মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কেবিনেটে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনায়। সংবাদ মেলযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা ১ জানুৱাৰীৰ দিনা অসমত অষ্টম দৰমহা আয়োগ গঠন কৰিব বুলি ঘোষণা কৰিছিলোঁ। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক অধ্যক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাতুল মহন্তক সদস্য, বিত্ত, কৰ্মচাৰী আৰু ন্যায়িক বিভাগৰ আয়ুক্ত-সচিবক সদস্য হিচাপে লৈ এই অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে। ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সমান্তৰালভাৱে অসম চৰকাৰে অষ্টম দৰমহা আয়োগ আগুৱাই নিছে। অসমক বাদ দি ভাৰতৰ আন কোনো ৰাজ্যই এতিয়ালৈ অষ্টম দৰমহা আয়োগ গঠন কৰা নাই। এইক্ষেত্ৰত অসম অগ্ৰণী ৰাজ্য। সেইদৰে এই কেবিনেটে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা ভূমি আবণ্টন দিয়ে। একেদৰে শোণিতপুৰ, চৰাইদেউ আৰু চন্দ্ৰপুৰত জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টনৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনায়। আনহাতে কেবিনেটে জলজীৱন মিছনৰ বিভিন্ন আঁচনি সঠিকভাবে আগুৱাই নিয়াৰ বাবে অপাৰেচন এণ্ড মেইন্টেনেনছ পলিচীত অনুমোদন জনায়। এই পলিচী গ্রহণ কৰাৰ লগে লগে জলজীৱন মিছনৰ আঁচনিসমূহ আগবঢ়াই নিয়াৰ লগতে ঠিকাদাৰক আদায় দিবলগীয়া পুঁজি ভাৰত চৰকাৰৰ পৰা লাভ কৰাৰ পথ প্রশস্ত হ’ব। সেইদৰে ধেমাজি নগৰত ভূমি আবণ্টন কৰিলে ৰাজহ আইন অনুসৰি ৫ কিলোমিটাৰ পৰ্যন্ত ডেৰ কঠাতকৈ অধিক ভূমি আবণ্টন দিব নোৱাৰে। কেবিনেটে সেই ৰাজহ আইনৰ শিথিলতা কৰি নগৰখনৰ পৰা এক কিলোমিটাৰ অঞ্চল বাদ দি বাকী অঞ্চলত ৭ বিঘা পর্যন্ত ভূমি আবণ্টন দিয়াৰ পথ প্রশস্ত কৰে। সেইদৰে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট (আইআইএম)ৰ স্থায়ী চৌহদ স্থাপনৰ বাবে আজিৰ কেবিনেটে শিক্ষা প্রতিষ্ঠানটোক প্রয়োজনীয় ভূমি আবণ্টনৰ অনুমোদন দিয়ে। মন কৰিবলগীয়া এয়ে যে অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষা প্রতিষ্ঠানটোৰ অস্থায়ী চৌহদ আনুষ্ঠানিকভাৱে মুকলি কৰিব। উক্ত কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে ৭০০ কোটি টকা অনুমোদন দিয়ে।