ভিন্ন মানুহৰ মানসিক স্থিতি ভিন্ন
প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা
গুৱাহাটী
(১)
আমাৰ সমাজত বাস কৰা মানুহৰ মানসিক স্থিতিৰ বুজ লোৱাটো আমাৰ বাবে অতিকৈ প্ৰয়োজন ৷ বৰ্তমান সময়ত ব্যস্ততাৰ দোহাই দি আমিবোৰ আপোন মানুহবোৰৰ পৰা আঁতৰি থাকি ভালপোৱা হৈছোঁ ৷ সৰু-ডাঙৰ সকলো মানুহৰ বৰ্তমান সংগী হৈ পৰিছে লেপটপ, মোবাইল, ইলেক্ট্ৰনিক আহিলাবোৰ ৷ ছ’ছিয়েল মেডিয়াৰ প্ৰয়োভৰত ধাৰাসাৰী বৰ্তমানৰ মানৱ সমাজ ৷ আমি সামাজিক প্ৰাণী ৷ সমাজত বাস কৰা মানুহে মানুহৰ সংগ ত্যাগ (সকলো মানুহ নহয় কিন্তু) কৰি ভালপোৱা মানুহৰ মানসিকতাক আমি কি বুলি ক’ম ? ই এক জটিল প্ৰশ্ন৷
মানুহৰ মানসিক স্থিতিৰ বুজ ল’বলৈ হাবিয়াস কৰা মানুহ মই ৷ সেই হেতুকে আমি মানুহৰ সংগ ভাল পাওঁ ৷ ভিন্ন মানুহৰ মাজত থাকি আমি মানুহৰ মনৰ ভাব বুজিবলৈ চেষ্টা কৰোঁ ৷ কথা পাতোঁ বিভিন্ন মানুহৰ সৈতে ৷ তেখেতসকলৰ মনৰ ভিতৰৰ আৱেগবোৰ অধ্যয়ন কৰোঁ ৷ আমাৰ লেখাৰ মুল বিষয় হৈছে- “ভিন্নজনৰ মানসিকস্থিতি ভিন্ন “ ৷ কিছুমান মানুহৰ মানসিক স্থিতিৰ বিষয়ে আমি কিছু আভাস দিবলৈ যত্নপৰ হৈছোঁ ৷
*** প্ৰথমতে আমি কিছুমান মানুহ ( পুৰুষ অথবা মহিলা) লগ পাইছোঁ , যিসকলৰ অন্তৰখন অত্যন্ত কোমল , সৎ স্বভাৱৰ হয় লগতে মৰম আকলুৱা মনৰ হয় ৷ সেইসকল মানুহৰ খং কম হয় ৷ অনাহকত খং নুঠিলেও কিন্তু এইচাম মানুহৰ আশেপাশে খেলিমেলি পৰিস্থিতিৰ সন্মুখীন হ’লে খঙত কেতিয়াবা আত্মহাৰা হৈ পৰে ৷ লগতে সেইসকল মানুহে মানুহক সহজতে বিশ্বাসত লয় ৷ মানুহক প্ৰথম অৱস্থাতে যথেষ্ট ভাল মানুহ বুলি বিশ্বাসত লয়৷ কিন্তু এনে শ্ৰেণীৰ মানুহে মানুহৰ পৰা ঠগ খায় ৷ জীৱনত বেছিভাগ সময় মানুহৰ পৰা দুখ পায় ৷ এনে শ্ৰেণীৰ মানুহৰ সৰল স্বভাৱটোক মানুহে তেওঁলোকৰ দুৰ্বলতা বুলি ভাবে ৷ এই শ্ৰেণীৰ মানুহে আন মানুহক সদায় সন্মান জনায় লগতে আনক সহায় কৰিবলৈ তৎপৰ থাকে ৷ কিন্তু ভিন্ন সময়ত এই শ্ৰেণীৰ মানুহে মানুহৰপৰা ঠগ-প্ৰবঞ্চনাৰ বলি হয় ৷ যাৰ ফলত এই শ্ৰেণীৰ মানুহে মনত প্ৰায়ে আঘাত পায় ৷
*** এচাম মানুহ আছে যিসকল মানুহ মানসিকভাৱে সবল আৰু প্ৰক্টিকেল , সৎ মানসিকতাৰ মানুহ ৷ এইসকল মানুহে আনৰ উপকাৰ কৰি ভাল পায় ৷ সৎ মনেৰে বিনাস্বাৰ্থত মানুহক প্ৰয়োজনত সহায় কৰে ৷ এই শ্ৰেণী মানুহে আনে ভাল কোৱা অথবা আনে বেয়া কোৱা কথাবোৰত গুৰুত্ব নিদিয়ে ৷ মাথোঁ সমাজৰ বাবে মানুহৰ প্ৰয়োজনত সহায়ৰ হাত আগবঢ়াই যায় ৷
*** এচাম মানুহ আছে প্ৰক্টিকেল মনৰ মানুহ মানুহ ৷ নিজে ভবা কথাবোৰ শুদ্ধ বুলি ভাবে ৷ আনৰ ভুলবোৰ আঙুলিয়াই দি ভাল পায় ৷ এনেচাম মানুহে অৱশ্যে নিজেও শুদ্ধ পথত থাকি ভাল পায় ৷ আনকো শুদ্ধ পথত থাকি ভাল কাম কৰিবলৈ সদায়েই উৎসাহ যোগায় যায় ৷
(আগলৈ)
