সাম্প্রদায়িক জাতিদ্রোহী কংগ্ৰেছ হৈছে কেৱল মিঞাৰ পাৰ্টী: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা কিছুদিনৰ পৰা কংগ্রেছ দলে অসমৰ মুখ্যমন্ত্ৰীয়ে সাম্প্রদায়িক ৰাজনীতি কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ দলক উভতি ধৰে। মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ পৰিৱৰ্তে কংগ্ৰেছেহে সাম্প্রদায়িক ৰাজনীতি আৰু জাতিদ্রোহী কাম-কাজ কৰি অহা বুলি মন্তব্য কৰি কয় যে বাংলাদেশৰ পৰা অহা মিঞাসকলক তুষ্টিকৰণ কৰা মানে সাম্প্রদায়িক ৰাজনীতি হয় নে নহয়? অসমীয়া মানেতো হিন্দু-মুছলমান সব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ। কংগ্রেছে সাম্প্রদায়িক ৰাজনীতি কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁলোকে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। সেই দৃষ্টিকোণৰ পৰা কংগ্ৰেছ সাম্প্রদায়িক আৰু জাতিদ্রোহী। মুখ্যমন্ত্রী ড° শর্মাই কয় যে আমিতো ভাল কামেই কৰি আছোঁ। এই কামৰ কাৰণে ৮০০জন শ্বহীদে জীৱন আহুতি দিছিল। এই কামৰ কাৰণেইতো বীৰ লাচিত বৰফুকনে হাতত হেংদাং লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তাইদি খোজ কঢ়াটো কেনেকৈ সাম্প্রদায়িক হ’ব পাৰে? যিসকলে এইবিলাক কৈ আছে সেইবিলাকে অসমত অহা কেইদিন হ’ল বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তেওঁলোকৰতো দেউতাক-মাকৰ জন্মই বাংলাদেশত। তেওঁলোকে এতিয়া কয়- হিমন্ত বিশ্ব শর্মা সাম্প্রদায়িক। মই শ্বহীদৰ আধৰুৱা কৰি যোৱা কামখিনি পূৰণ কৰিবৰ চেষ্টা কৰিছোঁ। সেইকাৰণে মই সাম্প্রদায়িক? তেতিয়া হ’লেতো বীৰ লাচিত বৰফুকনো সাম্প্রদায়িক হ’ব। কাৰণ তেওঁ মোগলক খেদিছে। ময়ো মোগলক খেদিব খুজিছোঁ। মই যদি সাম্প্রদায়িক হওঁ, অসমীয়া কোনো মানুহ বাচিয়েই নাথাকিব আৰু ২০ বছৰৰ পাছত। মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁলোকে ২৬ লাখ বিঘা মাটি দখল কৰি লৈছিল। এনে অৱস্থাত কেনেকৈ জাতিটো জীয়াই থাকিব? সেয়ে কংগ্রেছে এইবিলাক কথা কৈ লাভ নাই। অসমৰ মানুহ আমাৰ লগত আছে। কংগ্রেছ হৈছে অকল মিঞাৰ পাৰ্টী বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইবাৰতো মিঞাক বাদ দি কোনো বেলেগ মানুহে কংগ্রেছক ভোট নিদিয়ে। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে সাজু হৈ আছে। মিঞা পার্টীক আৰু অসমত আহিব নিদিয়ে। এনেদৰে যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ, আমাৰ অসমখন সুৰক্ষিত হ’ব। ২ লাখ বিঘা মাটি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিছোঁ। হাইলাকান্দিত আঢ়ৈ হাজাৰ বিঘা মাটিত উচ্ছেদ চলি আছে। মুখ্যমন্ত্রী ড° শৰ্মাৰ স্পষ্ট কথা- আমাৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। ইফালে ইণ্ডিয়া টুডে’-চি ভোটাৰৰ সমীক্ষাত কংগ্ৰেছে মুছলমানৰ ভোট পাব বুলি উল্লেখ কৰাৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে সিমান নাপায়। কিন্তু মিঞাসকলৰ ভোট কংগ্ৰেছে নিশ্চিতভাৱে পাব। কিমান শতাংশ পাব-নাপাব আজিয়েই কোৱাটো দিগদাৰ। নিৰ্বাচনৰ সময়ত দেখা পাম।
