নাৰী শক্তিৰ এক উৎকৃষ্ট নিদৰ্শন: ইমা বজাৰ   নিবেদিতা হাজৰিকা

Pc Adventure.com

নাৰী শক্তিৰ এক উৎকৃষ্ট নিদৰ্শন: ইমা বজাৰ

  নিবেদিতা হাজৰিকা,লখিমপুৰ

মণিপুৰৰ ৰাজধানী ইম্ফলৰ ‘খাৱাইৰাবান্দ’ ত অৱস্থিত  Ima Keithel (ইমা  কৈথেল) , Nupi Keithel  বা  ‘মহিলা  বজাৰ’ ( Mothers  Market) হৈছে বিশ্বৰ অন্যতম সৰ্ববৃহৎ আৰু কেৱল মহিলাৰ দ্বাৰা পৰিচালিত এখন ঐতিহাসিক বজাৰ।এই ‘ইমা’ শব্দৰ অৰ্থ হৈছে – ‘মাতৃ’ আৰু ‘কেইথেল’ শব্দৰ অৰ্থ হৈছে ‘ বজাৰ’  ,অৰ্থাৎ ‘মাতৃ বা মহিলা বজাৰ’ । ই মণিপুৰ ৰাজ্যৰ এখন  প্ৰধান বজাৰ হোৱাৰ লগতে ই এছিয়াৰ সৰ্ববৃহৎ মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰ।মণিপুৰী মহিলাৰ আত্মসন্মান আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰতীক  ইমা বজাৰ  ১৬ শ  শতিকাৰ পৰা (ব্ৰিটিছ  শাসনৰ আগতেই) স্থাপন হৈছিল । একমাত্ৰ মহিলা বিক্ৰেতাৰ দ্বাৰা পৰিচালিত এই বজাৰখন পৰিচালনা তথা নিৰাপত্তাৰ দায়িত্বও মহিলাৰ ওপৰত। বজাৰ খন ইয়াৰ বিক্ৰেতা সকলৰ এক সংঘৰ দ্বাৰা পৰিচালিত হয়।কেৱল বিবাহিতা বা এবাৰ বিয়া হোৱা মহিলা সকলক হে বিপনি স্থাপন  কৰিবলৈ অনুমতি দিয়াৰ এক ৰীতি মানি চলে।এই বজাৰ খন নাৰী শক্তি  সবলীকৰণ  আৰু  অৰ্থনৈতিক স্বাধীনতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।শতাধিক বছৰ পুৰণি এই বজাৰ খনত হাজাৰ -হাজাৰ  মহিলাই স্থানীয় সামগ্ৰী , বস্ত্ৰ আৰু খাদ্য বস্তু আদি বিক্ৰী কৰে।

মণিপুৰী মহিলা সকলৰ  অদম্য সাহস, কষ্ট সহিষ্ণুতা  আৰু  আত্মপ্ৰতিষ্ঠাৰ  জীৱন্ত  দলিল মহিলা বজাৰখন।ইমা বজাৰে ইয়াৰ   মহিলা সকলক অৰ্থনৈতিক  ভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে সমাজত  এক সুকীয়া স্থান প্ৰদান কৰিছে।ই কেৱল এক বাণিজ্যিক কেন্দ্ৰই নহয় বা হৈ থকা নাই, ই স্থানীয় অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা  পালন কৰাৰ লগতে মহিলা সকলৰ সাহসিকতা, নাৰী শক্তি , দৃঢ়তা  তথা কষ্টৰো নিদৰ্শন। পিতৃতান্ত্ৰিক  সমাজৰ মাজতো এই বজাৰে নাৰীৰ শক্তি  তথা তেওঁলোকৰ  গুৰুত্বপূৰ্ণ স্থিতি প্ৰতিফলিত কৰিছে।এই ঐতিহাসিক বজাৰখনে মণিপুৰৰ  পৰিয়াল সমূহক  অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাৰ লগতে  সমাজত মহিলাৰ ভূমিকা অধিক শক্তিশালী  কৰি তুলিছে।এই মহিলা বজাৰখন স্থানীয়  অৰ্থনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ  আৰু ই  এক সুস্থ সামাজিক অৰ্থনৈতিক পৰিৱেশৰো উদাহৰণ।স্থানীয় উৎপাদন আৰু গ্ৰাম্য অৰ্থনীতি  সবল কৰাত এই বজাৰখনৰ বিশেষ ভূমিকা আছে।সামাজিক সংহতি আৰু স্থিতিস্থাপকতা   প্ৰদান কৰা এই বিশেষ মহিলা বজাৰখনে মহিলা সকলক অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে এখন মঞ্চ আগবঢ়াইছে।এক কথাত ক’বলৈ গ’লে নাৰী শক্তিৰ সবল প্ৰতিচ্ছবি ইমা বজাৰ।নিজৰ সন্তানৰ শিক্ষা আৰু পৰিয়ালৰ আৰ্থিক ভেঁটি মজবুত কৰাৰ ক্ষেত্ৰত এই বজাৰ খনৰ বিশেষ ভূমিকা আৰু অৱদান  আছে।

শতিকা ধৰি মণিপুৰী মহিলা সকলক অৰ্থনৈতিক ভাবে স্বতন্ত্ৰ কৰি ৰখা এই বিশেষ বজাৰখনে বিভিন্ন প্ৰত্যাহ্বানৰ পিছতো ইয়াৰ অস্তিত্ব  ৰক্ষা কৰি আহিছে।মণিপুৰৰ মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক  বিকাশৰ  এক অনন্য উদাহৰণ ইমা বজাৰ। প্ৰায় ৫০০ বছৰীয়া প্ৰাচীন ইমা বজাৰ উত্তৰ -পূব  ভাৰতৰ নাৰীৰ  স্থিতিস্থাপকতা ,  আৰু ব্যৱসায়িক  দক্ষতাৰ  এক সজীৱ প্ৰমাণ , যিয়ে অৰ্থনৈতিক  অৱদানৰ লগতে  সামাজিক  পৰিৱৰ্তনৰ বাহক হিচাপে কাম কৰি আহিছে।