিকসকলৰ সামাজিক-অৰ্থনৈতিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে। এই দুৰ্যোগসমূহৰ ভিতৰত বানপানী, তাপমাত্ৰাৰ তাৰতম্য, বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা আদি বিশেষভাৱে উল্লেখযোগ্য। অসমৰ ভৌগোলিক অৱস্থিতি একাষৰীয়া হোৱাৰ ফলস্বৰূপে মূল ভূখণ্ডৰ সৈতে পৰিবহন আৰু যোগাযোগ ব্যৱস্থা পৰ্যাপ্তভাৱে উন্নত নহয়, যাৰ প্ৰভাৱ চাহ শিল্পৰ সামগ্ৰিক বিকাশত পৰিলক্ষিত হয়। মূলধনৰ অভাৱৰ বাবে বহু চাহ-বাগিছাত আজিও পুৰণি আৰু অচল কাৰিকৰী কৌশল ব্যৱহৃত হৈ আছে। নিপুণ শ্ৰমিকৰ অভাৱৰ লগতে বাগিছাসমূহত প্ৰশিক্ষণৰ সু-ব্যৱস্থা নথকাৰ ফলত উৎপাদন বৃদ্ধিত ব্যাঘাত ঘটিছে। তদুপৰি দক্ষ আৰু সুনিপুণ পৰিচালকৰ অভাৱৰ কাৰণে বহু বাগিছাৰ সঠিক পৰিচালনা কষ্টকৰ হৈ পৰিছে। এনে পৰিস্থিতিত বহুতো চাহ-বাগিছা বৰ্তমান ৰুগ্ন অৱস্থাত পতিত হৈছে আৰু কেইবাখনো বাগিছা ইতিমধ্যে বন্ধ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে বাগিছাসমূহত নিয়োজিত শ্ৰমিকসকলৰ অৰ্থনৈতিক অৱস্থা দিনক-দিনে অধিক নিম্নগামী হৈ পৰিছে। বহুতো চাহ-বাগিছা কিনা-বেচাৰ প্ৰক্ৰিয়াৰ মাজেদি গৈ আছে আৰু চৰকাৰী তত্বাৱধানত লোৱা বাগিছাসমূহো বন্ধ হোৱাৰ উপক্ৰম হৈছে। এনে অৱস্থাই প্ৰতিজন চাহ-শ্ৰমিকক নিজৰ ভৱিষ্যৎ সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিছে। এই সংকটময় পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে প্ৰতিখন চাহ-বাগিছাৰ মালিক পক্ষই বাগিছাসমূহ পুনৰ জীৱনশক্তি অৰ্থাৎ অধিক উৎপাদনক্ষম কৰি তুলিবলৈ শ্ৰমিকসকলক আধুনিক প্ৰযুক্তিৰে প্ৰশিক্ষণ দি সক্ৰিয় কৰি তুলিলেহে চাহ-শ্ৰমিক সমাজৰ অৰ্থনৈতিক উন্নতি সম্ভৱ হ’ব বুলি আশা কৰিব পাৰি।

আজিও অসমৰ লক্ষাধিক চাহ-শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল বহুতো মৌলিক সমস্যাৰ সৈতে সংগ্ৰাম কৰি আছে। চাহ-শ্ৰমিকসকলৰ দৈনিক মজুৰি আজিও অসমৰ সাধাৰণ ন্যূনতম মজুৰিৰ তুলনাত অতি কম। ২০২২ চনৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত দৈনিক মজুৰি প্ৰায় ২৩২ টকা আৰু বৰাক উপত্যকাত ২১০ টকালৈ বৃদ্ধি পালেও এই পৰিমাণ বৰ্তমান জীৱন-ধাৰণৰ ব্যয়ৰ তুলনাত অতি নগণ্য। দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু ন্যায্য দাবীক আওকাণ কৰি বাগিছাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে অৱহেলা কৰি আহিছে। বৰ্ধিত মূল্যবৃদ্ধিৰ এই যুগত এই সামান্য মজুৰিৰে পৰিয়াল চলোৱা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে অপুষ্টি, ঋণগ্ৰস্ততা আৰু দাৰিদ্ৰ্যই চাহ-শ্ৰমিক সমাজক চেপি ধৰিছে। বহু চাহ-বাগিছাৰ চিকিৎসালয়ত আজিও পৰ্যাপ্ত চিকিৎসক, ঔষধ আৰু আধুনিক চিকিৎসা সা-সঁজুলিৰ অভাৱ পৰিলক্ষিত হয়। ফলত মাতৃ-মৃত্যু, শিশুৰ মৃত্যু, এনিমিয়া আদি ৰোগসমূহ আজিও চাহ-শ্ৰমিক সমাজত এক গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰূপে বিদ্যমান। যদিও বাগিছাৰ স্থায়ী শ্ৰমিকসকলে কিছু পৰিমাণে ৰেচন আৰু আন সুবিধা লাভ কৰে, তথাপি অস্থায়ী শ্ৰমিকসকল এই সুবিধাসমূহৰ পৰা প্ৰায় বঞ্চিত হৈ আছে। তদুপৰি, চাহ-বাগিছা অঞ্চলসমূহত বিদ্যালয় থাকিলেও শিক্ষাৰ গুণগত মান অত্যন্ত নিম্ন হোৱা পৰিলক্ষিত হয়। উচ্চ শিক্ষালাভৰ সুযোগ সীমিত হোৱাৰ ফলত বাগিছা অঞ্চলত বাস কৰা নতুন প্ৰজন্মও দাৰিদ্ৰ্য আৰু বঞ্চনাৰ চক্ৰৰ পৰা ওলাই আহিব পৰা নাই। আনহাতে, ১৯৫১ চনৰ পৰা প্ৰণয়ন হোৱা বাগিছা শ্ৰমিক আইন (Plantation Labour Act) সম্পূৰ্ণৰূপে বলৱৎ নোহোৱাৰ ফলত চাহ-শ্ৰমিকসকলে আজিও নিজা ভূমিৰ পট্টা তথা বহু আইনগত অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বাগিছা কৰ্তৃপক্ষৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীলতাই তেওঁলোকক সামাজিক আৰু অৰ্থনৈতিকভাৱে অধিক দুৰ্বল কৰি ৰাখিছে।

অসমৰ চাহ-শিল্প যিদৰে ৰাজ্যখনৰ এক গৌৰৱৰ প্ৰতীক, ঠিক তেনেদৰেই এই শিল্প গঢ়ি তোলা চাহ-শ্ৰমিকসকলৰ জীৱনো গৌৰৱ, মৰ্যাদা আৰু সুৰক্ষাৰ সৈতে জড়িত হোৱাটো বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ সামাজিক দাবী। এনে প্ৰেক্ষাপটত অসমৰ চাহ-শ্ৰমিক সমাজৰ দুৰ্দশাৰ কিছু পৰিৱৰ্তন আনিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেইটামান অতি দৰকাৰী তথা মৌলিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে “এটি কলি দুটি পাত” আঁচনি। এই আঁচনিখন মূলতঃ চাহ-শ্ৰমিক পৰিয়ালৰ শিশু আৰু কিশোৰ-কিশোৰীৰ শিক্ষা আৰু পুষ্টিৰ উন্নয়নক লক্ষ্য কৰি প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ জৰিয়তে চাহ-শ্ৰমিক সমাজৰ সামগ্ৰিক জীৱনমান উন্নয়ন, সামাজিক প্ৰতিষ্ঠা বৃদ্ধি আৰু স্বাভিমান দৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই আঁচনিখন ২০২৫ বৰ্ষৰ আগষ্ট মাহত ঘোষণা কৰা হৈছিল আৰু ২৫ জানুৱাৰী, ২০২৬ তাৰিখে মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ অধীনত প্ৰতিজন যোগ্য চাহ-শ্ৰমিক আৰু চাহ-বাগিছাৰ কৰ্মচাৰীলৈ এককালীনভাৱে ৫,০০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। অসমৰ ২০০ বছৰীয়া চাহ-শিল্পলৈ চাহ-শ্ৰমিকসকলে আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰূপায়ন কৰা এই আঁচনিৰ বাবে অসম চৰকাৰে প্ৰায় ৩৪২ কোটি টকা ব্যয়ৰ অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে প্ৰায় ৬,০৩,৯২৭ জন চাহ-শ্ৰমিক আৰু চাহ-বাগিছাৰ কৰ্মচাৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে।

এই আঁচনিখনে চাহ-শ্ৰমিক সমাজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ জৰিয়তে চাহ-বাগিছাৰ শ্ৰমিক পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত থাকিবলৈ উৎসাহিত কৰা হৈছে। আঁচনিখনৰ গুৰুত্ব এইখিনিতেই নিহিত যে ই কেৱল বৰ্তমান সময়ৰ সমস্যাৰ তাৎক্ষণিক সমাধানত সীমাবদ্ধ নহয়; বৰং শিক্ষাৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মক আত্মনির্ভৰশীল কৰি তুলিবলৈ এক সুদূৰপ্ৰসাৰী পথ মুকলি কৰা যেন অনুভৱ হৈছে। ইয়াৰ লগতে অন্যান্য বহুতো শিক্ষা-সম্পৰ্কীয় কাৰ্যসূচী আৰু কল্যাণমূলক আঁচনি ৰূপায়ন কৰি চাহ-শ্ৰমিকৰ সন্তানসকলক বিদ্যালয়ত অধ্যয়ন অব্যাহত ৰাখিবলৈ আৰ্থিক সহায় প্ৰদান কৰি আহিছে। ইয়াৰ ফলস্বৰূপে বহু দৰিদ্ৰ চাহ-শ্ৰমিক পৰিয়ালৰ সন্তানক বাগিছাত শ্ৰম কৰিবলৈ পঠিয়াবলগীয়া পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ কিছু পৰিমাণে হ’লেও সহায় হৈছে। সেয়ে, শিশুশ্ৰম হ্ৰাস আৰু শিক্ষাৰ বিস্তাৰত এই আঁচনিসমূহে ইতিবাচক ভূমিকা পালন কৰিছে বুলি ক’ব পাৰি।

অৱশ্যে “এটি কলি দুটি পাত” আঁচনিখনৰ বাস্তৱ প্ৰাসংগিকতা, প্ৰভাৱ আৰু সীমাবদ্ধতা সন্দৰ্ভত গভীৰ আলোচনা কৰাৰ যথেষ্ট অৱকাশ আছে। আঁচনিখন চাহ-শ্ৰমিক সমাজৰ প্ৰতি অসম চৰকাৰৰ এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হ’লেও, ই চাহ-শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দুৰ্দশাৰ এক পূৰ্ণ আৰু স্থায়ী সমাধান বুলি ক’ব নোৱাৰি। নগদ ধনৰ এককালীন সহায়ৰ দ্বাৰা চাহ-শ্ৰমিক সমাজৰ দৰিদ্ৰতা সম্পূৰ্ণৰূপে দূৰ কৰা সম্ভৱ নহয়। এই আঁচনিখনত মজুৰি বৃদ্ধি, স্থায়ী নিয়োগৰ সুৰক্ষা, সামাজিক সুৰক্ষা তথা আইনগত অধিকাৰ সুনিশ্চিত কৰাৰ দৰে মৌলিক বিষয়সমূহৰ স্পষ্ট অনুপস্থিতি পৰিলক্ষিত হয়। এই ক্ষেত্ৰত চৰকাৰে অধিক মনোযোগ আৰোপ কৰাৰ প্ৰয়োজন আছে। তদুপৰি, বহু ক্ষেত্ৰত এই আঁচনিখন কল্যাণমূলক ব্যৱস্থাৰ পৰিৱৰ্তে দানমূলক পদক্ষেপ যেন অনুভূত হৈছে, যিয়ে চাহ-শ্ৰমিকসকলক অধিকাৰপ্ৰাপ্ত নাগৰিকৰ পৰিৱৰ্তে অনুগ্ৰহপ্ৰাপ্ত উপভোক্তা ৰূপে উপস্থাপন কৰিছে। ইয়াৰ উপৰিও, অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই আঁচনিৰ প্ৰচাৰ বৃদ্ধি পোৱাটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত যেন সন্দেহ উদ্ৰেক কৰে। সেয়ে, এই আঁচনিখনে যদি গাঁথনি-ভিত্তিক সংস্কাৰ, অধিকাৰভিত্তিক নীতি আৰু দীৰ্ঘম্যাদী উন্নয়ন পৰিকল্পনাৰ সৈতে সুদৃঢ় সংযোগ স্থাপন কৰিব নোৱাৰে, তেন্তে ই চাহ-শ্ৰমিক সমাজৰ বাবে কেৱল এক অস্থায়ী স্বস্তিমূলক ব্যৱস্থা হৈ ৰ’ব।

সামগ্ৰিকভাৱে বিচাৰ কৰিলে, সমালোচনাৰ মাজতো “এটি কলি দুটি পাত” আঁচনিখনৰ কিছুমান ইতিবাচক দিশ অস্বীকাৰ কৰিব নোৱাৰি। চাহ-শ্ৰমিক সমাজক লক্ষ্য কৰি এক বিশেষ আঁচনি ঘোষণা কৰাটোৱেই এই সমাজখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ প্ৰতি চৰকাৰী স্বীকৃতি প্ৰকাশ কৰে, যিটো বিগত চৰকাৰসমূহৰ কাৰ্যকালত বিশেষ পৰিলক্ষিত হোৱা নাছিল। এই আঁচনিৰ জৰিয়তে চাহ-শ্ৰমিক সমাজৰ দুৰ্দশাৰ বাস্তৱ ছবিখন ৰাজনৈতিক আৰু সামাজিক আলোচনাৰ মূলসুঁতিত আহি পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। তথাপি, চাহ-শ্ৰমিক সমাজৰ প্ৰকৃত আৰু স্থায়ী উত্তৰণ সুনিশ্চিত কৰিবলৈ হ’লে এইধৰণৰ আঁচনিৰ সৈতে গাঁথনি-ভিত্তিক সংস্কাৰ জড়িত হোৱাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত চৰকাৰে ন্যূনতম মজুৰি আইন কঠোৰভাৱে প্ৰয়োগ কৰা, চাহ-বাগিছা অঞ্চলসমূহত উন্নত স্বাস্থ্য আৰু শিক্ষাব্যৱস্থা গঢ়ি তোলা, চাহ-শ্ৰমিকসকলৰ ভূমি অধিকাৰ নিশ্চিত কৰা, দক্ষতা বিকাশৰ ব্যৱস্থা কৰা আৰু বিকল্প জীৱিকাৰ সুযোগ সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে শ্ৰমিক ইউনিয়ন আৰু নাগৰিক সমাজৰ সক্ৰিয় আৰু দায়িত্বশীল অংশগ্ৰহণে চাহ-শ্ৰমিক সমাজৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ অৱসান ঘটাবলৈ এক শক্তিশালী ভূমিকা পালন কৰিব পাৰে৷৷

(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)