দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত আগবঢ়োৱা সেৱাৰ স্বীকৃতি আৰক্ষী-সেনা জোৱানলৈ থিতাতে শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ পদক্ষেপ কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ

pc Pratidin Time

দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত আগবঢ়োৱা সেৱাৰ স্বীকৃতি আৰক্ষী-সেনা জোৱানলৈ থিতাতে শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ পদক্ষেপ কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু মাননীয় পৰিবহণ মন্ত্রী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত আৰক্ষী আৰু সেনা জোৱানৰ বিভিন্ন ক্ষেত্ৰৰ কৰ্মীলৈ থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১৫ আগষ্টত মহানগৰীৰ বেতকুছিস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসঙ্গত জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে এই কথা ঘোষণা কৰি কয় যে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ গৌৰৱোজ্জ্বল ৭৫ বছৰৰ ইতিহাসত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগতে আৰক্ষী আৰু সেনা জোৱানৰ ভূমিকা মন কৰিবলগীয়া। দেশৰ অখণ্ডতা, সার্বভৌমত্ব তথা শান্তি সম্প্ৰীতি বৰ্তাই ৰখাত আৰক্ষী-সেনা জোৱানৰ অৱদান অতুলনীয় আৰু উল্লেখযোগ্য ৷ সেয়েহে স্বাধীনতা দিৱসত এইসকল যোদ্ধাক অভিনন্দন জনাই পৰিবহণ বিষয়াগৰাকীয়ে কয় যে দেশত ক’ভিড মহামাৰীয়ে ভয়ানক ৰূপধাৰণ কৰাৰে পৰা নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তেওঁলোকে আমাক বিপদমুক্ত হৈ থাকিবলৈ সজাগ আৰু সচেতন কৰি সুৰক্ষা দি আহিছে। শেহতীয়াকৈ আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ কর্মীয়ে নানান ভাবুকি, প্রলোভন নেওচিও ড্ৰাগছ তথা মাদকদ্রব্য বিৰোধী অভিযানত জঁপিয়াই পৰি অসমক এখন নিচাৰ্মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আপ্রাণ চেষ্টা চলাইছে। সেয়েহে এইসকল একনিষ্ঠ যোদ্ধাই দেশ আৰু ৰাজ্যবাসীৰ সুৰক্ষালৈ আগবঢ়োৱা অৱদানৰ কৃতজ্ঞতা হিচাপে যিসকলৰ এতিয়াও গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নাই তেওঁলোকক আমি থিতাতে একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচাৰিছোঁ। উল্লেখ্য যে, অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীসকলক প্রথমে হোন্দা চেফটি ড্রাইভিং এডুকেছন চেণ্টাৰৰ সহযোগত পথ-সুৰক্ষা আৰু যান-বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সেই অনুসৰি অহা ১৭ আগষ্টৰপৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এমাহৰ বাবে প্ৰতিদিনে ১০ গৰাকীকৈ আবেদনকাৰীক যান-বাহনৰ যাৱতীয় জ্ঞান প্ৰদান কৰি থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰীসকল, অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্ৰমাণপত্ৰসহ “Parivahan Sewa” portal অথবা “http//sarathi.parivahan.gov.in/sarathi service”ত অনলাইনযোগে আৱেদন কৰিব লাগিব ৷ তদুপৰি অনলাইন আৱেদনৰ পিছত আৱেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ-পত্র দাখিল কৰিব লাগিব ৷